আৱাজ দ্য ভইচ ব্যুৰো / নতুন দিল্লী / আলিগড়
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বিভিন্ন ধৰনৰ কাৰ্যসূচীৰে পালন কৰা হয় যোগ দিৱস। যোগ দিৱস উপলক্ষে দিল্লীস্থিত জামিয়া মিলিয়া ইছলামিয়া আৰু উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয় (এএমইউ)ত কিছুদিন পুৰ্বৰ পৰাই যোগৰ প্ৰতি ব্যাপক উৎসাহ আৰু সজাগতাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছিল। কিয়নো দুয়োখন সন্মানীয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে যোগক কেৱল এক অনুষ্ঠান বুলি গণ্য নকৰি জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে।
জামিয়াত 'জামিয়া যোগ পৰিক্ৰমা অভিযান'ৰ অধীনত বিভিন্ন বিভাগত নিয়মীয়াকৈ যোগাসনৰ আয়োজন কৰাৰ সময়তে এ এম ইউয়ে সামগ্ৰিক স্বাস্থ্যৰ বাবে আনপ্লাগড মেডিটেচনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি চতুৰ্থ পৰ্যায়ৰ যোগ কৰ্মশালা শৃংখলাৰ আৰম্ভ কৰিছে। এই অনুষ্ঠানসমূহৰ উদ্দেশ্য কেৱল ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক যোগাসনৰ সৈতে সংযোগ কৰাই নহয় বৰং আধুনিক জীৱনশৈলী অনুযায়ী ভাৰতৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্য পুনৰ প্ৰতিষ্ঠা কৰা।
জামিয়া মিলিয়া ইছলামিয়াত 'যোগ পৰিক্ৰমা'ৰ পদক্ষেপ
জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য অধ্যাপক মাজহাৰ আছিফ, পঞ্জীয়ক অধ্যাপক মেহতাব আলম ৰিজৱী আৰু সংস্কৃত বিভাগৰ মুৰব্বী ড০ জয় প্ৰকাশ নাৰায়ণৰ নেতৃত্বত বিশ্ববিদ্যালয়খনত 'জামিয়া যোগ পৰিক্ৰমা' নামৰ এক অভিযান আৰম্ভ কৰা হয়। এই পদক্ষেপৰ অধীনত ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক-কৰ্মচাৰীৰ শাৰীৰিক, মানসিক আৰু আৱেগিক স্বাস্থ্য উন্নত কৰাৰ লক্ষ্যৰে নিয়মীয়াকৈ যোগাভ্যাস কৰা হৈছে।
জামিয়া মিলিয়া ইছলামিয়াত ‘যোগ পৰিক্ৰমা’ৰ পদক্ষেপ
শেহতীয়াকৈ চেণ্টাৰ ফৰ ডিষ্টেন্স এণ্ড অনলাইন এডুকেচন (চিডিঅ'ই)ত সংস্কৃত বিভাগৰ উদ্যোগত এক বিশেষ যোগ অধিবেশনৰো আয়োজন কৰা হৈছিল। য'ত প্ৰায় ৬০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। যোগ প্ৰশিক্ষক তথা গৱেষক ইমৰাণ খান ডাঙৰীয়াৰ নিৰ্দেশনাত গ্ৰীৱ সঞ্চালন, স্কন্ধ শক্তি বিকাশক ব্যায়াম, তাড়াসন, ত্ৰিকোনাসন, পাদহাস্তাসন, অৰ্ধ চক্ৰাসন, ভুজংগাসন, অনুলোম-ভিলোম, ভষ্ট্ৰিকা প্ৰাণায়াম আৰু ধ্যান আদি বিজ্ঞানসন্মতভাৱে অনুশীলন কৰা হয়।
এই অধিবেশনত চিডিঅ'ইৰ সঞ্চালক অধ্যাপক মহম্মদ মোছাহিদ আলম ৰিজৱী, সহকাৰী সঞ্চালক ড০ সমীম আহমেদকে ধৰি বিভাগটোৰ অন্যান্য বিষয়াসকলো উপস্থিত আছিল। সঞ্চালকগৰাকীয়ে যোগক ভাৰতৰ অমূল্য সাংস্কৃতিক ঐতিহ্য বুলি অভিহিত কৰিছে। নিয়মীয়াকৈ এনেধৰণৰ অনুষ্ঠান অব্যাহত ৰাখিব লাগিব বুলিও তেওঁ মন্তব্য কৰিছে।
জামিয়া যোগ পৰিক্ৰমাৰ এই পদক্ষেপে কেৱল শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰাই নহয় বৰং কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱেশ সৃষ্টি আৰু মানসিক চাপ হ্ৰাস কৰাৰ দিশতো ই এক প্ৰশংসনীয় প্ৰচেষ্টা। বিশেষকৈ কাৰ্যালয়ত বহি দীৰ্ঘ সময় কাম কৰা কৰ্মচাৰীসকলৰ বাবে এই পদক্ষেপ অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে।
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত 'যোগাথন' আৰু আনপ্লাগড মেডিটেচন
