অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে

Story by  atv | Posted by  [email protected] • 1 Years ago
শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰ, তেজস্বী যাদৱ
শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰ, তেজস্বী যাদৱ
পাটনা
 
পাটনাস্থিত ৰাজ ভৱনত বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে অষ্টমবাৰৰ বাবে শপত গ্ৰহণ কৰে বৰ্ষীয়ান নেতা নীতিশ কুমাৰে। ইফালে, আৰ জে ডিৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

বিহাৰত হঠাতে  সংঘটিত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ এদিন পিছতে আজি নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নীতিশে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জনতা দল-ইউনাইটেড (জেডি-ইউ)ৰ মিত্ৰতা ভংগ কৰে আৰু তেজস্বী যাদৱক লগত লৈ নতুন মহাজোঁট গঠন কৰাৰ কথা ঘোষণা কৰে। নীতিশৰ মিত্ৰজোঁটৰ সৈতে তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ লগতে কংগ্ৰেছ আৰু বাওঁপন্থী দলকে ধৰি অন্যান্য বিৰোধী দলসমূহো আছে।
 
শপত গ্ৰহণ অনুষ্ঠানত আৰ জে ডিৰ তেজস্বী যাদৱ আৰু তেওঁৰ পত্নী ৰাজশ্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু আৰজেডি নেতা তেজ প্ৰতাপ যাদৱে অংশগ্ৰহণ কৰে।
ইফালে, অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা জেডি(ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত অনায়াসে জয়ী হৈছিল যদিও তেওঁ ২০২৪ চনৰ নিৰ্বাচনৰ বিষয়ে চিন্তা কৰা উচিত। ৰাজ্যপাল ফাগু চৌহানৰ দ্বাৰা শপত গ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কুমাৰে বিজেপিৰ এই দাবীক অস্বীকাৰ কৰে যে নতুন চৰকাৰে ইয়াৰ সম্পূৰ্ণ কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰিব। 
তেওঁ কয়, ‘২০১৪ চনত যিসকলে ক্ষমতালৈ আহিছিল, তেওঁলোকে ২০২৪ চনত বিজয়ী হ’বনে? ২০২৪ চনৰ বাবে সকলো (বিৰোধী) ঐক্যবদ্ধ হোৱাটো বিচাৰিম, অৱশ্যে মই প্ৰধানমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী নহয়।’-কুমাৰে কয়।