গুজৰাট বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান সাব্যস্ত প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
আহমেদাবাদ
 
গুজৰাট বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটদান সাব্যস্ত কৰিছে। নিছান পাব্লিক স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটদান কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজৰ মাজেৰে খোজ কাঢ়ি গৈছিল। তেওঁ ৰাইজক সম্ভাষণ জনাই শাৰী পাতি থিয় হৈ ভোটদানৰ পালৰ অপেক্ষাত কৰিছিল।
 
ইয়াৰ পাছতে তেওঁ ভোটকেন্দ্ৰৰ সমীপত অৱস্থিত জ্যেষ্ঠ ভাতৃ সোমা মোডীৰ ঘৰলৈ যায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভোটাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগক গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰাৰ বাবে অভিনন্দন জনায়। 
 
তেওঁ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয়, "গুজৰাট, হিমাচল প্ৰদেশ আৰু দিল্লীৰ ভোটাৰসকলে গণতন্ত্ৰৰ এই উৎসৱ অতি উৎসাহ আৰু আশাৰে উদযাপন কৰিছে। গণতন্ত্ৰৰ এই উদযাপনৰ বাবে মই দেশৰ জনসাধাৰণক অভিনন্দন জনাইছো। মই নিৰ্বাচন আয়োগক ইমান সুন্দৰভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনাইছো। নিৰ্বাচন অনুষ্ঠিত কৰাৰ এই মহান পৰম্পৰা বিকাশ কৰাৰ বাবে যিয়ে বিশ্বত আমাৰ সন্মান বৃদ্ধি কৰিছে।" 
তেওঁ লগতে কয়, "গুজৰাটৰ জনসাধাৰণ বিচক্ষণ। তেওঁলোকে সকলোৰে কথা শুনে আৰু সঁচা কথা মানি লোৱাটো তেওঁলোকৰ স্বভাৱ। সেই স্বভাৱ অনুসৰি তেওঁলোকেও বৃহৎ সংখ্যক ভোটদান কৰি আছে। গুজৰাটৰ ভোটাৰসকলৰ প্ৰতিও মই অতিশয় কৃতজ্ঞ।" সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছিল। আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈ চলিব। 
প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে গুজৰাট নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদান কৰা সকলোকে বিশেষকৈ যুৱ ভোটাৰ আৰু মহিলা ভোটাৰসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছো। মই পুৱা প্ৰায় ৯ বজাত আহমেদাবাদত ভোটদান কৰিম। আজি আহমেদাবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ভোটদান কৰিছে। 
 
১৯৯০ চনৰ পৰা নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰা আহমেদাবাদৰ ১৬খন নগৰীয়া আসনৰ আটাইকেইখনেই অতি গুৰুত্বপূৰ্ণ। উত্তৰ আৰু মধ্য গুজৰাটৰ ১৪খন জিলাৰ ৯৩টা বিধানসভা সমষ্টিৰ বাবে দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬১টা দলৰ পৰা ৮৩৩ জন প্ৰাৰ্থীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। যাৰ ভাগ্য ২.৫১ কোটিৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব। 
 
কুচ, সৌৰাষ্ট্ৰ, আৰু দক্ষিণ গুজৰাটৰ ৮৯খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটদান ১ ডিচেম্বৰত সমাপ্ত হয় আৰু সামগ্ৰিকভাৱে ভোটদানৰ হাৰ ৬৩.৩১ শতাংশ। গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ হাৰ কম হোৱাৰ বাবে নিৰ্বাচন আয়োগে গুজৰাটৰ ভোটাৰক “নগৰীয়া উদাসীনতা”ক লৈ সমালোচনা কৰিবলৈ বাধ্য হয়। অহা ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল।