এভাৰেষ্টৰ শিখৰৰ ঠিক তলতে নিজকে মৃত বুলি অনুভৱ কৰিছিল হেদায়েত আলীয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত হেদায়েত আলী
মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত হেদায়েত আলী
ইমতিয়াজ আহমেদ গুৱাহাটী
 
পৃথিৱীৰ সৰ্বোচ্চ শিখৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ এক দুৰ্বাৰ সপোন প্ৰতিজন পৰ্বতাৰোহীয়ে মনৰ মাজত পুঁহি ৰাখে। কিন্তু খুব কমসংখ্যকেহে এই সপোন পূৰণ কৰিবলৈ সক্ষম হয়। অদম্য মানসিক শক্তি আৰু শাৰীৰিক সক্ষমতাৰ বলতহে এই বিৰল সাফল্য অৰ্জন কৰিব পাৰি। মাউণ্ট এভাৰেষ্ট জয় কৰাটো ইমানেই প্ৰত্যাহ্বানজনক যে বহুতে অভিযান আধাতে সামৰি উভতি আহিবলগীয়া হয়। এই কঠিন যাত্ৰাকালত বহুতে আনকি প্ৰাণো হেৰুৱায়। প্ৰতিটো খোজতে তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় নিশ্চিত মৃত্যুৰ প্ৰত্যাহ্বান।
 
শেহতীয়াকৈ সফলতাৰে এভাৰেষ্ট আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা হাজোৰ সুযোগ্য সন্তান তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা হেদায়েত আলীয়েও একেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এটা সময়ত তেওঁ নিজকে মৃত অনুভৱ কৰিছিল আৰু সেই সময়ত নিজৰ প্ৰিয়জনৰ ছবিবোৰ তেওঁৰ মনত ভাঁহি উঠিছিল বুলি হেদায়েত আলীয়ে প্ৰকাশ কৰিছে। তেওঁ এভাৰেষ্ট আৰোহণৰ আটাইতকৈ কঠিন অংশ, অৰ্থাৎ হিলাৰী ষ্টেপত এই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল।
 
তেওঁ পানী খাবলৈ  অক্সিজেন মাস্কটো খুলিছিল আৰু তাৰ পিছত নিজকে উশাহ ল'বলৈ বায়ু অবিহনে পাইছিল। পানী খোৱাৰ সময়ত তেওঁৰ মাস্কৰ অক্সিজেন ভাল্ভ বৰফ হৈ গৈছিল আৰু অক্সিজেনৰ প্ৰবাহ বন্ধ হৈ গৈছিল। কিছু সময় উশাহ ল'বলৈ কষ্ট কৰাৰ পিছত তেওঁ যথেষ্ট ভয় খাইছিল। কিন্তু শেষ মুহূৰ্তত এজন শ্বেৰ্পাৰ সহায়ত সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছিল বুলি আলীয়ে জানিবলৈ দিছে।
 
নেপালৰ কাঠমাণ্ডুত উপস্থিত হোৱাৰ পিছত, আলীয়ে তেওঁৰ সু স্বাস্থ্যৰ অৱস্থা আৰু দ্ৰুত আৰোগ্যৰ বিষয়ে অৱগত কৰি সামাজিক মাধ্যমত এটা দীঘলীয়া বাৰ্তা পোষ্ট কৰিছে, য'ত তেওঁ হিলাৰী ষ্টেপৰ পৰিস্থিতিটোৰ বিষয়ে উল্লেখ কৰিছিল। 
"যিকোনো দুঃসাহসিক অভিযানৰ সৈতে আপোনাৰ কিছুমান অপ্ৰত্যাশিত পৰিস্থিতি থাকে। মোৰ উত্তেজনাপূৰ্ণ মুহূৰ্তটো আছিল যেতিয়া মই শীৰ্ষ আৰোহণৰ দিনা হিলাৰী ষ্টেপত পানী খোৱাৰ বাবে মোৰ অক্সিজেন মাস্কটো খুলিছিলোঁ, তেতিয়া মুহূৰ্তৰ ভিতৰতে অক্সিজেন ভাল্ভ বৰফেৰে আৱদ্ধ হৈ পৰে আৰু মই উশাহ ল'ব পৰা নাছিলোঁ, মই নাৰ্ভাছ হৈ পৰিছিলো আৰু ভাবিছিলো যে মই ইয়াত চিৰদিনৰ বাবে থাকি যাম। সেই সময়ত মোৰ পত্নী আৰু সন্তানৰ প্ৰতিচ্ছবি মনত ভাঁহি উঠিছিল। কিন্তু ঈশ্বৰৰ কৃপাত, মই শান্ত হ'লো, এজন শ্বেৰ্পাৰ সহায়ত ইয়াক সমাধান কৰিবলৈ সক্ষম হৈছিলো," আলীয়ে পোষ্ট কৰিছে।
হিলাৰী ষ্টেপ হৈছে প্ৰায় ১২ মিটাৰ (৪০ ফুট) উচ্চতাৰ প্ৰায় উলম্ব শিল, যি সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৮,৭৯০ মিটাৰ (২৮,৮৩৯ ফুট) উচ্চতাত মাউণ্ট এভাৰেষ্টৰ শিখৰৰ ওচৰত অৱস্থিত। দক্ষিণ শীৰ্ষ আৰু প্ৰকৃত শীৰ্ষৰ মাজভাগত দক্ষিণ-পূব ৰিদজত অৱস্থিত, হিলাৰী ষ্টেপ হৈছে সাধাৰণ নেপালৰ ফালৰ এভাৰেষ্ট আৰোহণৰ আটাইতকৈ কাৰিকৰীভাৱে কঠিন অংশ আৰু শৃংগৰ শীৰ্ষত উপনীত হোৱাৰ আগতে অন্তিম প্ৰত্যাহ্বান। ২০১৫ চনত নেপালৰ ভূমিকম্পৰ ফলত শিলৰ মুখখন কিছু ধ্বংস হৈছিল।
"আপোনাৰ মৰম, সমৰ্থন আৰু আশীৰ্বাদৰ বাবে মোৰ সকলো পৰিয়াল আৰু বন্ধুবৰ্গক ধন্যবাদ। ঈশ্বৰৰ কৃপাত, সকলোবোৰ পৰিকল্পনা অনুসৰি চলিছিল, কোনো আঘাত নাছিল, ভালদৰে আৰোগ্য হৈছোঁ আৰু কাঠমাণ্ডুলৈ ঘূৰি আহিলোঁ," তেওঁ তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰি পোষ্ট আৰম্ভ কৰিছে।
 
