ৰাজ্যত আগুৱালে গৰমৰ বন্ধ

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাজ্যত আগুৱালে গৰমৰ বন্ধ
ৰাজ্যত আগুৱালে গৰমৰ বন্ধ
গুৱাহাটী
 
ৰাজ্যৰ বানপৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ। ১ জুলাইৰ পৰিবৰ্তে ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ'ব গৰমৰ বন্ধ। 
 
 
আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰনোজ পেগু কৰিলে এই ঘোষণা। বানপানীৰ বাবেই ৫ দিন আগুৱাই দিয়া হ'ল চলিত বৰ্ষৰ গৰমৰ বন্ধ। 
 
উল্লেখযোগ্য যে সমগ্ৰ অসমত বান বিভীষিকাই জন জীৱন স্তব্ধ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণতো বাধাৰ সৃষ্টি কৰিছে।