২০ আগষ্টত বানত ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়ালক দিব ক্ষতিপূৰ্ণ

Story by  atv | Posted by  [email protected] • 1 Years ago
২০ আগষ্টত বানত ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়ালক দিব ক্ষতিপূৰ্ণ
২০ আগষ্টত বানত ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়ালক দিব ক্ষতিপূৰ্ণ
গুৱাহাটী
 
অহা ২০ আগষ্টত ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে পাব ক্ষতিপূৰ্ণ। কালি দিছপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 
 
 
কেবিনেট বৈঠকৰ পিচতেই জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে ৰাজ্যৰ শেহতীয়া বানত সম্পূর্ণরূপে বা বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল মুঠ ৫,৫৩২টা ঘৰ। ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে বা বেয়াকৈ ক্ষতিগ্রস্ত হোৱা এই ৫,৫৩২ টা ঘৰৰ ক্ষেত্ৰত প্ৰতিটোৰ বিপৰীতে পার্বত্য এলেকাৰ বাবে ১,০১,৯০০ টকাকৈ আৰু ভৈয়াম অঞ্চলৰ ঘৰৰ বাবে ৯৫,১০০ টকাকে সংশ্লিষ্ট পৰিয়ালক প্ৰদান কৰিব। ইয়াৰ বাবে চৰকাৰৰ বায় হ'ব ৫৩.৩০ কোটি টকা। 
সেইদৰে আংশিকভাৱে ক্ষতিগ্রস্ত ৩৫,৬৩৫ টা পকীবৰৰ ক্ষেত্ৰত প্ৰতিটো ঘৰৰ বিপৰীতে ৫,২০০ টকা, ১,৫১,৭৭৪ টা কেঁচা ঘৰৰ প্ৰতিটো ঘৰৰ বিপৰীতে ৩২০০ টকাকৈ প্ৰদান কৰা হ'ব। আনহাতে সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত হোৱা ৩১১৬ টা জুপুৰি ঘৰৰ ক্ষেত্ৰত প্ৰতিটো ঘৰৰ বিপৰীতে ৪,১০০ টকাকৈ, ৮৭৫৯টা গোহালি ঘৰৰ প্ৰতিটো ঘৰৰ বিপৰীতে ২১০০ টকাকৈ প্ৰদান কৰা হ'ব। অহা ২০ আগষ্টত প্ৰতিটো পৰিয়ালে নিজৰ নিজৰ বেংক একাউণ্টত এই ধন লাভ কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ বায় হ'ব ১২৩ কোটি ৫৯ লাখ ৫৭ হেজাৰ ৭০০ টকা। 
 
কালিৰ কেবিনেটে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ সহায়ক হোৱাকৈ আছাম লজিষ্টিক পলিচী ২০২২ত অনুমোদন জনায়। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত থকা সহকাৰী বিডিঅ সকলে এতিয়াৰে পৰা ১৫ বছৰৰ পৰিবৰ্তে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰিলেই বিডিঅ' হিচাপে পদোন্নতি লাভ কৰিব। কেবিনেটে আজি এই সম্পর্কীয় এক প্রস্তাৱত অনুমোদন জনায়।