গুৱাহাটী
ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনৰ শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। বৰাক উপত্যাকাসহ ৰাজ্যৰ ১৪ খন জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিশেষকৈ উজনি অসমৰ আটাইকেইখন জিলাকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সামৰি লোৱা হৈছে। আনহাতে, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব অহা ৭ মে'ত।
ইফালে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পুৱাৰে পৰা ভোটাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ভোটকেন্দ্ৰসমূহত ভোটাৰৰ আশানুৰূপ উপস্থিতি পৰিলক্ষিত হৈছে। শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি।
শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১৬ টা জিলা পৰিষদৰ আসনৰ বাবে যুঁজ হ’ব৷ মুঠ ৬৩৯ জন প্ৰাৰ্থীয়ে এই পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে, আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্যপদৰ বাবে ২৬০৮ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলাকেইখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। ক'তো যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসন তথা আৰক্ষী সষ্টম হৈ আছে। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰায় ১.২০ লাখ বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে।
দুয়োটা পৰ্যায়তে ১.৮ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ভিতৰত ৯০.৭১ লাখ পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৮৯.৬৯ লাখ। আনহাতে, অন্যান্য শ্ৰেণীৰ ভোটাৰ হৈছে ৪০৮ গৰাকী। সৰ্বমুঠ ২৫,০০৭ টা ভোটকেন্দ্ৰত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব।
পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ আসনৰ সংখ্যা হৈছে ৩৯৭ গৰাকী। আনহাতে, আঞ্চলিক পঞ্চায়তৰ আসনৰ সংখ্যা ২,১৯২ আৰু গাঁও পঞ্চায়তৰ আসনৰ সংখ্যা হৈছে ২১,৯২০ গৰাকী। ২১, ৯২০ গৰাকী নিৰ্বাচিত গাঁও পঞ্চায়ত সদস্যৰ মাজৰ পৰা ২,১৯২ টা গাঁও পঞ্চায়তৰ ২,১৯২ জন সভাপতি আৰু ২,১৯২ জন উপ-সভাপতি নিৰ্বাচন কৰা হ’ব৷ এইসমূহ আসনৰ ৯,২৭০ খন অসংৰক্ষিত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০,৮৮৩ খন।
উল্লেখ্য যে ২ মে' অৰ্থাৎ শুকুৰবাৰে ১৪ খন জিলা আৰু অহা ৭ মে'ত ১৪ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অহা ১১ মে’ত ঘোষণা কৰা হ’ব৷ এইবাৰৰ গাঁও পঞ্চায়তত ৰাজনৈতিক দলৰ প্ৰতীকত প্ৰাৰ্থীৰ ব্যৱস্থা নাই৷ অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি, আঞ্চলিক পঞ্চায়তৰ ২,১৯২ খন আৰু জিলা পৰিষদৰ ৩৯৭ খন আসনৰ বাবে প্ৰাৰ্থীসকলে ৰাজনৈতিক দলৰ প্ৰতীকত নিৰ্বাচন খেলিব৷
ইতিমধ্যে প্ৰথম পৰ্যায়ত জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থী। এই ৩৭ খন জিলা পৰিষদৰ ভিতৰত ৩৫ খনত বিজেপিৰ প্ৰাৰ্থী আৰু দুখন জিলা পৰিষদ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯ খনত বিজেপি আৰু ২৯ খন অগপই বিজয় নিচান উৰুৱাইছে। বিৰোধী এ আই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ এখন আসন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিবলৈ সক্ষম হৈছে।