নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নতুন দিল্লী 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নৌসেনা দিৱসত ভাৰতীয় নৌসেনাক প্ৰশংসা কৰি কয় যে ভাৰতীয় নৌসেনাই আমাৰ জাতিটোক অটলভাৱে ৰক্ষা কৰি আহিছে আৰু প্ৰত্যাহ্বানমূলক সময়ত মানৱীয় মনোভাৱেৰে নিজকে বিশিষ্ট কৰি তুলিছে।
 
ভাৰতে ভাৰতৰ নৌসেনাৰ ভূমিকাক স্বীকৃতি দিয়াৰ লগতে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ‘অপাৰেচন ট্ৰাইডেণ্ট’ত লাভ কৰা কৃতিত্বৰ স্মৃতিত ৪ ডিচেম্বৰক নৌসেনা দিৱস হিচাপে পালন কৰি আহিছে।  
টুইটত এক টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে "নৌসেনা দিৱসৰ দিনটোত সকলো নৌসেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ভাৰতীয় নৌসেনাই আমাৰ জাতিটোক অটলভাৱে সুৰক্ষিত কৰি ৰাখিছে আৰু প্ৰত্যাহ্বানমূলক সময়ত মানৱীয় মনোভাৱেৰে নিজকে বিশিষ্ট কৰি তুলিছে।"