শিক্ষাৰ্থীৰ পঞ্জীয়নৰ সংশোধনীৰ বাবে ২৫ জুনৰ পৰা কাৰ্যকৰী হ'ব পাৰ্টেল

Story by  atv | Posted by  [email protected] • 1 Years ago
শিক্ষাৰ্থীৰ পঞ্জীয়নৰ সংশোধনীৰ বাবে ২৫ জুনৰ পৰা কাৰ্যকৰী হ'ব পাৰ্টেল
শিক্ষাৰ্থীৰ পঞ্জীয়নৰ সংশোধনীৰ বাবে ২৫ জুনৰ পৰা কাৰ্যকৰী হ'ব পাৰ্টেল
গুৱাহাটী
 
২০২১-২২ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে অহা ২৫ জুনৰ পৰা ১৫ জুলাইলৈকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনলাইন প'ৰ্টেলযোগে শুধৰাব পাৰিব তেওঁলোকৰ পঞ্জীয়নত থকা আসোঁৱাহ। 
 
 
২০২১-২২ বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নত আসোঁৱাহ আছে, সেয়া শুধৰোৱাৰ বাবে অহা ২৫ জুনৰ পৰা ১৫ জুলাইলৈকে কাৰ্যকৰী হ'ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনলাইন প'ৰ্টেল। কালি এক জাননীযোগে এই কথা সদৰী কৰিছে সংসদৰ সচিবে। সংশ্লিষ্ট সকলোকে উল্লিখিত সময়ছোৱাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ www.ahsec.assam.gov.in শীর্ষক ৱেবছাইটত গৈ প্রয়োজনীয় সংশোধনী বিচাৰিবলৈ অনুৰোধ জনোৱা হৈছে। 
 
অনলাইন পঞ্জীয়ন সংশোধনীৰ আবেদন মাচুল হিচাপে প্ৰতিগৰাকী শিক্ষার্থীয়ে এশ টকাকৈ দিব লাগিব বুলিও উল্লেখ কৰা হৈছে জাননীখনত।