ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 13 d ago
ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰী মোদীৰ
ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰী মোদীৰ
 
গুৱাহাটী
 
গুজৰাটত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজন কৰা এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই কাৰ্যসূচীৰ অধীনত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত কেৱড়িয়াত অৱস্থিত ষ্টেচু অৱ ইউনিটিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
 
পুৱা প্ৰায় ৭:১৫ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ষ্টেচু অৱ ইউনিটিত উপস্থিত হৈ ফুলৰ পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ অনন্য অৱদানক স্মৰণ কৰি ৰাইজক শপত প্ৰদান কৰে। তেওঁ কয় যে আমি দেশৰ ঐক্য, অখণ্ডতা আৰু জাতীয় সমৰ্পণ বজাই ৰাখিব লাগে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত অৱদান নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়।
 
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শপত গ্ৰহণ কৰি মোদীয়ে কয়, “মই দৃঢ়তাৰে প্ৰতিশ্ৰুতি দিছো যে মই নিজকে ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে সমৰ্পিত কৰিছো আৰু লগতে মোৰ দেশবাসীৰ মাজত এই বাৰ্তা প্ৰচাৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছো।”
 
তেওঁ আৰু কয়- চৰ্দাৰ বল্লভভাই পেটেলৰ দূৰদৰ্শিতা আৰু কৰ্মৰ দ্বাৰা সম্ভৱ হোৱা মোৰ দেশৰ ঐক্যৰ মনোভাৱেৰে এই শপত গ্ৰহণ কৰিছো। লগতে মোৰ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে মোৰ অংশ অৱদান আগবঢ়াম বুলিও প্ৰতিশ্ৰুতি দিছো। কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ পেটেলৰ দূৰদৰ্শিতা আৰু নেতৃত্বৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে তেওঁ। লগতে চৰ্দাৰ পেটেলৰ আদৰ্শ অনুসৰণ কৰিবলৈ নাগৰিকক অনুপ্ৰাণিত কৰে।
 
শপত লোৱাৰ পিছত ঐক্য দিৱসৰ পেৰেড আৰম্ভ হয়। পেৰেডত ৯খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী জোৱান, ৪টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, এন চি চিৰ কেডেট আৰু ১৬টা মাৰ্চিং দলৰ দলৰ লগতে মাৰ্চিং বেণ্ডে অংশগ্ৰহণ কৰে।
 
এই পেৰেডৰ আকৰ্ষণ বৃদ্ধিৰ বাবে এন এছ জিৰ হেল মাৰ্চ কনটিজেণ্ট, বি এছ এফ আৰু চি আৰ পি এফৰ পুৰুষ-মহিলা বাইকাৰৰ ৰেলী, বি এছ এফৰ জোৱানৰ যুদ্ধ কলা প্ৰদৰ্শন, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাইপ বেণ্ড শ্ব’ আৰু ইণ্ডিয়ান এয়াৰ ফৰ্চৰ ‘সূৰ্য কিৰণ’ ফ্লাইপাষ্টৰ দৰে দৰ্শনীয় প্ৰদৰ্শনৰো আয়োজন কৰা হয়।
 
ইফালে বুধবাৰে গুজৰাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে একতা নগৰত ২৮০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।