বানপীড়িত লোক, শিক্ষাৰ্থীলৈ সাহায্য মুকলি ৰাজ্য চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী
 
অসমক জর্জৰিত কৰা দুটাকৈ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলক ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে বিস্তাৰিতভাৱে প্ৰকাশ কৰে।

তেওঁ কয় যে এই বছৰৰ দুটা বানে ৩৪খন জিলাৰ প্রায় ৯০ লাখ লোক তথা প্রায় ২,৪০,০৯৬ হেক্টৰ খেতি মাটি প্রভাৱিত কৰিছে। বানপীড়িতসকলক আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় আগবঢ়োৱাৰ বাবে সাহায্য শিবিৰ এৰি যোৱাৰ সময়ত তেনে পৰিয়ালৰ বেংক একাউণ্টলৈ ৩৮০০ টকাকৈ প্রেৰণ কৰা হৈছে।  অৱশ্যে এই ধন পাবলগীয়া ১,৮৯,৭৫২টা পৰিয়ালৰ ভিতৰত  ৩৫ হাজাৰে এতিয়াও বেংকৰ প্রক্রিয়াগত কাৰণৰ বাবে ধন লাভ কৰা নাই। 
বান আৰু ভূমিস্খলনৰ ফলত জীৱন হেৰুওৱা ১৯৫গৰাকী লোকৰ পৰিয়াললৈ ইতিমধ্যে ৪ লাখ টকাকৈ চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।
সংবাদমেলত তেওঁ কয় যে ৰাজ্য চৰকাৰৰ আন এক পদক্ষেপ হিচাপে বানপীড়িত ১,০১,৫৩৯ শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ সাহায্য মুকলি কৰি দিয়া হৈছে। মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ ধনেৰে পোনপটীয়া হস্তান্তৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টলৈ এই ধনৰাশি স্থানান্তৰ কৰা হৈছে। তদুপৰি শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক অতিৰিক্ত পাঠ্যপুথি প্ৰদানৰ বাবে মূল্যায়ন কৰি আছে আৰু এই প্রক্রিয়া ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।
এতিয়ালৈকে প্রাপ্ত তথ্য অনুসৰি, সম্পূর্ণ আৰু আংশিকভাৱে সর্বমুঠ ৩,০৩,৯৩০টা ক্ষতিগ্ৰস্ত ঘৰৰ পৰিয়াললৈ প্রক্রিয়াগতভাৱে স্বচ্ছতা বজাই ৰাখি ক্ষতিপূৰণৰ ৰাশি প্রদান প্রক্রিয়া অব্যাহত থাকিব। ইয়াৰ লগতে আগষ্টৰ পৰা মথাউৰি, বিদ্যালয় ভৱন বা অন্যান্য আন্ত:গাঁথনিমূলক মেৰামতিৰ ক্ষেত্রত আমাৰ চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।