উত্তৰাখণ্ডৰ হিমস্খলনত প্ৰখ্যাত পৰ্বতাৰোহী সবিতা কন্সৱালৰ মৃত্যু, অসমৰ দীপশিখা হাজৰিকা সন্ধানহীন

Story by  atv | Posted by  [email protected] • 1 Years ago
সবিতা কন্সৱাল
সবিতা কন্সৱাল
উত্তৰকাশী
 
১৫ দিনৰ ভিতৰতে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট মাকালু আৰোহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰা প্ৰখ্যাত পৰ্বতাৰোহী সবিতা কন্সৱাল উত্তৰকাশী জিলাত সংঘটিত ভয়ংকৰ হিমস্খলনত নিহত হোৱাসকলৰ ভিতৰত অন্যতম আছিল।
 
উত্তৰকাশীস্থিত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে বুধবাৰে সবিতাৰ মৃত্যুৰ কথা নিশ্চিত কৰে। এতিয়ালৈকে উদ্ধাৰ হোৱা চাৰিটা মৃতদেহৰ ভিতৰত তেওঁৰ মৃতদেহো আছে। মঙলবাৰে হিমস্খলনত আঘাতপ্ৰাপ্ত হৈ শৃংগটো আৰোহণ কৰি উভতি আহিছিল ৪১ জনীয়া এটা পৰ্বতাৰোহী দল।
কন্সৱালে এন আই এমত প্ৰশিক্ষক হিচাপে কাম কৰিছিল আৰু প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীৰ এটা দলৰ সৈতে দ্ৰৌপদী কা দাণ্ডা-২ আৰোহণ কৰিবলৈ গৈছিল। তেওঁৰ মৃত্যুৰ খবৰে দেশৰ দুঃসাহসিক ক্ৰীড়া জগতত শোকৰ ছা পেলাইছে। উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে কন্সৱালে মাত্ৰ ১৫ দিনৰ ভিতৰত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট মাকালু আৰোহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। 
কৰ্ণেল বিষ্টে কয় যে এই ক্ষেত্ৰত তুলনামূলকভাৱে নতুন হোৱাৰ পিছতো কন্সৱালে পৰ্বতাৰোহণৰ জগতখনত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল।
২০১৩ চনত তেওঁ এন আই এমৰ পৰা বেচিক, এডভান্সড, চাৰ্চ এণ্ড ৰেচকিউ আৰু মাউণ্টেইনিং প্ৰশিক্ষক পাঠ্যক্ৰম কৰিছিল আৰু ২০১৮ চনৰ পৰা প্ৰতিষ্ঠানটোত প্ৰশিক্ষক হিচাপে কাম কৰি আছিল। 
 
 
অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকা
 
ইফালে, উত্তৰকাশী জিলাত সংঘটিত ভয়ংকৰ হিমস্খলনত অসমৰ দীপশিখা হাজৰিকা নামৰ পৰ্বতাৰোহী এগৰাকী সন্ধানহীন হৈ আছে।  তেওঁ উত্তৰাখণ্ডৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিঙত এডভান্স মাউণ্টেইনিং কোৰ্চৰ বাবে গৈছিল। তেওঁলোকক উদ্ধাৰৰ বাবে সেনা বাহিনীয়ে অভিযান চলাই আছে।