পাকিস্তানলৈ যাওক ৰাহুল গান্ধী : হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  [email protected] • 1 Years ago
পাকিস্তানলৈ যাওক ৰাহুল গান্ধী : হিমন্ত বিশ্ব শৰ্মা
পাকিস্তানলৈ যাওক ৰাহুল গান্ধী : হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী
 
আজিৰ পৰা কংগ্ৰেছ দলে দেশজুৰি আৰম্ভ কৰা ‘ভাৰত জড়ো যাত্ৰা’ক কটাক্ষ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পাকিস্তানৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিবলৈ কয়।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টুইটযোগে ভাৰত শক্তিশালী আৰু ঐক্যবদ্ধ বুলি মন্তব্য কৰি ভাৰত জোড়ো যাত্ৰাক শতিকাৰ সৰ্বশ্ৰেষ্ঠ কমেডী আখ্যা দিয়ে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কংগ্ৰেছে সন্মতি দিয়াৰ বাবেই ১৯৪৭ চনত ভাৰত বিভাজন হৈছিল। যদি ৰাহুল গান্ধীয়ে একত্ৰীকৰণ বিচাৰিছে তেন্তে তেওঁ ভাৰত জোড়ো যাত্ৰাৰ বাবে পাকিস্তানলৈ যাব লাগে’।    
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কাশ্মীৰ, কন্যাকুমাৰীৰ পৰা শিলচৰলৈ দেশ এখনেই বুলিও গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰে।
 
উল্লেখ্য যে বিজেপিৰ ঘৃণাভৰা তথা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আজিৰ পৰা কংগ্ৰেছ দলে ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিব। ইয়াৰ আনুষ্ঠানিক আৰম্ভণি আজি সন্ধিয়া ৫ বজাত কন্যাকুমাৰীত জনসভাৰে অনুষ্ঠিত হ’ব।