ৰাজ্যৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষৰ সৈতে শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Story by  atv | Posted by  [email protected] • 1 Years ago
 শিক্ষামন্ত্ৰীৰ ডাঃ ৰণোজ পেগু
শিক্ষামন্ত্ৰীৰ ডাঃ ৰণোজ পেগু
গুৱাহাটী
 
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি আজি অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্যখনৰ পলিটেকনিকসমূহৰ অধ্যক্ষসকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়।
 
 
উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠানৰ অধ্যক্ষসকলৰ পৰা তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন অভাৱ-অভিযোগসমুহৰ বিষয়ে বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে যে প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি, প্ৰবক্তাসকলৰ খালী পদ পূৰণকে আদি কৰি বিভিন্নসমস্যাসমূহ পৰ্য্যায়ক্ৰমে সমাধান কৰা হ'ব। তেওঁ প্ৰতিগৰাকী অধ্যক্ষক তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠানসমূহক সন্মুখৰ পৰা নেতৃত্ব দি আগুৱাই লৈ যাৱলৈ আহ্বান জনায়।
 
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে যিকোনো অভাৱ-অভিযোগ থাকিলে অধ্যক্ষসকলে বিনাদ্বিধাই পোনপটীয়াকৈ তেখেতক অৱগত কৰিব পাৰিব। ইয়াৰ উপৰিও তেখেতে প্ৰতিখন শিক্ষানুষ্ঠানক 'হৰ ঘৰ ত্ৰিৰংগা' উৎসৱত অংশগ্ৰহণ তথা ছাত্ৰ-ছাত্ৰীসকলক এইক্ষেত্ৰত উৎসাহিত কৰিবলৈ আহ্বান জনায়। আজিৰ এই বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে ড০ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ আযুক্ত সচিব এম. এছ. মনিভন্নন, সচিব বনশ্ৰী নাথ, কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰাও উপস্থিত থাকে।