অসমৰ বান সমস্যা দূৰ কৰিবলৈ চৰকাৰে নিৰন্তৰ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 Years ago
অগ্ৰদূত বাতৰি কাকত গোষ্ঠীৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ
অগ্ৰদূত বাতৰি কাকত গোষ্ঠীৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ

গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ অগ্ৰদূত বাতৰি কাকত গোষ্ঠীৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। অগ্ৰদূতৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও অনুষ্ঠানটোত উপস্থিত আছিল।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ‘অসমীয়া ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ বলিষ্ঠ কণ্ঠ’ দৈনিক অগ্ৰদূতক এই উপলক্ষে অভিনন্দন জনোৱাৰ লগতে সাংবাদিকতাৰ মাধ্যমেৰে ঐক্য আৰু সম্প্ৰীতিৰ মূল্যবোধক জীয়াই ৰখাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে কনক সেন ডেকাৰ নিৰ্দেশনাত অগ্ৰদূতে সদায় জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে। আনকি জৰুৰীকালীন পৰিস্থিতিৰ সময়তযেতিয়া গণতন্ত্ৰৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ সংঘটিত হৈছিল, তেতিয়াও অগ্ৰদূত আৰু ডেকা মহোদয়ে সাংবাদিকতাৰ মূল্যবোধৰ সৈতে আপোচ কৰা নাছিল। তেওঁ মূল্যভিত্তিক সাংবাদিকতাৰ এক নতুন প্ৰজন্মৰ সৃষ্টি কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে সহানুভূতি প্ৰকাশ কৰে যে বিগত কিছুদিন ধৰি অসমেও বানপানীৰ ৰূপত বৃহৎ প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হৈছে। অসমৰ বহু জিলাত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈছে। মুখ্যমন্ত্রী আৰু তেওঁৰ চৰকাৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ বাবে দিনে-নিশাই অতি কষ্ট কৰি আছে। প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক, অগ্ৰদূতৰ পাঠকসকলক আশ্বাস প্ৰদান কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে একত্ৰিত হৈ তেওঁলোকৰ অসুবিধা হ্ৰাস কৰিবলৈ চেষ্টা চলাই আছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰম্পৰা, সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু উন্নয়নৰ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাৰ উৎকৃষ্ট অৱদানৰ ওপৰত আলোকপাত কৰে।সাংবাদিকতাৰ দৃষ্টিকোণৰ পৰা ৰাজ্যখন অতি স্পন্দনশীল স্থান হিচাপে পৰিগণিত হোৱাৰ বাবে ভাৰতত ভাষা সাংবাদিকতাৰ বিকাশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমীয়া ভাষাত সাংবাদিকতা ১৫০ বছৰ পূর্বে আৰম্ভ হৈছিল আৰু সময়ৰ লগে লগে শক্তিশালী হৈ গৈ আছে বুলিও তেওঁ লগতে কয়৷

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে যোৱা ৫০ বছৰত দৈনিক অগ্ৰদূতৰ যাত্ৰাত অসমৰ পৰিৱৰ্তনৰ ছবি দেখিবলৈ পোৱা যায়। এই পৰিৱৰ্তন বাস্তৱায়িত কৰাত জন আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জন আন্দোলনে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু অসমীয়া গৌৰৱ ৰক্ষা কৰিছে। আৰু এতিয়া জনসাধাৰণৰ অংশগ্ৰহণৰ সহায়ত অসমে লিখিছে এক নতুন উন্নয়নৰ কাহিনী।