প্ৰতিগৰাকী নাৰীক ধুনীয়া কৰিব বিচৰা নাৰীগৰাকী

Story by  atv | Posted by  Munni Begum • 1 Years ago
নজনীন চুলতানা আহমেদ
নজনীন চুলতানা আহমেদ
মুন্নী বেগম / গুৱাহাটী 
 
নিজকে সজাই ধুনীয়া হৈ থকিব বিচৰাটো প্ৰতিগৰাকী নাৰীৰে কাম্য। কিন্তু বাহ্যিক সৌন্দৰ্যতাৰে ধুনীয়া হৈ থকাৰ লগতে মানুহৰ জীৱনও সৌন্দৰ্যতাৰে উপচাই দিব পাৰে এগৰাকী নাৰীয়ে। যি কথা সত্যত প্ৰতিপন্ন কৰিছে সৌন্দৰ্য বিশেষজ্ঞ নাজনীন চুলতানা আহমেদে। নাজনীনে "নাজনীন মেকঅভাৰ, প্ৰফেচনেল মেকআপ এণ্ড বিউটিচিয়েন ট্ৰেইনিং একাডেমী"ৰ জৰিয়তে বহু মহিলা তথা যুৱতীক বাহ্যিক সৌন্দৰ্যতা প্ৰদান কৰাৰ লগতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকৰ জীৱন সৌন্দৰ্যতাৰে উপচাই দিছে।   
 
আৱাজ দ্যা ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সৌন্দৰ্য বিশেষজ্ঞ নাজনীন চুলতানা আহমেদে কয়, "মই সৰুৰে পৰাই নিজে ধুনীয়া হৈ থকাৰ লগতে আনকো ধুনীয়াকৈ সজাই খুবেই ভাল পাইছিলো। যেতিয়া মই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। তেতিয়া মই সৌন্দৰ্যচৰ্চাৰ (মেকআপ) প্ৰশিক্ষণ লৈছিলোঁ। কিন্তু তেতিয়াই মই নিজৰ পাৰ্লাৰ খুলিম বুলি কেতিয়াও ভবা নাছিলো। মই ঘৰতে ঘৰ মানুহ, আত্মীয়সকলৰ সৌন্দৰ্যচৰ্চা কৰিছিলোঁ। কিন্তু বৰ্তমান মই মোৰ "নাজনীন মেকঅভাৰ, প্ৰফেচনেল মেকআপ এণ্ড বিউটিচিয়েন ট্ৰেইনিং একাডেমী"ৰ জৰিয়তে বৃত্তিগতভাৱে সৌন্দৰ্যচৰ্চা কৰাৰ লগতে বিভিন্নজনক প্ৰশিক্ষনো প্ৰদান কৰি আহিছো।"     
 
 
সুন্দৰ মুখমণ্ডল লগতে এখন সুন্দৰ হৃদয়ৰ গৰাকী নাজনীনে বৰ্তমানলৈ পাঁচশৰো অধিক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে। বহু যুৱতীয়ে নাজনীনৰ পৰা প্ৰশিক্ষণ লাভ কৰি আত্মনিৰ্ভৰশীল হৈ একো একোটা পৰিয়ালৰ পোহ-পাল দি আহিছে।
এই সন্দৰ্ভত নাজনীনে কয়, "২০০০ চনত মই চিগনেটশ্বাৰৰ সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ লৈছিলোঁ। তৰ পিছত মই নগাঁৱত মোৰ বাসগৃহৰ এটা সৰু কোঠাত সৰুকৈ এখন পাৰ্লাৰ খুলিছিলো। তাত মোৰ ট্ৰেইনিং চেণ্টাৰ নাছিল। মই তাত মাত্ৰ যুৱতী তথা মহিলাসকলৰ সৌন্দৰ্যচৰ্চাৰ কাম কৰিছিলো। সেই সময়ত মই এনেকুৱা বহু ছোৱালী লগ পাইছিলো, যিসকল উচ্চ শিক্ষিত হয়, কিন্তু আৰ্থিকভাৱে দৈন্য। মই সদায় ভাবিছিলো মই এই যুৱতীসকলৰ বাবে যদি কিবা এটা কৰিব পাৰিলো হয়। পিছত কলিয়াবৰত যেতিয়া মই মোৰ পাৰ্লাৰ খুলিলো তাত মই অৰ্থিকভাৱে দৈন্য উচ্চ শিক্ষিত যুৱতীসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিলো। বৰ্তমানলৈ প্ৰায় হাজাৰৰোধিক যুৱতীয়ে মোৰ পৰা প্ৰশিক্ষণ গ্ৰহন কৰিছে আৰু নিজে স্বাৱলম্বী হবলৈ সক্ষম হৈছে। যিটো মোৰ বাবে এক বৃহৎ সফলতা বুলি মই ভাবো। এতিয়াও মই যুৱতীসকলক ছয়মহীয়া ডিপ্লমা/এবছৰীয়া এডভান্স ডিপ্লমা আৰু এমহীয়া/১৫ দিনীয়া মেকআপ আৰ্টিষ্টৰ প্ৰশিক্ষণ দি আহিছো।"
নাজনীন এগৰাকী সৌন্দৰ্য বিশেষজ্ঞ হোৱাৰ লগতে ফেশ্বন জগতখনতো তেওঁ বিশেষ সফলতা লাভ কৰিছে। তেওঁ কেইবাটাও ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। 
 
