মেধা আৰু দক্ষতাৰ ভিত্তিত ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক পদত অসমৰ তপন কুমাৰ ডেকা

Story by  atv | Posted by  [email protected] • 1 Years ago
মেধা আৰু দক্ষতাৰ ভিত্তিত ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক পদত অধিষ্ঠিত অসমৰ তপন কুমাৰ ডেকা
মেধা আৰু দক্ষতাৰ ভিত্তিত ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক পদত অধিষ্ঠিত অসমৰ তপন কুমাৰ ডেকা
মুকুট শৰ্মা / গুৱাহাটী

জেষ্ঠতাৰ পৰিৱৰ্তে মেধা আৰু দক্ষতাক অধিক গুৰুত্ব দি নৰেন্দ্ৰ মোদী চৰকাৰে অসম সন্তান তপন কুমাৰ ডেকাক ইন্টেলিজেন্স ব্যুৰোৰ নতুন সঞ্চালক নিযুক্ত কৰিছে। তেওঁ বিভাগটোৰ চাৰিগৰাকী জেষ্ঠ বিষয়াক চেৰ পেলাই দুবছৰৰ বাবে এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে, ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং(RAW)ৰ সচিব সামন্ত গোৱেলৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে।    
 
জেষ্ঠ আই পি এছ বিষয়া তপন কুমাৰ ডেকাই বৰ্তমান চোৰাংচোৱা ব্যুৰোৰ অপাৰেচন ডেস্কৰ মুৰব্বী পদত আছে। বিগত দুটা দশক ধৰি তেওঁ সন্ত্ৰাসবাদ আৰু ধৰ্মীয় উগ্ৰবাদ নিমূৰ্ল অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে, ১৯৮৮ বেটচৰ হিমাচল প্ৰদেশৰ কেডাৰ তপন কুমাৰ ডেকা জন্মসূত্ৰে অসমৰ সৰ্থেবাৰীৰ যদিও পিতৃৰ চাকৰি সূত্ৰে তেওঁ তেজপুৰত পঢ়া-শুনা কৰে আৰু ইয়াতে ডাঙৰ দীঘল হয়।  
২০১৯ চনত 'কা' বিৰোধী আন্দোলনক কেন্দ্ৰ কৰি অসমত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে ডেকাক অসমলৈ প্ৰেৰণ কৰিছিল। তপন ডেকাক ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক হিচাপে নিযুক্তি দি চৰকাৰে চোৰাংচোৱা সংস্থাটোক অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে। চোৰাংচোৱা ব্যুৰোৰ প্ৰায় চাৰিজন জ্যেষ্ঠ বিষয়া অতিক্ৰম কৰি তেওঁক সঞ্চালক পদৰ বাবে কেন্দ্ৰই বাছনি কৰাটো অসমবাসীৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয়।  
উল্লেখ্য যে, তপন কুমাৰ ডেকাই ইণ্ডিয়ান মুজাহিদীন সন্ত্ৰাসবাদী গোটক দূৰ্বল কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ ২৬/১১ ৰ মুম্বাই আক্ৰমণৰো অন্যতম তদন্তকাৰী বিষয়া আছিল। বিগত দুটা দশক ধৰি তেওঁ ইছলামিক মৌলবাদৰ ওপৰত বিশেষভাৱে নজৰ ৰাখি আহিছে। 
 
কাশ্মীৰত সন্ত্ৰাস চলাই থকা পাকিস্তানৰ জেহাদীৰ পৰা আৰম্ভ কৰি কেৰালাৰ পি এফ আই লৈকে দেশৰ সকলো সন্ত্ৰাসবাদী গোটৰ বিষয়ে তপন ডেকাৰ বিস্তৃত জ্ঞান আছে। তেওঁ অসমৰ বি টি চি শান্তি চুক্তি-২০০৩ ৰূপায়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই চুক্তিৰ ফলতে অশান্ত জৰ্জৰিত বড়ো ভূমিলৈ শান্তি উভতি আহিছিল। 
 
 
জম্মু-কাশ্মীৰত সেনা বাহিনীৰ জোৱানলৈ দুষ্কৃতিকাৰীৰ শিল নিক্ষেপৰ দৃশ্য (ফাইল ফটো) 
 
জেষ্ঠ বিষয়াগৰাকীৰ এনে বহু যোগ্যতাৰ বাবেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি তেওঁক দেশৰ চোৰাংচোৱা সংস্থা ইণ্টেলিজেঞ্চ ব্যুৰোৰ মুৰব্বীৰ পদত অধিষ্ঠিত কৰে।  জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাই অৰবিন্দ কুমাৰৰ স্থানত ইণ্টেলিজেঞ্চ ব্যুৰোৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিব।  অৰবিন্দ কুমাৰৰ বৰ্ধিত কাৰ্যকাল ৩০ জুনত সমাপ্ত হ'ব।
মনকৰিবলগীয়া যে, ডেকাই কেৰিয়াৰৰ বেছিভাগ সময় ইন্টেলিজেন্স ব্যুৰোত অতিবাহিত কৰিছে।  ইণ্টেলিজেন্স ব্যুৰোৰ এজন অতিৰিক্ত সঞ্চালক হৈ থকা অৱস্থাত যোৱা বছৰ জুনত তেওঁ উইঙৰ বিশেষ সঞ্চালক পদলৈ পদোন্নতি লাভ কৰিছিল।
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তপন কুমাৰ ডেকাক শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে তেওঁৰ এই সাফল্যই অসমৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।