আন ধৰ্ম গ্ৰহণ কৰাসকলে সংৰক্ষণ দাবী কৰিব নোৱাৰেঃমাদ্ৰাজ উচ্চ ন্যায়ালয়

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

চেন্নাই

শনিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিকয় যে কোনো ব্যক্তিয়ে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পিছত জাতিৰ ভিত্তিত সংৰক্ষণ দাবী কৰিব নোৱাৰে। ন্যায়াধীশ জি.আৰ. স্বামীনাথন নেতৃত্বাধীনমাদ্ৰাজ উচ্চন্যায়ালয়ৰএখন বিচাৰপীঠে ইছলাম ধৰ্ম গ্ৰহণ কৰা অতি পিছপৰা সম্প্ৰদায়ৰ এজন হিন্দু লোকৰ আবেদন খাৰিজ কৰি এই আদেশ দিয়ে।

উল্লেখ্য যে,আবেদনকাৰীয়ে ৰাজ্য চৰকাৰৰ চাকৰিত জাতিভিত্তিক সংৰক্ষণৰ ব্যৱস্থাবিচাৰিছিল।তেওঁকৈছিল যে তেওঁ ২০০৮ চনৰ মে মাহত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলআৰু ২০১৮ চনত তামিলনাডু সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

তেওঁ এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল আৰু অনুসন্ধানৰ পিছত তেওঁ জানিব পাৰিছিল যে তেওঁক সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল। তেওঁ দাবী কৰিছিল যে তেওঁক পিছপৰা শ্ৰেণীৰ মুছলমান শ্ৰেণী হিচাপে গণ্য কৰা উচিত। তেওঁ আৰু কৈছিল যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁৰ মৌলিক অধিকাৰ প্ৰয়োগ কৰিছিল।

উল্লেখ্য যে, তামিলনাডু চৰকাৰে কিছুমান মুছলমান শ্ৰেণীক আটাইতকৈ পিছপৰা শ্ৰেণীৰ সম্প্ৰদায় হিচাপে গণ্য কৰে।