নাজনীন তেওঁৰ পাৰ্লাৰত গ্ৰাহকৰ সৈতে
 
নাজনীনে কয়, "মই সৌন্দৰ্যচৰ্চাৰ বাবে কেইবাটাও বঁটা লাভ কৰিছো। কানপুৰৰ সৌন্দৰ্যচৰ্চা প্ৰতিযোগীতাত 'বেষ্ট মেকআপ আৰ্টিষ্ট'ৰ খিতাপ, নেবাকাচৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় বঁটা "নৰ্থ ইষ্ট বেষ্ট বিউটিছিয়ান" আদি লাভ কৰিছো। ইয়াৰোপৰি ২০২১ চনত নিশিতা প্ৰডাকচনৰ সৌন্দৰ্য প্ৰতিযোগিতাত  'নৰ্থ ইষ্ট পাৰফেক্ট' খিতাপ লাভ কৰিছোঁ। ২০২১ চনত চান-ই-হিন্দুস্তান বঁটা, মিষ্টাৰ এণ্ড মিছেছ এণ্ড কিডছ ইণ্ডিয়া ৱৰ্ল্ডৰ লগতে নাৰী শক্তি বঁটা, প্ৰেৰণা বঁটা লাভ কৰিছো। 
 
বলিউডৰ মোহময়ী অভিনেত্ৰী ৰোতী অগ্নিহোত্ৰীৰ সৈতে নাজনীন তেওঁৰ নগাঁৱৰ পাৰ্লাৰত
 
এগৰাকী মুছলমান মহিলা হিচাপে নিজকে সোভাগ্যবান বুলি অনুভৱ কৰা নাজনীনে বলিউডৰ মোহময়ী অভিনেত্ৰী ৰোতী অগ্নিহোত্ৰী আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ সৌন্দৰ্যচৰ্চা কৰিছে। 
 
নৰ্থইষ্ট বেষ্ট বিউটিচিয়েনৰ বঁটা গ্ৰহণৰ সময়ত নাজনীন 
 
নাজনীনে কয়, "মই এগৰাকী মুছলমান মহিলা হিচাপে নিজকে সোভাগ্যবান বুলি ভাবো। বহু সময়ত আমাৰ সমাজত বিভিন্ন জনে অভিযোগ কৰি আহিছে যে আমাৰ মুছলমান সমাজ খনে মহিলা সকলক অগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে বুলি। কিন্তু মই নাভআবো এইটো সচা বুলি । কিয়নো মই কেতিয়াও কোনো ধৰনৰ বাধাৰ সন্মুখীন হোৱা নাই, মই শিক্ষাৰ তথা কৰ্মৰ কক্ষেত্ৰত সদায়ে মোৰ পৰিয়াল তথা আমাৰ সমাজ খনৰ পৰা সমৰ্থন লাভ কৰিছো। মোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মোক দুগুণ উৎসাহে প্ৰদান কৰিছে।"