শিলচৰ-চিলেট উৎসৱ: ভাৰত-বাংলাদেশৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক প্ৰয়াস

Story by  atv | Posted by  Munni Begum • 1 Years ago
শিলচৰ-চিলেট উৎসৱ
শিলচৰ-চিলেট উৎসৱ
শতানন্দ ভট্টাচাৰ্য
 
যোৱা শুকুৰবাৰ আৰু শনিবাৰে দক্ষিণ অসমৰ বৰাক উপত্যকাৰ শিলচৰ চহৰত হৈ যোৱা শিলচৰ-চিলেট উৎসৱৰ যোগেদি ভাৰত আৰু বাংলাদেশৰ মাজত সকলো ধৰণৰ সম্পৰ্ক সুদৃঢ় কৰা হব। এই ক্ষেত্ৰত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেন আৰু ভাৰতৰ উত্তৰ-পূৰ্ব উন্নয়ন বিভাগ তথা পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে উন্নয়নৰ ক্ষেত্ৰত পৰস্পৰৰ সহায় সহযোগিতা বিচাৰিছে। 
 
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে শিলচৰত কয়, "শিলচৰ-চিলেট উৎসৱে ভাৰত আৰু বাংলাদেশৰ মাজত সৰ্বাংগীন দ্বি-পাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব।" 
 
শিলচৰ অনুষ্ঠিত শিলচৰ-চিলেট উৎসৱৰ এক দৃশ্য
 
সাৰ্বভৌমত্ব, সমতা, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত ভিত্তি কৰি ভাৰত-বাংলাদেশৰ মাজত ব্যাপক দ্বি-পাক্ষিক সম্পৰ্ক গঢ়ি তুলিব শিলচৰ-চিলেট মহোৎসৱে। দুদিনীয়া এই মহোৎসৱত ভাৰত-বাংলাদেশৰ সাংস্কৃতিক, ঐতিহাসিক, সাহিত্যিক, ব্যৱসায়িক দিশসমূহ প্ৰদৰ্শন কৰা হৈছে।  
ৰেড্ডীয়ে শিলচৰ আৰক্ষী পেৰেড খেলপথাৰত অনুষ্ঠিত দুদিনীয়া শিলচৰ-চিলেট উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মন্তব্য কৰি কয় যে, ছিলচৰ আৰু চিলেট দুয়োটা অঞ্চলৰ ইতিহাস, ভাষা আৰু সাংস্কৃতিক পৰম্পৰাবোৰৰ সদৃশ্যতা আছে।   
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে শিলচৰত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু বাংলাদেশ ফাউণ্ডেশ্যন ফৰ ৰিজন এণ্ড ষ্টাডিজৰ যৌথ উদ্যোগত শিলচৰ-চিলেট উৎসৱৰ আয়োজন কৰা হৈছিল।  
বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে শিলচৰ-চিলেট উৎসৱ এক ঐতিহাসিক অনুষ্ঠান। কিয়নো দুয়োখন চুবুৰীয়া দেশে এক আশাৰ পৰিবেশত একত্ৰিত হৈছে। এই উৎসৱৰ জৰিয়তে দুয়োখন দেশৰ বন্ধুত্বই এক নতুন মাত্ৰা লাভ কৰিব।  বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ভাৰতৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ আৰু অতি আন্তৰিক। বাংলাদেশৰ উন্নয়নৰ সমান্তৰালকৈ প্রধানমন্ত্রীয়ে চুবুৰীয়া দেশসমূহৰ প্রতি সহযোগিতা আগবঢ়াই দেশখনক আগুৱাই লৈ গৈছে৷  
উদ্যোক্তাসকলৰ ফালৰ পৰা শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ে কয় যে শিলচৰ চিলেট মহোৎসৱে ভাৰত আৰু বাংলাদেশৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিব। যদি ভৱিষ্যতে শিলচৰ-কৰিমগঞ্জ ৰেলপথ আৰু জলপথ কাৰ্যক্ষম হৈ উঠে তেন্তে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বেছিকৈ সুদৃঢ় হ’ব।
 
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু বাংলাদেশ ফাউণ্ডেশ্যন ফৰ ৰিজন এণ্ড ষ্টাডিজৰ যৌথ উদ্যোগত অনুষ্ঠিত শিলচৰ-চিলেট উৎসৱত উপস্থিত বিশিষ্ট ব্যক্তিসকল
 
সভাত মিজোৰামৰ ৰাজ্যপাল হৰি বাবুৱেও ভাষণ প্ৰদান কৰিছে। অতিথিসকলৰ ভাষণত স্বাস্থ্য, শিক্ষা, পৰ্যটন, জলপথ আৰু জলবায়ু সম্পৰ্কীয় আদি বিষয় বিশেষভাৱে আলোচনা কৰা হয়। 
ইয়াৰ উপৰিও ভাৰত-বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ মুস্তাফিজুৰ ৰহমান, সাংসদ গাজী মহম্মদ শ্বাহনৱাজ, সাংসদ মহিবুৰ ৰহমান মানিক, প্ৰাক্তন বৈদেশিক সচিব শমছেৰ মোবিন চৌধুৰী, কাছাৰৰ লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়, বিধায়ক মিহিৰ কান্তি সোম, বিধায়ক দিপায়ন চক্ৰৱৰ্তী, ইণ্ডিয়া ফাউণ্ডেশ্যনৰ বিষয়া ৰামমাধৱো উপস্থিত থাকে।
এই অনুষ্ঠানত বাংলাদেশৰ পৰা প্ৰায় দুই শতাধিক প্ৰতিনিধি অংশ লয়। উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ বিভিন্ন ঐতিহ্যবাহী বস্তু আৰু খোৱা সামগ্ৰী প্ৰদৰ্শিত কৰা হয়। বাংলাদেশৰ পৰাও বিভিন্ন বস্তু প্ৰদৰ্শিত কৰাৰ লগে লগে ভাৰত আৰু বাংলাদেশৰ বিভিন্ন পৰম্পৰাগত আৰু ঐতিহ্যবাহী অনুষ্ঠানে সকলোকে আকৰ্ষিত কৰিছে।