শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Story by  atv | Posted by  [email protected] • 1 Years ago
শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
শুকুৰবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
গুৱাহাটী
 
৪ দিনৰ ভ্ৰমন সূচী লৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শুকুৰবাৰে বিয়লি ৭ বজাত বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী ৷ তাৰ পৰা কইনাধৰা ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হ'ব বিজেপিৰ নেতৃত্বৰ সৈতে ৷
 
 
৮ তাৰিখে ১০ বজাত নৱ নিৰ্মিত বিজেপি ৰ কায্যালয় উদ্ধোধন কৰাৰ পিছতে ১২ বজাত কইনাধৰালৈ যাব ৷ ১বাজি ৫৫ মিনিটত খানাপাৰৰ ৰাজহুৱা মিটিঙত অংশ ল'ব ৷ বিয়লি ৪ বজাত  উত্তৰ পূবৰ ৰাজ্যৰ মূখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান,কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মূৰব্বী তথা এন চি বিকে ধৰি বিভিন্ন সংস্থা সমূহৰ লগত আলোচনাত মিলিত হব। 
 
৯ তাৰিখে ১০ বাজি ৪৫ মিনিটত ষ্টাফ কলেজত এন ই চি বৈঠকত অংশ লব গৃহমন্ত্ৰী গৰাকীয়ে ৷ বিয়লি ৰাওনা হব দেৰগাওঁস্থিত PTC ত আৰক্ষী অধীক্ষকৰ বৈঠকত৷