ঘৰে ঘৰে ত্ৰিৰংগা; শিক্ষক ছিৰখাত হুছেইনৰ ব্যতিক্ৰমী প্ৰয়াস

Story by  atv | Posted by  Munni Begum • 1 Years ago
ছিৰখাত হুছেইন
ছিৰখাত হুছেইন
আৰিফুল ইছলাম / গুৱাহাটী
 
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰিলে। ৭৫ তম স্বাধীনতা দিৱস বিশেষ ভাবে উদযাপন কৰিবলৈ জনসাধাৰণৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ আহ্বান কৰিছে। ইতিমধ্যে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই বিভিন্নজনে বিভিন্ন পদক্ষেপ হাতত লোৱাও দেখা গৈছে। স্বাধীনতা দিৱসটো বিশেষ কৰি তুলিবৰ বাবে বঙাইগাঁওৰ এগৰাকী শিক্ষকেও লৈছে এক ব্যতিক্ৰমী পদক্ষেপ।
 
বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰী ২ নং প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ছিৰখাত হুছেইনে লৈছে এক সুন্দৰ প্ৰয়াস। 'আজাদী কা অমৃত মহোৎসৱৰ' লগত সংগতি ৰাখি শিক্ষক গৰাকীয়ে ঘৰে ঘৰে বিলাইছে জাতীয় পতাকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'হৰ ঘৰ ত্ৰিৰংগা' শ্লোগানক সাৰ্থক কৰাৰ স্বাৰ্থত বিনামূলীয়াকৈ পতাকা বিতৰণ কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে শিক্ষক ছিৰখাত হুছেইনে।
 
 
সংবাদ মাধ্যমৰ আগত শিক্ষক ছিৰখাত হুছেইনে কয়; "আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ঘৰে ঘৰে পতাকা উৰুৱাবলৈ আহ্বান জনাইছে। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কৈছে যে, যাতে অসমৰ প্ৰত্যেক ঘৰ মানুহে এইবাৰ পতাকা উৰুৱাই। গতিকে এগৰাকী শিক্ষক হিচাপে মোৰ দায়িত্ব বুলি মানি লৈ পতাকা বিলাই দিছোঁ।"
"এই হৰিজন কলনীখনৰ বহু লৰা-ছোৱালী আমাৰ বিদ্যালয়ত পঢ়ে। এই কলনীখনৰ প্ৰত্যেক ঘৰে ঘৰে মই আজি পতাকা বিতৰণ কৰিছোঁ। লগতে তেওঁলোকক মই অনুপ্ৰাণিত কৰিছোঁ যে ১৩ আগষ্ট তাৰিখৰ পৰা ১৫ আগষ্টলৈকে যাতে তেওঁলোকে ঘৰে ঘৰে পতাকা উৰুৱাই। এই স্বাধীনতা দিৱসৰ জৰিয়তে আমাৰ মাজত লুকাই থকা দেশপ্ৰেম প্ৰকাশ কৰিবলৈ এক সুবৰ্ণ সুযোগ লাভ কৰিছোঁ। গতিকে হৰিজন কলনীৰ সকলোৱে উক্ত সময়ত পতাকা উৰুৱাব আৰু নিজৰ দেশপ্ৰেম প্ৰকাশ কৰিব," শিক্ষক গৰাকীয়ে কয়।
পতাকা বিতৰণ কৰি হৰিজন কলনীৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক উৎসাহিত কৰিছে শিক্ষক ছিৰখাত হুছেইনে। শিক্ষক গৰাকীয়ে নিজৰ সামৰ্থ অনুযায়ী পতাকা বিতৰণ কৰাৰ উপৰিও সকলোকে পতাকা উৰুৱাই আজাদি কা অমৃত মহোৎসৱৰ এই মহৎ উদ্দেশ্যেক সাৰ্থক কৰাৰ আহ্বান জনাইছে।
 
হাতত জাতীয় পতাকা লৈ শিক্ষক ছিৰখাত হুছেইন
 
উল্লেখযোগ্য যে ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক ১৩ ৰ পৰা ১৫ আগষ্টলৈকে নিজৰ ঘৰ, অনুষ্ঠান, প্ৰতিষ্ঠানত ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাইছিল। জাতীয় পতাকাৰ প্ৰতি অধিক সন্মান, শ্ৰদ্ধাৰ এক জাগৰণ অনাৰ বাবে এই কাৰ্যসূচী লবলৈ আহ্বান জনাইছিল। এই উপলক্ষে যোৱা ২ আগষ্টৰ পৰা ১৩ আগষ্টলৈকে ঘৰে ঘৰে সজাগতা প্ৰচাৰ অভিযান কাৰ্যসূচী চৰকাৰীভাৱে আৰম্ভ কৰা হৈছে। 
আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩১ জুলাইত জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসমৰ ৰাইজৰ উদ্দেশ্য কেইবাটাও আহ্বান জনায়। লগতে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰি তুলিবলৈ চৰকাৰে লোৱা পদক্ষেপ সন্দৰ্ভতো সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কৈছিল যে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যখনৰ প্ৰতি ঘৰ লোকেই নিজ চৌহদত ত্ৰিৰংগা পতাকা উত্তোলন কৰিব নতুবা উৰুৱাব। চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান, দোকান-পোহাৰ, মন্দিৰ-মছজিদ, গীৰ্জাঘৰ, অনাথ আশ্রম, বৃদ্ধাবাস আদিকে ধৰি সৰ্বত্ৰ ঠাইত পতাকা উত্তোলন কৰাৰ আহ্বান জনায়। 
ইয়াৰোপৰি দেশৰ প্ৰতিজন নাগৰিকে ছ'চিয়েল মিডিয়াত থকা প্ৰফাইল ফটো আতৰাই ত্ৰিৰংৰা পতাকা লগালে উত্তম। অহা ১১ আগষ্টত ৰাজ্যখনৰ বিদ্যালয়সমূহত প্রভাত ফেৰীৰে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ বাবে সচেতনতা গঢ়ি তোলাতো কাৰ্যসূচী লোৱা হ'ব।
 
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বদেশ প্রেম বিলাইছে শিক্ষক ছিৰখাত হুছেইনে
 
ইপিনে এইবাৰ পতাকা বনোৱাৰ ক্ষেত্ৰত ৰাজ্যখনৰ আত্মসহায়ক গোটসমূহক জড়িত কৰা হৈছে। ৰাজ্যখনৰ প্ৰায় ৭২ লাখ পৰিয়ালৰ বিপৰীতে ৩০ লাখ পতাকা নিৰ্মাণৰ দায়িত্ব আত্মসহায়ক গোটবোৰক দিয়া হৈছে আৰু ৫০ লাখ পতাকা কেন্দ্ৰৰ টেক্সটাইল মন্ত্ৰালয়ৰ পৰা ৰাজ্য চৰকাৰে ক্ৰয় কৰিব। ৰাজ্য চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীসকলক আগষ্ট মাহৰ মাহিলি আর্থিক সাহায্যৰ সতে ত্ৰিৰংগা ক্ৰয় কৰিবলৈ ১৮ টকা অতিৰিক্ত ভাৱে প্ৰদান কৰিব।