অৰুণোদয় মাহ আৰম্ভ; হিতাধিকাৰীৰ ঘৰে ঘৰে চলাব সমীক্ষা

Story by  atv | Posted by  [email protected] • 1 Years ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী

ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ। অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষা চলাব। সমীক্ষাকাৰী দলে নিকাভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা কৰিব।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে ১৫ জন মন্ত্ৰীৰ উপস্থিতিত ১৫ খন জিলাতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সেই অনুসৰি হাইলাকান্দিত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত বিমল বৰা, কাছাৰত জয়ন্ত মল্ল বৰুৱা, হোজাইত কেশৱ মহন্তৰ উপস্থিতিত এই কাৰ্যসূচীৰ আৰম্ভ হৈছে।
একেদৰে নগাওঁ জিলাত অতুল বৰা, ওদালগুৰি জিলাত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰ মোহন পাটোৱাৰী, তামুলপুৰত সঞ্জয় কিষাণ, নলবাৰীত নন্দিতা গাৰ্লোছা, বাক্সাত যোগেন মহন, বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাস, বৰেপটাত ৰণোজ পেগু, মৰিগাঁৱত পীযুষ হাজৰিকা, শোণিতপুৰত অজন্তা নেওগ আৰু ধুবুৰীত অশোক সিংহলে এই আঁচনিৰ শুভাৰম্ভ কৰিব।
উল্লেখ্য যে অৰুণোদয় আঁচনিয়ে ৰাজ্যত সৰ্বমুঠ ২০ লাখ হিতাধিকাৰীক সামৰি লৈছে। প্ৰতিমাহে ১০ তাৰিখে প্ৰতিগৰাকী হিতাধিকাৰীয়ে ১০০০ টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংকৰ একাউণ্টত লাভ কৰে। অৱশ্যে ৰাজ্য চৰকাৰে এই ধন ১০০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰিছে।
ইফালে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলে স্ব-ইচ্ছাৰে নিজৰ নাম এই আঁচনিৰ পৰা কৰ্তন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধনৰ প্ৰয়োজন নাই তেওঁলোকে orunodoi.in প’ৰ্টেলৰ জৰিয়তে অথবা জিলা উপায়ুক্ত, চক্ৰ বিষয়াৰ কাৰ্যালয় আদিত আবেদন দাখিল কৰি নিজৰ নাম কৰ্তন কৰিব পাৰিব।