পেট কাটি নিৰ্মমভাৱে হত্যা ৯ বছৰীয়া কিশোৰীক

Story by  atv | Posted by  Munni Begum • 1 Years ago
পেট কাটি নিৰ্মমভাৱে হত্যা ৯ বছৰীয়া কিশোৰীক
পেট কাটি নিৰ্মমভাৱে হত্যা ৯ বছৰীয়া কিশোৰীক
পিলিভীত 
 
পিলিভীটৰ আমৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাধোপুৰ গাঁৱৰ উপকণ্ঠত থকা ঘেঁহুৰ পথাৰত এগৰাকী ন বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা কৰাৰ লগতে শৰীৰ বিকৃত কৰি হত্যা কৰা হৈছে। 
 
আৰক্ষীয়ে জনোৱা মতে, ৩য় শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ পেট কটা  অৱস্থাত উদ্ধাৰ হয় আৰু  ভিতৰৰ অংগবোৰ চাৰিওফালে সিঁচৰতি হৈ থকা অৱস্থাত উদ্ধাৰ হয়। ই
 
কিশোৰীগৰাকীৰ পিতৃ অনিছ আহমেদৰ মতে, শুকুৰবাৰে নিশা অনম তেওঁৰ ককাক ছাদাব আহমেদৰ সৈতে ওচৰৰ এখন গাঁও চৰাইন্দা পট্টিত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। 
সেই নিশা তাই ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল। পৰিয়ালৰ লোকে কিশোৰী গৰাকীক বিচাৰি আছিল আৰু অৱশেষত শনিবাৰে তাইৰ মৃতদেহ পাবলৈ সক্ষম হয়। 
অনিছ আহমেদে কয় যে, "মই লগে লগে এম্বুলেন্স মাতিলোঁ কাৰণ তাইৰ উশাহলৈ আছিল। চিকিৎসালয়লৈ যোৱাৰ পথত তাই আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেনে কৰাৰ আগতেই তাইৰ মৃত্যু হয়।" 
 
ঘটনাৰ বুজ লবলৈ ততাতৈয়াকৈ আৰক্ষী অধীক্ষক দীনেশ কুমাৰ প্ৰভুৱে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে স্থানীয় গাঁৱৰ ছাকিল বৈস্তাভা নামৰ এজন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি তেওঁক জিম্মাত লৈছে।
আৰক্ষীৰ মতে, অনিছ আহমেদৰ ছাকিলৰ সৈতে পুৰণি শত্ৰুতা আছিল। দৰাচলতে এই গোচৰ সন্দৰ্ভত এফআইআৰ দাখিল কৰা হৈছিল আৰু এতিয়াও আদালতত বিচাৰাধীন হৈ আছে। 
এছ এইচ অ’ মুকেশ শুক্লাই কয় যে, "হত্যাস্থলীৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত অৱস্থিত পথাৰত তেজৰ দাগ থকা এখন দা উদ্ধাৰ কৰা হৈছে। ফৰেনছিক দলে প্ৰয়োজনীয় সকলো প্ৰমাণ সংগ্ৰহ কৰিছে। 
 
এছ পি প্ৰভুৱে কয়, "অভিযুক্তৰ বিৰুদ্ধে আই পি চি ধাৰা ৩০২ (হত্যা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত আমি এতিয়ালৈ ধৰ্ষণৰ কথা নুই কৰিছো। বিষয়টোৰ অধিক তদন্ত চলি আছে।"