জাতি ধৰ্ম নিৰ্বিশেষে জীৱিকাৰ যুজঁ, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
  মাছ বিক্ৰী কৰিবলৈ মাছমৰীয়াসকলে তেওঁলোকৰ নাওত অপেক্ষা কৰি আছে
মাছ বিক্ৰী কৰিবলৈ মাছমৰীয়াসকলে তেওঁলোকৰ নাওত অপেক্ষা কৰি আছে
আৰিফুল ইছলাম / গুৱাহাটী
 
তেওঁলোকৰ কোনো ধৰ্ম নাই, কোনো জাত নাই, কোনো বৰ্ণ বৈষম্য নাই। তেওঁলোকক একত্ৰিত কৰিছে এখন নদীয়ে। তেওঁলোকক জীৱিকাৰ উপায় দিছে মহাবাহু ব্ৰহ্মপুত্ৰই। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত উজানবজাৰৰ মাছ বজাৰৰ কথা আপুনি নিশ্চয় শুনিছে। তাত গৈ হয়তো আপুনি কেতিয়াবা মাছ কিনিছেও। কিন্তু কেতিয়াবা ভাবিছেনে যে মাছমৰিয়া সকলে কিদৰে জীৱনযাপন কৰে বা মাছ মাৰিবলৈ যাওঁতে তেওঁলোকে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগাত পৰে।
 
ব্ৰহ্মপুত্ৰৰ বুকুত টুলুঙা নাও এখন লৈ মাছ মাৰি জীৱন যাপন কৰা মাছমৰিয়া সকলে বৰ্তমান সন্মুখীন হৈছে বহু প্ৰত্যাহ্বানৰ। হিন্দু মুছলমান উভয় ধৰ্মৰ ব্ৰহ্মপুত্ৰ নদীৰ মাছমৰিয়া সকলে মাছ মাৰি উজনবজাৰৰ মাছ বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে। কিন্তু বৰ্তমান মীনপালক সকলে উন্নত প্ৰযুক্তিৰে মাছ উৎপাদন কৰাৰ ফলত মূল্য কমিছে ব্ৰহ্মপুত্ৰৰ মাছমৰিয়া সকলৰ। পূৰ্বতকৈ হ্ৰাস পাইছে এই মাছমৰিয়া সকলৰ সংখ্যা। হাড়কপোৱা শীতত বহু কষ্ট কৰি মাছ মাৰে এইসকল মাছমৰিয়াই। কিন্তু বজাৰখনৰ মধ্যভোগীৰ বাবে তেওঁলোকে নাপাই উচিত মূল্য। তেওঁলোকৰ মাছসমূহ মধ্যভোগীয়ে কম দামত কিনি ক্ষুদ্ৰবেপাৰী সকলৰ ওচৰত অধিক দামত বিক্ৰী কৰে। যাৰ ফলত মাছমৰিয়া সকলে পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰত মাছ বিক্ৰী কৰাৰ সুবিধা নাপাই। 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্ৰহ্মপুত্ৰৰ মাছমৰিয়া মাতন দাসে কয়: "আমি মৰিগাঁওৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাওঁ লৈ আহোঁ বজাৰত। আমি ব্ৰহ্মপুত্ৰত মাছমাৰি জীৱন যাপন কৰি আহিছোঁ। মাছ পোৱাৰ দিনা ইয়াত মাছ লৈ আহোঁ আৰু নাপালে নাহো। ৰাতি মাছ মৰাৰ উপৰিও দিনটো কেতিয়াবা মাৰো কিন্তু বেছিভাগ  ৰাতিয়ে মাছ মাৰো। মাছ মাৰোটে যথেষ্ট কষ্ট হয়। কিন্তু তাৰ সঠিক মূল্য আমি নাপাওঁ। সপ্তাহটোত এক হাজাৰ টকাও ব্যক্তিগত ভাৱে নাপাওঁ। এই বজাৰত  মাছৰ গাড়ী আহিলে আমাৰ লোকচান নহয় যদিও আমি আমাৰ কষ্টৰ মূল্য নাপাওঁ। পানী প্ৰদূষিত হোৱাৰ ফলত নদীত মাছৰ সংখ্যা কমিছে আৰু সেইবাবেই মাছমৰিয়াৰ সংখ্যাও কমিছে। শীতকালতকৈ গ্ৰীষ্মকালত অধিক মাছ পোৱা যায় আৰু শীতত যথেষ্ট কষ্টও হয়। বাৰিষাকালত যেতিয়া ব্ৰহ্মপুত্ৰই কালৰূপ লয় তেতিয়া আমি হাজিৰা, খেতি আৰু অন্য কিছুমান কাম কৰোঁ। বাৰিষাকালত টুলুঙা নাওঁলৈ মাছ মৰাটো যথেষ্ট কঠিন।" 
মাছমৰিয়া সকলৰ জীৱনশৈলীৰ বিষয়ে ৰামা বিন নামৰ মাছমৰিয়া গৰাকীয়ে সাক্ষাৎকাৰত কয়: "মাছমৰিয়া সকলে বিভিন্ন প্ৰক্ৰিয়া অৱলম্বন কৰি মাছ মাৰে। আমি মুৰ্গীৰ বাকলি, মাছৰ তেল, আঙৰা আৰু ডালদাৰে টোপ তৈয়াৰ কৰি ব্ৰহ্মপুত্ৰত বৰশী বাওঁ। আমাৰ কোনো নিৰ্দিষ্ট থকা ঠাই নাই আমি নাওঁতে জীৱন অতিবাহিত কৰোঁ। ঘৰত গলে আমি নাওঁ চপাই থৈ যাওঁ। ব্ৰহ্মপুত্ৰত আমি ৰাতিও বৰশী বাওঁ আৰু দিনটো। চালানি মাছতকৈ লোকেল মাছ সদায় ভাল আৰু মানুহে খাই ভাল পাই। ঠাণ্ডাৰ দিনত আমাৰ যথেষ্ট কষ্ট হয় কিন্তু উপায় নাই জীৱন নিৰ্বাহৰ বাবে কাম কৰিবই লাগিব।"
 
