২৪ ঘণ্টাৰ ভিতৰত উত্তৰ-পূবত দ্বিতীয় ভূমিকম্পৰ জোকাৰণি

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী
 
দেওবাৰৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ কিছু অংশত আন এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল।
 
এইবাৰ এইটো সোমবাৰে আবেলি ৩.২২ বজাত হৈছিল। মধ্য অসমৰ নগাঁৱত ইয়াৰ অভিকেন্দ্ৰ আছিল। ৰিখটাৰ স্কেলত পৰিমাণ আছিল ৩.৯। কেন্দ্ৰটো ৫৫ কিলোমিটাৰ গভীৰতাত আছিল।
 
হতাহত বা ক্ষতিৰ কোনো ঘটনা পুৱা হোৱা নাই।
 
দেওবাৰে নিশা ৯.৪৭ বজাত ৩.৯ প্ৰাবল্যৰ ভূমিকম্পই অঞ্চলটো কঁপাই তুলিছিল। কেন্দ্ৰস্থল আছিল মেঘালয়ৰ ৰি ভোই জিলাত।