বুলডজাৰ ৰাজনীতিৰ বিৰোধিতা ৰাষ্ট্ৰসংঘৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
বুলডজাৰ ৰাজনীতিৰ বিৰোধিতা ৰাষ্ট্ৰসংঘৰ
বুলডজাৰ ৰাজনীতিৰ বিৰোধিতা ৰাষ্ট্ৰসংঘৰ
নতুন দিল্লী
 
দেশত বিগত কেইমাহমানত হিংসাত্মক বিক্ষোভৰ ঘটনা সংঘটিত হৈছে। বিশেষকৈ বিজেপিশাসিত ৰাজ্যত এই ঘটনাৰ সংখ্যা অধিক। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ বুলডজাৰ নীতি অন্য বিজেপি শাসিত ৰাজ্যয়ো অনুসৰণ কৰিছে। দুৰ্বৃত্তই শান্তি নষ্টৰ চেষ্টা কৰিলে প্ৰশাসনে তেওঁলোকৰ ঘৰ-দুৱাৰ ভাঙি পেলাইছে বুলডজ্জাৰেৰে। 
 
 
এই বুলডজাৰ নীতি দেশে-বিদেশে বিৰোধিতা কৰাৰ সময়তে ৰাষ্ট্ৰসংঘয়ো ইয়াৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ তিনি বিশেষ দুতে বুলভজাৰ নীতিৰ বিৰোধিতা কৰি ভাৰত চৰকাৰলৈ এই সম্পৰ্কত পত্ৰ প্ৰেৰণ কৰিছে। ৯ জুনত ৰাষ্ট্ৰসংঘৰ বিশেষ দুতে কেন্দ্ৰলৈ এইমর্মে পত্ৰ প্ৰেৰণ কৰে। এই পত্র প্ৰেৰণৰ তিনিদিনৰ পিচত অর্থা‍ৎ যোৱা বাৰ জুনত প্রয়াগৰাজৰ হিংসাত্মক ঘটনাৰ মাষ্টাৰমাইও জাভেদ আহমেদ ওৰফে পাম্পৰ ঘৰ বুলডজাৰেৰে ধ্বংস কৰা হয়। 
 
এই ঘটনা বিৰোধী দলসমূহেও তীব্ৰ ভাষাৰে নিন্দা কৰে। প্ৰশাসনৰ ফালৰ পৰা বুলডজাৰ অভিযানৰ পূৰ্বে একাধিকবাৰ জাননী দিয়া বুলি উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ পত্ৰত ভাৰতত সংঘটিত এনে বুলডজাৰ কাগুত উদ্বেগ প্রকাশ কৰা হয়। 
এইধৰণৰ কাৰ্যই হিংসাত্মক প্রতিবাদক চেৰাই গৈছে। ৯ জুনত ৰাষ্ট্ৰসংঘৰ বিশেষ দুতে দিয়া পত্ৰৰ উত্তৰ দিবলৈ যাঠিদিনৰ সময় দিয়া হৈছে ভাৰত চৰকাৰক। ভাৰত চৰকাৰে এই সন্দৰ্ভত কেনেধৰণৰ স্থিতি গ্ৰহণ কৰে সেইকথা লক্ষণীয় হ'ব। উল্লেখ্য বিশিষ্ট সাংবাদিক কৰণ থাপাৰৰ এক সাক্ষাৎকাৰত মেছাছুটেছ ইনষ্টিটিউট অব টেকন'লজিৰ আৰবন ষ্টাডিজ এণ্ড প্লেনিং বিভাগৰ আইন আৰু উন্নয়ন শাখাৰ সহযোগী অধ্যাপক বালাকৃষ্ণন বাজাগোপালে ৰাষ্ট্ৰসংঘৰ বিশেষ সুতৰ দ্বাৰা বুসজ্জাৰ নীতিৰ বিৰোধিতা কৰাৰ কথা নিশ্চিত কৰিছে।