৪২ বছৰে ৩০ লাখ জাতীয় পতাকা তৈয়াৰ কৰা কোন এইগৰাকী ব্যক্তি ?

Story by  atv | Posted by  [email protected] • 1 Years ago
৪২ বছৰে ৩০ লাখ জাতীয় পতাকা তৈয়াৰ কৰা কোন এইগৰাকী ব্যক্তি ?
৪২ বছৰে ৩০ লাখ জাতীয় পতাকা তৈয়াৰ কৰা কোন এইগৰাকী ব্যক্তি ?
গুৱাহাটী
 
৭৫ তম স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন সাধাৰণক কেতবোৰ আহ্বান জনাইছে। ৭৫ তম স্বাধীনতা দিৱসটোক 'আজাদী কা অমৃত উৎসৱ' হিচাপে উদযাপন কৰিবলৈ আহ্বান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পিছৰে পৰা আজাদী কা অমৃত উৎসৱত মানুহৰ মাজত ত্ৰিৰংগাৰ আবেগ বাঢ়িছে। ত্ৰিৰংগা তৈয়াৰৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে প্ৰস্তুতিৰ বিভিন্ন ছবি।পতাকা তৈয়াৰ কৰি চৰ্চা লাভ কৰিছে ৰাঁচীৰ আব্দুল খুড়াও।
 
 
আব্দুল খুড়াই এই পৰ্যন্ত ২৫ৰ পৰা ৩০ লাখ পতাকা প্ৰস্তুত কৰিছে। তেওঁ কয় যে এয়া তেওঁৰ বাবে কৰ্মসংস্থাপন বা ব্যৱসায় নহয়, ইয়াৰ তেওঁৰ আবেগহে, যিয়ে দেশৰ বাবে ত্ৰিৰংগা বনাবলৈ প্ৰেৰণা দিয়ে। আব্দুল খুড়াৰ বাঢ়ি অহা বয়সলৈ চাই আপুনি ভাবিবলৈ বাধ্য হ'ব যে এইটো কেনেকৈ সম্ভৱ। কিন্তু ত্ৰিৰংগা বনোৱাৰ এই আবেগেই তেওঁক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিছে।
 
আজি যেতিয়া সমগ্ৰ দেশত হৰ ঘৰ তিৰংগা অভিযান চলি আছে, তেতিয়া আব্দুল খুড়াৰ অৰ্ডাৰৰ অভাৱ নাই। নিজৰ জীৱনত এইবাৰেই সৰ্বোচ্চ পতাকা প্ৰস্তুত কৰিবলৈ মানুহৰ আহ্বান প্ৰতিদিনে আহি আছে। 
 
পতাকা তৈয়াৰ কৰি থকা মুহূৰ্তত আব্দুল খুড়া আৰু তেওঁৰ পত্নী
 
ৰাঁচী, খুন্টি, ৰামগড়, হাজাৰিবাগ, লোহৰদগা, চিমডেগা, গুমলা জিলালৈকে তেওঁ ত্ৰিৰংগা পঠিয়াব লাগিব। আব্দুল খুড়াই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অভিযানে ত্ৰিৰংগাৰ গৌৰৱ বৃদ্ধি কৰিছে।
 
আব্দুল চাচা ৰূপে জনপ্ৰিয় আব্দুল ছাত্তাৰ চৌধুৰীৰ সমগ্ৰ পৰিয়ালে ত্ৰিৰংগা প্ৰস্তুত কৰিবলৈ নামি পৰিছে। প্ৰতিদিনে পুৱাৰ নামাজ পঢ়াৰ পিছতে চাচাৰ লগতে পত্নী ফাতমা খাতুনৰ সৈতে ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে তেওঁ। পৰিয়ালৰ সকলো সদস্যকে ত্ৰিৰংগা প্ৰস্তুতৰ বিভিন্ন কাম দিয়া হৈছে।
আনকি নাতিয়েকেও ককাক-আইতাকৰ সৈতে ত্ৰিৰংগা তৈয়াৰ কৰাত সহায় কৰে। ত্ৰিৰংগা প্ৰস্তুত কৰাৰ সময়ত ইয়াৰ গৌৰৱ যাতে ম্লান নহয় তাৰ প্ৰতি বিশেষ যত্ন লোৱা দেখা যায় চাচাৰ নাতিক। ৮৩ বছৰীয়া আব্দুল ছাত্তাৰ চৌধুৰীয়ে ৪২ বছৰ ধৰি ত্ৰিৰংগা তৈয়াৰ কৰি আহিছে। এতিয়া হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ সময়ত তেওঁৰ কামৰ বাবে সকলোৱে প্ৰশংসা কৰি আছে।