বাৰ্মিংহামত পেডলাৰ শৰথ কমলৰ তৃতীয়টো স্বৰ্ণ

Story by  atv | Posted by  [email protected] • 1 Years ago
শৰথ কমল
শৰথ কমল
বাৰ্মিংহাম
 
কমনৱেলথ গেমছত বিৰল কৃতিত্ব অৰ্জন কৰিছে ভাৰতৰ তাৰকা পেডলাৰ শৰথ কমলে। বাৰ্মিংহামত আজি সামৰণি পৰা মেগা ইভেণ্টখনত তেওঁ তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। 
 
মিক্সড ডাবলছ আৰু পুৰুষৰ দলগত শাখাত সোণৰ পদক অৰ্জনৰ পিছত কমলে আজি পুৰুষৰ ছিংগলছতো শ্ৰেষ্ঠত্ব অৰ্জনেৰে দেশলৈ সোণৰ পদক কঢ়িয়াই আনে। 
 
ছিংগলছৰ ফাইনেলত তেওঁ ইংলেণ্ডৰ লিয়াম পিটচফৰ্ডক ১১-১৩,১১-৭,১১-২,১১-৬,১১-৮(৪-১)ৰ ব্যৱ্ধানত পৰাস্ত কৰে। 
 
ইয়াৰ পূৰ্বে শৰথ কমলে শ্ৰীদা আকুলাৰ সৈতে মিক্সড ডাবলছত সোণৰ পদক লাভ কৰিছিল। একেদৰে, প্ৰতিযোগিতাখনত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় দলটোৰো তেওঁ আছিল অন্যতম সদস্য।