একেদৰে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়ুষ মন্ত্ৰালয়ৰ তত্বাৱধানত আলিগড় মুছলিম বিশ্ববিদ্যালয়ে সামগ্ৰিক স্বাস্থ্যৰ বাবে আনপ্লাগড মেডিটেচন বিষয়ক বিশেষ যোগ কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাখন শাৰীৰিক শিক্ষা বিভাগৰ চৌহদত আয়োজন কৰা হৈছে। য'ত প্ৰখ্যাত যোগ বিশেষজ্ঞ অধ্যাপক ব্রিজ ভূষণ সিঙে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।
অধ্যাপক সিঙে যোগৰ চিকিৎসা আৰু দাৰ্শনিক দুয়োটা দিশৰ ওপৰত আলোকপাত কৰি বিশেষকৈ কপালাভতী আৰু অনুলোম-ভিলোম প্ৰাণায়ামৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, এই প্ৰাচীন কৌশলসমূহে শৰীৰক শক্তি প্ৰদান কৰাই নহয়, মানসিক ভাৰসাম্য আৰু আভ্যন্তৰীণ শান্তিও প্ৰদান কৰে।
এই কৰ্মশালাৰ সমন্বয়ক আছিল অধ্যাপক জমিৰুল্লাহ খান, আনহাতে অধ্যাপক চৈয়দ তাৰিক মুৰ্তাজাই ন’ডেল অফিচাৰৰ ভূমিকা পালন কৰিছিল। এই কাৰ্যসূচীত সমাজ বিজ্ঞান অনুষদৰ ডীন আৰু শাৰীৰিক শিক্ষা বিভাগৰ অধ্যক্ষ অধ্যাপক ইক্ৰাম হুছেইনকে ধৰি বহু জ্যেষ্ঠ শিক্ষক আৰু বিষয়া উপস্থিত আছিল।
ডিঙি, কান্ধ, ধড় আৰু আঁঠুৰ গতিবিধিৰ দৰে লঘু ৱাৰ্ম আপ ব্যায়ামৰ জৰিয়তে অধিবেশনখন আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছত থিয় হৈ, বহি আৰু শুই থাকি কৰিবলগীয়া বিভিন্ন যোগাসন কৰা হৈছিল। কপালাভটি আৰু প্ৰাণায়ামৰ এক পৰ্যায়ৰ জৰিয়তে অধিৱেশনখনৰ সামৰণি পৰিছিল। যোগৰ প্ৰশিক্ষক মনোজ প্ৰতাপ, আউছফ আহমেদ, অনামুল হক আৰু নিষ্ঠা জৈনে এই কাৰ্যসূচী সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত যোগাশন আৰু মেডিটেচন
দেওবাৰে এ এম ইউ চৌহদত আয়োজিত 'যোগাথন'ই সমগ্ৰ পৰিৱেশ আৰু অধিক উৎসাহেৰে সমৃদ্ধ কৰি তুলিছে। বিশ্ববিদ্যালয়খনৰ বিখ্যাত ডাক পইণ্টৰ পৰা শাৰীৰিক শিক্ষা বিভাগলৈ অংশগ্ৰহণকাৰীসকলে একেলগে সমদল উলিয়াইছি। যিটো যোগ আৰু স্বাস্থ্যৰ প্ৰতি জনসাধাৰনৰ মাজত সজাগতাৰ প্ৰতীক হৈ পৰিছে।
যোগ: ভাগ-বতৰা কৰা ঐতিহ্য, সামগ্ৰিক স্বাস্থ্য
এই দুখন বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাই ইয়াকে প্ৰতিফলিত কৰিছে যে, যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই মানসিক, আৱেগিক আৰু সামাজিক স্বাস্থ্যৰ দিশতো এক শক্তিশালী আহিলা।
জামিয়া আৰু এ এম ইউৰ এই পদক্ষেপে তেওঁলোকৰ মুছলমান ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক যোগৰ সৈতে সংযোগ কৰাই নহয়, ইয়াৰ উদাহৰণো দাঙি ধৰিছে যে, যোগ হৈছে মানৱতাৰ এক ভাগ-বতৰা কৰা সাংস্কৃতিক ঐতিহ্য, ধৰ্ম তথা জাতিৰ সীমাৰো উৰ্ধত।
এই অনুষ্ঠানসমূহে এই বাৰ্তাও প্ৰেৰণ কৰিছে যে, যোগ হৈছে ভাৰতৰ এনে অন্যতম শাখা যিয়ে 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ ধাৰণাটো বাস্তৱায়িত কৰিবলৈ সক্ষম কৰিছে।
আজিৰ দিনটোত সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু সংস্থাসমূহত যোগৰ প্ৰতি সজাগতা আৰু অংশগ্ৰহণৰ পৰিৱেশৰ সৃষ্টি হৈছে। জামিয়া মিলিয়া ইছলামিয়া আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয় এই দিশত এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে এই অনুষ্ঠানৰ আয়োজন কৰাই নহয়, ইয়াক এক ব্যাপক মতাদৰ্শগত, শৈক্ষিক আৰু স্বাস্থ্য সম্পৰ্কীয় আন্দোলনৰ ৰূপও প্ৰদান কৰিছে।