বুলডজাৰ এক্সন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে বৃহৎ ৰায়দান

Story by  atv | Posted by  [email protected] • 24 d ago
উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
 
নতুন দিল্লী
 
সমগ্ৰ দেশতে বুলডজাৰ এক্সনক লৈ বৃহৎ ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে অপৰাধৰ শাস্তি বুলডজাৰৰ এক্সনেৰে হ'ব নোৱাৰে। বুলডজাৰ কাৰো ওপৰত ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব। বুলডজাৰ এক্সনক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰাইদান এনে ধৰণৰ-
 
অপৰাধৰ শাস্তি হিচাপে কাৰোবাৰ ঘৰ ভাঙিব নোৱাৰিব।
 
অভিযুক্ত মাত্ৰ এজন, তেওঁৰ সমগ্ৰ পৰিয়ালক শাস্তি দিব নোৱাৰিব।
 
ঘৰ কেৱল সম্পত্তি নহয়, ই পৰিয়ালৰ বাবে আশ্ৰয়স্থল আৰু ইয়াৰ লগত পৰিয়ালৰ প্ৰতিজন সদস্যৰ আবেগ জড়িত হৈ থাকে।
 
দোষীৰ বিৰুদ্ধে স্বেচ্ছাচাৰী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।
 
ভুক্তভোগীক অন্যায় কাৰ্যৰ ক্ষতিপূৰণ দিব লাগিব।
 
ভাঙি পেলোৱাৰ আগতে ১৫ দিনৰ সময় দিব লাগে। ঘৰৰ বাহিৰত জাননী আঁৰি দিব লাগে। ঘৰৰ মালিকে শুনানিৰ সুযোগ পাব লাগে।
 
ইচ্ছাকৃতভাৱে কাৰো বিৰুদ্ধে বুলডজাৰ এক্সন গ্ৰহণ কৰিব নোৱাৰিব।
 
বুলডজাৰৰ এক্সন আশ্ৰয়ৰ অধিকাৰ উলংঘা।
 
আন কোনো বিকল্প নাথাকিলেহে বুলডজাৰৰ এক্সন গ্ৰহণ কৰিব লাগে।
 
স্বেচ্ছাচাৰীভাৱে কাম কৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিষয়াসকলে নিজৰ খৰচত ঘৰ সাজিব লাগিব।
 
উচ্চতম ন্যায়ালয়ে লগতে কয় যে কোনো কাৰণ উল্লেখ নকৰাকৈ এটা ঘৰ ভাঙিবলৈ জাননী জাৰি কৰিব নালাগে। কমেও ১৫ দিনৰ জাননী দিব লাগে। জাননীখন পঞ্জীভুক্ত ডাকযোগে প্ৰেৰণ কৰিব লাগে আৰু ঘৰৰ বাহিৰত লগাব লাগে। জাননীখনত উল্লেখ কৰা উচিত যে নিয়মবোৰ কেনেদৰে উলংঘা কৰা হৈছে। কৰ্তৃপক্ষই ঘৰৰ মালিকক শুনানিৰ সুযোগ দিব লাগে। ধ্বংস প্ৰক্ৰিয়াৰ ভিডিঅ’ প্ৰমাণ থাকিব লাগে। প্ৰতিবেদন এটা ডিজিটেল পৰ্টেলত আপলোড কৰিব লাগে।
 
একে সময়তে যদি কোনো বিষয়াই এই নিৰ্দেশনাসমূহ অমান্য কৰে তেন্তে তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হ’ব। আদালতে কয়, কৰ্তৃপক্ষই জনা উচিত যে যদি তেওঁলোকে এইবোৰ উলংঘা কৰি ভাঙি পেলোৱাৰ কাম কৰে, তেন্তে ঘৰটো পুনৰ নিৰ্মাণৰ দায়িত্ব তেওঁলোকৰ হ’ব। এনে ক্ষেত্ৰত বিষয়াসকলে নিজৰ পকেটৰ পৰাই খৰচ দিব লাগিব।
 
আনহাতে প্ৰতিখন পৌৰসভাৰ স্থানীয় কৰ্তৃপক্ষক তিনিমাহৰ ভিতৰত ডিজিটেল পৰ্টেল প্ৰস্তুত কৰিবলৈ কয় আদালতে। সেই পৰ্টেলটোত এনে জাননী পঠোৱা, ঘৰৰ বাহিৰত লগোৱা, ঘৰৰ মালিকৰ সঁহাৰি আদি তথ্য থাকিব লাগে।