নিজ কাৰ্য্যালয়ত কৰ্মচাৰীৰ কন্যাসকলৰ সৈতে ৰাখীবন্ধন উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
নিজ কাৰ্য্যালয়ত কৰ্মচাৰীৰ কন্যাসকলৰ সৈতে ৰাখীবন্ধন উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
নিজ কাৰ্য্যালয়ত কৰ্মচাৰীৰ কন্যাসকলৰ সৈতে ৰাখীবন্ধন উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
নতুন দিল্লী 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্মচাৰীসকলৰ জীয়ৰীবোৰৰ সৈতে তেওঁৰ বাসগৃহত  ৰাখীবন্ধন উদযাপন কৰে। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ হাতত ৰাখী পিন্ধাইছিল।
 
 
প্ৰধানমন্ত্ৰীৰ ঘৰত এই বিশেষ ৰাখীবন্ধন উদযাপনত অংশগ্ৰহণ কৰা সকলৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (পি এম অ') কাম কৰা চুইপাৰ, পিয়ন, মালী, চালক আৰু অন্যান্যসকলৰ কন্যাসকল।
 
বিষয়াসকলে ৰাখী বন্ধন উদযাপন কৰা আৰু তেওঁলোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।
ইয়াৰ পূৰ্বেও পি এম মোদীয়ে সকলোকে ৰাখীবন্ধন উপলক্ষে সম্ভাষণ জনায়। ৰাখীবন্ধনৰ বিশেষ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।