শীতৰ এটি সুন্দৰ ৰাতিপুৱাত জিকিৰে আনিলে সমন্বয়ৰ বাৰ্তা

Story by  atv | Posted by  Munni Begum • 1 Years ago
অসমীয়া চৈয়দ কল্যান ন্যাসৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ জিকিৰ কৰ্মশালা অনুষ্ঠান
অসমীয়া চৈয়দ কল্যান ন্যাসৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ জিকিৰ কৰ্মশালা অনুষ্ঠান
আৰিফুল ইছলাম / গুৱাহাটী
 
দেশৰ ভিন্ন প্ৰান্তত হিন্দু-মুছলমানৰ মাজত ধৰ্মীয় বিভেদৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে গুৱাহাটীত অসমীয়া চৈয়দ কল্যান ন্যাসে জিকিৰ কৰ্মশালা অনুষ্ঠিত কৰি বিভিন্ন জাতি-ধৰ্মৰ মাজত মিলাপ্ৰীতিৰ এক অন্যতম উদাহৰণ দাঙি ধৰিছে। অসমীয়া চৈয়দ কল্যান ন্যাসৰ দ্বিতীয় বৰ্ষপূৰ্তি  উপলক্ষে গুৱাহাটীৰ দিছ্পুৰৰ পি ডব্লিউ ডি প্ৰেক্ষাগৃহত জিকিৰ কৰ্মশালা অনুষ্ঠিত কৰে। অনুষ্ঠানটোৰ মাজতে হিন্দু মহিলাৰ দল এটাই জিকিৰ পৰিবেশন কৰে। যিয়ে অনুষ্ঠানটোৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ লগতে অসমৰ চহকী একতা-সম্প্ৰীতিৰো এক বিৰল নিদৰ্শন দাঙি ধৰিছে।
 
অসমীয়া চৈয়দ কল্যান ন্যাসৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো এইবাৰ 'আজান পীৰ মহোৎসৱ' হিচাপে পালন কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সমাজকৰ্মী চৈয়দা আছিয়া খাতুন আৰু কবি, লেখক চৈয়দ আহমদ শ্বাহৰ (মঞ্জু) সোঁৱৰণত ৪ ডিচেম্বৰত জিকিৰৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণৰ বাবে উজনি অসমৰ নাজিৰা, শিৱসাগৰ, গোলাঘাট, যোৰহাট, দৰং আৰু কামৰূপ জিলাৰ বহু লোক সমবেত হয়। কৰ্মশালাত প্ৰশিক্ষণ দিবলৈ ৬ গৰাকীকৈ প্ৰশিক্ষক আহিছে। 
 
 
তেওঁলোক হ'লঃ শিৱসাগৰৰ অনাতাঁৰ শিল্পী বাবুল আলী, গোলাঘাটৰ প্ৰয়াত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সহ-শিল্পী মকিবুৰ ৰহমান, নাহৰণিৰ তফজ্জুল আহমেদ আৰু জেহৰুল হক, দৰঙৰ ইনামূল হক আৰু গুৱাহাটীৰ জিয়াউৰ ৰহমান।
অনুষ্ঠানটোত জিকিৰ পৰিবেশ কৰা হেমলতা চেতিয়া গগৈয়ে কয়; "জিকিৰৰ লগত মোৰ সৰুৰে পৰাই সম্পৰ্ক আছে। স্কুলত পঢ়ি থকাৰ পৰাই জিকিৰ পৰিবেশন কৰোঁ। মই দিগবৈত জন্মগ্ৰহণ কৰিছোঁ। সৰুৰে পৰা জিকিৰৰ এটা ভাল পৰিবেশ পাই আহিছোঁ আৰু আমাৰ বন্ধুবৰ্গ অধিকাংশই মুছলমান। গুৱাহাটীত অহাৰ পিছত আজিয়ে প্ৰথমবাৰৰ বাবে জিকিৰ পৰিবেশন কৰিছোঁ। জিকিৰে সদায় আমাক সমন্বয়ৰ কথা শিকায়। গতিকে সদায় আমি একেলগে মিলি থাকিব লাগে। কোনোধৰণৰ জাতিভেদ আমি ৰাখিব নালাগে। জাতিভেদ ৰাখিলে আমাৰ পৃথিৱীখন ধ্বংসৰ পথলৈ গতি কৰিব বুলি মই ভাবোঁ।"
অনুষ্ঠানটোত জিকিৰ পৰিবেশন কৰা আন এগৰাকী শিল্পী ৰঞ্জুমনি কোঁৱৰ দাসে কয়; "জিকিৰৰ উপৰিও আমি বিভিন্ন অনুষ্ঠান পৰিবেশন কৰোঁ। জিকিৰ পৰিবেশন কৰি আমাৰ বহুত ভাল লাগে। জিকিৰৰ কথাবোৰ আমাৰ অন্তৰৰ পৰা ওলাই। জিকিৰৰ যিখিনি সমন্বয়ৰ বাৰ্তা আমাৰ সকলোৱে লোৱা উচিত। হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন জিকিৰৰ মাজতে প্ৰকাশ পায়। জিকিৰ পৰিবেশন কৰি থকাৰ সময়ত  অৰ্থখিনিৰ ভিতৰত সোমাই যাব বিচাৰো।"
 
হিন্দু মহিলা শিল্পীয়ে জিকিৰ পৰিবেশন কৰা মুহূৰ্তত
 
ইফালে, অনাতাঁৰ তথা জিকিৰ শিল্পী বাবুল আলীয়ে কয়; "আজান পীৰ চাহেবে আমাক দেখুৱাই থৈ যোৱা সমন্বয়, ভাতৃত্ববোধ একতাৰ এনাজৰী আজি ইয়াত প্ৰদৰ্শিত হ'ল। হিন্দু সম্প্ৰদায়ৰ মহিলা কেইগৰাকীয়ে ইমান সুন্দৰকৈ জিকিৰ প্ৰদৰ্শন কৰিলে আমাৰ খুব ভাল লাগিল আৰু অন্তৰ চুই গ'ল। লগতে প্ৰমাণিত হ'ল এইখন যেন শংকৰ-আজানৰ দেশ। লগতে, এনেধৰণৰ কৰ্মশালা সময়ে-সময়ে অনুষ্ঠিত হৈ থাকিব লাগে। এই কৰ্মশালাসমূহে জিকিৰৰ প্ৰচাৰ-প্ৰসাৰ উৎকৃষ্ট ৰূপত দাঙি ধৰে। কিন্তু এই কৰ্মশালাসমূহ কেৱল গুৱাহাটীতেই সীমাবদ্ধ হৈ থাকিলে নহ'ব। অসমৰ প্ৰত্যেকখন জিলাত এনে কৰ্মশালা অনুষ্ঠিত হোৱাৰ দৰকাৰ।"
 
অনুষ্ঠানৰ মাজৰ এক মুহূৰ্ত
 
বিশিষ্ট উপন্যাসিক আৰু কবি মণিকুন্তলা ভট্টাচাৰ্য্যই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কয় যে এনে কৰ্মশালাবোৰে সমাজত ভাল প্ৰভাৱ পেলায়। যিবোৰ গীতত মাটিৰ গোন্ধ পোৱা যায়, তেনে থলুৱা গীত-মাতবোৰ কেতিয়াও বিলুপ্ত নহয়। সময়ে সময়ে নতুন নতুন গীত আহি থাকিব, গৈ থাকিব, কিন্তু এই প্ৰাচীন থলুৱা গীত-মাতসমূহ নোহোৱা কৰিব নোৱাৰি। আজিৰ কৰ্মশালাখন খুব ইতিবাচক হৈছে। সময়ে সময়ে এনেকুৱা কাৰ্যসূচী হৈ থকাটো আশা কৰিছো।
 
উল্লেখযোগ্য যে, অসমীয়া চৈয়দ কল্যান ন্যাসৰ প্ৰথম বৰ্ষপূৰ্তিতো কটন বিশ্ববিদ্যালয়ত জিকিৰ কৰ্মশালাৰ আয়োজন কৰিছিল। এইবাৰৰ জিকিৰ কৰ্মশালাখনত অসমীয়া মুছলমানৰ উপৰিও বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে। জিকিৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া চৈয়দ কল্যান ন্যাসে অবিৰত চেষ্টা কৰি আহিছে। শেহতীয়া কিছু কিছু কৰ্মশালাৰ অনুষ্ঠানত নৱ প্ৰজন্মৰ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি পাইছে আৰু এইটো আজান পীৰে ৰচনা কৰা জিকিৰৰ বাবে এক ইতিবাচক খবৰ।