মনৰ ভাৱ প্ৰকাশ কৰি আলীয়ে লিখিছে: "মই পোন্ধৰ বছৰ বয়সত ভাৰতৰ  হিমালয় ৰাজ্য ছিকিমত ট্ৰেকিং অভিযানত যোগদান কৰাৰ পিছত এভাৰেষ্ট মোৰ কাৰণে এক সপোন হৈ পৰিছিল। ৪২ বছৰ বয়সত তিনিটা সন্তানৰ পিতৃ হোৱাৰ পিছত মই এভাৰেষ্ট আৰোহণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলো।
"প্ৰথম অৱস্থাত মই বহুত নাৰ্ভাস আছিলোঁ আৰু নিজকে বলিয়া অনুভৱ কৰিছিলো। কিন্তু একে সময়তে, মই এই চেষ্টা নকৰাকৈ পিছুৱাই আহিব বিচাৰা নাছিলো। মোৰ সম্পূৰ্ণ ৯ বছৰৰ প্ৰস্তুতিৰ বাবে মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগতে ঈশ্বৰৰ আশীৰ্ব্বাদ, প্ৰেম আৰু সমৰ্থনত মই দ্ৰুতগতিত আগবাঢ়িলো আৰু মোৰ আটাইতকৈ বিৰল সপোনটো বাস্তৱত পৰিণত হয়।"
আলীয়ে লগতে কয়, "মোৰ এই সফলতাৰ বাবে মই ঈশ্বৰক ধন্যবাদ জনাওঁ। তেওঁ  মোক সুৰক্ষিত আৰু স্বাস্থ্যৱান কৰি ৰখাৰ বাবে আৰু লগতে মোক এক নতুন অভিজ্ঞতা লাভ কৰাৰ বাবে এই সুযোগ প্ৰদান কৰাৰ বাবে।"
 
হেদায়েত আলীয়ে এভাৰেষ্টৰ শীৰ্ষত তেওঁৰ বিদ্যালয় আৰু মহাবিদ্যালয়ক প্লেকাৰ্ড ধৰি ধন্যবাদ জনাইছে
 
আলীয়ে ১২ মে'ত মাউণ্ট এভাৰেষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক হিচাপে শীৰ্ষত উপনীত হৈছিল। তেওঁ ১১ জনীয়া আন্তঃৰাষ্ট্ৰীয় অভিযান দলৰ অংশ আছিল। আলিয়ে পুৱা প্ৰায় ৭.৩০ বজাত নেপালৰ ফালৰ পৰা বিশ্বৰ সৰ্বোচ্চ শৃংগৰ শীৰ্ষত উপনীত হৈছিল। দলটোত আন দুজন ভাৰতীয় পৰ্বতাৰোহীও আছিল -- যতীন ৰামসিংহ চৌধুৰী আৰু প্ৰকৃতি বৰ্ষনী।
সূত্ৰয়ে জনোৱা মতে, মধ্য অসমৰ কামৰূপ জিলাৰ হাজোৰ দামপুৰ গাঁওৰ সু-সন্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ছফ্টৱেৰ অভিযন্তা আলীয়ে আমেৰিকালৈ ৰাওনা হোৱাৰ আগতে অসম ভ্ৰমণ কৰিব। আৰোহণৰ আগতে তেওঁ অসম আৰোহি হেনৰী ডেভিদ ইংটি আৰু অসম মাউন্টেনিয়াৰিং এছ'চিয়েশ্যনৰ পৰা কাৰিকৰী পৰামৰ্শ লৈছিল। 
গোৱালপাৰা সৈনিক স্কুলত অধ্যয়ন কৰি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা হেদায়েত আলী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিলিকন ভেলীত ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বে তেওঁ দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰুছ, আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ কিলিমাঞ্জাৰো পৰ্বতৰ মাউণ্ট একনোগুৱাও সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছিল। 
 
এই বিৰল সুখ্যাতি অৰ্জন কৰা হেদায়েত আলী হ’ল অসমৰ অষ্টমগৰাকী পৰ্বতাৰোহী। ইয়াৰ পূৰ্বে তৰুণ শইকীয়া, মনীষ ডেকা, হেনৰী ডেভিদ ইংটি, খোৰচিং টেৰন, নব কুমাৰ ফুকন, নন্দ দুলাল দাস আৰু কুনচুক টেম্পাই এই কৃতিত্ব অৰ্জন কৰিছিল। আলীয়ে প্ৰথমবাৰৰ বাবে ২০১৯ চনত এভাৰেষ্ট আৰোহণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে বেছ কেম্পৰ পৰা ওভতি আহিবলগীয়া হৈছিল।