ৰাজীৱ ভট্টাচার্যৰ গ্ৰন্থ 'আলফা, দ্য মিৰাজ অব ডন'ৰ বেটুপাত আৰু আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা
গুৱাহাটী
নব্বৈৰ দশকত আলফাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও উগ্রপন্থী সংগঠনে কৰি অহা সশস্ত্ৰ সংগ্ৰামৰ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যৰ 'আলফা, দ্য মিৰাজ অব ডন' শীর্ষক গ্রন্থখনত। এই গ্ৰন্থখন শনিবাৰে নতুন দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়া চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত উন্মোচন কৰা হয়।
১৯৯১ চনৰ পৰা ২০০৪ চনলৈকে আলফা, এন ডি এফ বি, পি এল এ আৰু এ টি টি এফৰ শতাধিক সদস্যই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আৰু দেশখনৰ সামৰিক বাহিনীৰ পৰা প্রশিক্ষণ লাভ কৰিছিল। একাংশ আলফা নেতৃত্বই পৰৱৰ্তী সময়ত পাকিস্তানৰ সেনাপ্রধান হোৱা লেফটেনেন্ট জেনেৰেল আছফাক পাৰভেজ কায়ানিৰ সাক্ষাৎ লাভ কৰাৰ দৰে বহু চাঞ্চল্যকৰ তথ্য ৰাজীৱ ভট্টাচাৰ্যৰ শীৰ্ষক গ্ৰন্থখনত প্ৰকাশ পাইছে।
কমেও দুবাৰকৈ পৰেশ বৰুৱাৰ সাক্ষাৎ লাভ কৰা ভট্টাচাৰ্যৰ এই গ্ৰন্থখনত প্রকাশ পোৱামতে ভূটানৰ তদানীন্তন ৰজা জিগমে সিংঘে বাংচুকে ১৯৯৯ আৰু ২০০২ চনত দুবাৰকৈ দেশখনত থকা আলফা শিবিৰ ভ্ৰমণ কৰি উগ্রপন্থী সংগঠনটোৰ শিবিৰ ভূটানৰ পৰা আন কোনো ঠাইলৈ স্থানান্তৰিত কৰাৰ অনুৰোধ জনাইছিল। ভূটানৰ ৰজাইও আলফাক আর্থিকভাৱেও সহায় কৰাৰ প্রস্তাৱ আগবঢ়াইছিল।
ৰাজীৱ ভট্টাচার্যৰ 'আলফা, দ্য মিৰাজ অব ডন' উন্মোচনৰ এক দৃশ্য
ইয়াৰ পিচত ২০০৩ চনত ভাৰতীয় সেনাৰ অপাৰেচন অল ক্লিয়াৰৰ প্রাকমুহূর্ততো জিগমে সিংঘে বাংচুকে দেশখনত থকা এন ডি এফ বিৰ শিবিৰ ভংগ কৰি ভিন্ন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবেও আবেদন জনাইছিল। গ্রন্থখনত উল্লেখ কৰামতে অসম আৰক্ষীৰ বিশেষ শাখাই পৰেশ বৰুৱাক বাংলাদেশত কমেও তিনিবাৰ হত্যা কৰাৰ চেষ্টা কৰিছিল। চতুর্থবাৰ কোনো অজ্ঞাত ব্যক্তিয়ে ঢাকাত বৰুৱাৰ ওপৰত আক্রমণ কৰিছিল। কিন্তু প্রতিবাৰে পৰেশ বৰুৱাই পলায়ন কৰিবলৈ সক্ষম হৈছিল।
লেখক ভট্টাচার্যই দাবী কৰামতে বাংলাদেশৰ চোৰাংচোৱা ডি জি এফ আয়ে এবাৰ পৰেশ বৰুৱা আৰু তেওঁৰ এজন সহযোগীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে দুমাহৰ বাবে কাৰাবন্দী অৱস্থাত আছিল। পাচত অনশন ধর্মঘট কৰি তেওঁলোকে মুক্তিলাভ কৰা বুলি গ্রন্থখনত প্ৰকাশ কৰা হৈছে। একেদৰে আলোচনাবিৰোধী এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীয়েও ঢাকা বিমান বন্দৰত গ্রেপ্তাৰ হৈ তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছিল যদিও ৰহস্যজনকভাৱে তেওঁক এৰি দিয়া হয়।
ভট্টাচার্যৰ গ্রন্থখনত উল্লেখ কৰা হৈছে যে আলফাই বাংলাদেশৰ পৰা পশ্চিমবংগ সীমান্তৰে মাওবাদী সংগঠন চি পি আই (মাওবাদী)ক অস্ত্র আৰু বিস্ফোৰক যোগান ধৰিছিল। প্ৰয়াত মাওবাদী নেতা কিষেণজীয়ে স্বয়ং পৰেশ বৰুৱাক সাক্ষাৎ কৰি এই 'চুক্তি' চূড়ান্ত কৰিছিল। গ্রন্থখনত প্ৰকাশ পোৱা আন এটা চাঞ্চল্যকৰ বিষয় হৈছে, ২০০৯ চনৰ ২৪ মার্চত এখন অসমীয়া বাতৰি কাকতৰ সাংবাদিক-সম্পাদক অনিল মজুমদাৰৰ হত্যাকাণ্ডৰ আঁৰত আছিল ৰাজ্যৰ এজন প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান।
প্ৰতিনিধিত্বমূলক ছবি
আত্মসমর্পণকাৰী আলফা (ছালফা) এজনক ভাড়া কৰি মজুমদাৰক হত্যা কৰা হৈছিল। ইয়াৰ দুসপ্তাহ পাচত কোনো প্রমাণ নাৰাখিবলৈ হত্যাকাৰী ছালফাজনক হত্যা কৰাৰ বাবে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধানজনে পুনৰ আন এজন ছালফা নেতাক ভাড়া কৰিছিল বুলি গ্রন্থখনত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ মাহেকীয়া বার্তালাপ অনুষ্ঠান হিচাপে আয়োজিত এই গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰা ম্যানমাৰৰ প্রাক্তন ভাৰতীয় ৰাষ্ট্রদূত ৰাজীৱ ভাটিয়া আৰু ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন পৰামর্শদাতা তথা অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল দীপাংকৰ বেনাৰ্জীয়ে সংঘাত সন্দর্ভত তেওঁলোকৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে।
জ্যেষ্ঠ সাংবাদিক তথা 'ইয়াৰ ডিজিমিডিয়া'ৰ চিই অ' গৌৰৱ চৌধুৰীয়ে আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে আলফাৰ প্ৰাক্তন কমাণ্ডাৰ তথা বৰ্তমানৰ সাংসদ নৱ শৰণীয়া। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিচত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত লেখক ৰাজীৱ ভট্টাচার্যই দাবী কৰিছে যে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা কেতিয়াও শান্তি আলোচনালৈ নাহে। বৰুৱাৰ অবর্তমানত তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চীনত নিৰুদ্দেশ হোৱা বৰুৱাৰ ককায়েকৰ পুত্রই বিদ্রোহী সংগঠনটোৰ ভৱিষ্যতত নেতৃত্ব প্রদান কৰিব পাৰে। ইয়াৰ বাবে দুয়োকে ম্যানমাৰৰ কোনো গোপন ঠাইত প্রশিক্ষণ প্রদান কৰি থকা হৈছে বুলি ভট্টাচার্যই ধাৰণা ব্যক্ত কৰিছে।