ৰাজকোট গাৰ্বা স্থানত অৰবিন্দ কেজৰিৱালক প্লাষ্টিকৰ পানীৰ বটল নিক্ষেপ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
কেজৰিৱালৰ ওপৰত নিক্ষেপ কৰা প্লাষ্টিকৰ বটলটো
কেজৰিৱালৰ ওপৰত নিক্ষেপ কৰা প্লাষ্টিকৰ বটলটো
ৰাজকোট
 
গুজৰাটৰ ৰাজকোটৰ গৰ্বা মঞ্চ এখনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত প্লাষ্টিকৰ পানীৰ বটল এটা নিক্ষেপ কৰাৰ ভিডিঅ’ দেখা গৈছে।
 
খোদালধাম মন্দিৰৰ গাৰ্বা মঞ্চত শনিবাৰে নিশা সেই সময়ত আম আদমী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে নিজৰ দলীয় কৰ্মীসকলৰ সৈতে কথা-বতৰা পাতি ব্যস্ত হৈ আছিল।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিনীয়াকৈ গুজৰাট ভ্ৰমণ কৰিছিল। শেহতীয়াকৈ অতীতত তেওঁৰ বহুতো গুজৰাট ভ্ৰমণৰ ভিতৰত এয়া আছিল অন্যতম।
ডিচেম্বৰ মাহত ক্ষমতালৈ আহিলে আম আদমী পাৰ্টিয়ে প্ৰতিখন গাঁৱতে চৰকাৰী বিদ্যালয় নিৰ্মাণ কৰি কচ্চ জিলাৰ প্ৰতিটো চুকে-কোণলৈ নৰ্মদাৰ পানী যোগান ধৰিব বুলি অৰবিন্দ কেজৰিৱালে এক সভাত প্ৰকাশ কৰে।
 
কেজৰিৱালে লগতে কয় যে তেওঁৰ দলটোৱে ক্ষমতালৈ আহিলে গুজৰাটৰ ৩৩খন জিলাৰ প্ৰতিখনতে চৰকাৰী চিকিৎসালয় নিৰ্মাণ কৰি মানুহক বিনামূলীয়া আৰু মানদণ্ডৰ চিকিৎসা প্ৰদান কৰিব।