 
বজাৰ খনত মৰিগাঁওৰ পৰা গাড়ীৰে মাছ যোগান ধৰা মীনপালক আব্দুল জলিলে কয়: "মোৰ নিজৰ ফিছাৰী আছে আৰু আমি ইয়াত মাছ যোগান ধৰিবৰ বাবে দিনৰ দুই বজাত মাছ ধৰোঁ। আমি আগতে নাৱেৰে আহিছিলোঁ কিন্তু এতিয়া গাড়ীৰে বৃহৎ পৰিমাণৰ মাছ লৈ আহোঁ। ফিছাৰীত দানা খুৱাই আমি মীন পালন কৰোঁ। ফিছাৰীৰ পৰা ধৰা মাছ আমি জীয়াই ৰাখোঁ আৰু ৰাতি দুই বজাত গাড়ীত উঠাই এই বজাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ। আমি মাছবোৰ মধ্যভুগীৰ তাত বিক্ৰী কৰোঁ কাৰণ আমি বৃহৎ পৰিমাণৰ মাছ পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব নোৱাৰো। মধ্যভোগীয়ে আমাৰ পৰা ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰে। ইয়াত অহা সকলো গাড়ীৰ মাছ মধ্যভোগীয়ে ক্ৰয় কৰে।"
 
ব্ৰহ্মপুত্ৰৰ বুকুত মাছমৰীয়াৰ এখন টুলুঙা নাও
উজান বজাৰ মাছবজাৰত বিভিন্ন ঠাইৰ পৰা মাছৰ যোগান ধৰা হয়। লোকেল, চালানি, বিলৰ মাছ আৰু নদীৰ মাছ পোৱা যায় বজাৰখনত। ৰাতিপুৱা ৬ বজাৰ এই বজাৰ খনত মাছ উপলব্ধ। বঙাইগাঁও, মৰিগাঁও, ৰঙিয়া, দলগাওঁ, ধুবুৰী আনকি পশ্চিম বংগৰ পৰাও মাছৰ যোগান ধৰে মীন পালক সকলে। বৰ্তমান মাছ বজাৰখনত অধিকাংশ মাছ ফিছাৰীত উৎপাদিত আৰু বাহিৰৰ পৰা অহা চালানি মাছ।ব্ৰহ্মপুত্ৰৰ মাছমৰিয়া সকলে ৰাতিপুৱা নাওঁত মাছলৈ আহে আৰু মধ্যভোগীৰ ওচৰত মাছ বিক্ৰী কৰি গুচি যায়। মধ্যভুগী সকলে সেই মাছ ক্ষুদ্ৰবেপাৰী বোৰক অধিক দামত বিক্ৰী কৰে আৰু গ্ৰহকেও অধিক মূল্যত মাছ কিনি খাব লগাত পৰে।