দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি; নিৰ্মাণ-ধ্বংসকাৰ্য নিষিদ্ধ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
নতুন দিল্লী
 
বৰ্ধিত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে দিল্লী প্ৰশাসনে ৰাজ্যখনত নিৰ্মাণ কাৰ্য আৰু ধ্বংসকাৰ্যৰ ওপৰত নতুন নিষেধাজ্ঞা জাৰি কৰিছে।
 
যোৱা মাহত, কেন্দ্ৰৰ বায়ু গুণগত মানদণ্ডৰ পেনেলে কৰ্তৃপক্ষক দিল্লী-এনচিআৰত অত্যাৱশ্যকীয় প্ৰকল্পৰ বাহিৰে সকলো নিৰ্মাণ আৰু ধ্বংসকাৰ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছিল।
বায়ুৰ গুণগত মানদণ্ডসূচক উন্নত হোৱাৰ লগে লগে সেই নিষেধাজ্ঞা পিছত শিথিল কৰা হৈছিল। অৱশ্যে, বায়ুৰ মানদণ্ড অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিষেধাজ্ঞা পুনৰ প্ৰৱৰ্তন কৰা হৈছে।