দল বিৰোধী কাৰ্যকলাপঃ মুখ্যমন্ত্ৰী একনাথ সিন্দেক বৰ্খাস্ত শিৱসেনাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
দল বিৰোধী কাৰ্যকলাপঃ মুখ্যমন্ত্ৰী একনাথ সিন্দেক বৰ্খাস্ত শিৱসেনাৰ
দল বিৰোধী কাৰ্যকলাপঃ মুখ্যমন্ত্ৰী একনাথ সিন্দেক বৰ্খাস্ত শিৱসেনাৰ
মুম্বাই
 
শিৱ সেনাই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক ‘দল বিৰোধী’ কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত দলৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। 

২৯ জুনত মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেই সিন্দেলৈ লিখা এখন সংক্ষিপ্ত পত্ৰত কয় যে আপুনি দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ আহিছে আৰু স্বেচ্ছাই শিৱসেনাৰ সদস্যপদ ত্যাগ কৰিছে।
 
সেই অনুসৰি ‘শিৱসেনা পক্ষ প্রমুখ’ ৰূপে তেওঁৰ হাতত থকা ক্ষমতা ব্যৱহাৰ কৰি থাকৰেই সংগঠনটোৰ পৰা সিন্দেক শিৱসেনাৰ নেতা হিচাপে অপসাৰণ কৰিছে। সিন্দে নেতৃত্বাধীন বিসম্বাদী দলটোৰ আন ৩৯ জন বিধায়কৰ বিৰুদ্ধেও শিৱসেনাৰ মূৰব্বীগৰাকীয়ে একেধৰণৰ শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 
 
উল্লেখ্য যে, ৩১ মাহ ক্ষমতাত থকাৰ পাছত যোৱা ২৯ জুনত থাকৰে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰাৰ বিপৰীতে বৃহস্পতিবাৰে বিজেপিৰ দেৱেন্দ্র ফাড়নভিছক উপ-মুখ্যমন্ত্রী হিচাপে লৈ নতুন মুখ্যমন্ত্রী হিচাপে শিৱসেনাৰ ‘বিদ্ৰোহী’ নেতা একনাথ সিন্দেই শপত গ্ৰহণ কৰে৷