বয়স ১৫ বছৰ, বঁটা পাঁচ শতাধিক

Story by  atv | Posted by  Munni Begum • 1 Years ago
আৰ্লিন বেগম
আৰ্লিন বেগম
মুন্নী বেগম / গুৱাহাটী
 
নৃত্য, গীত, সৌন্দৰ্যৰ লগতে শিল্পকলাৰ ক্ষেত্ৰখনটো বিশেষ পাৰদৰ্শিতা দেখুৱা এগৰাকী ১৫ বছৰীয়া কিশোৰী। আঢ়ৈ বছৰ বয়সৰ পৰাই মঞ্চত নৃত্য তথা গীতৰ লগতে সৌন্দৰ্য প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি অসমবাসীৰ মন মুহিবলৈ সক্ষম হৈছে কিশোৰী গৰাকীয়ে। প্ৰায় পাঁচ শতাধিক বঁটা লাভ কৰা এই কিশোৰী গৰাকী হৈছে আমগুৰিৰ আৰ্লিন বেগম।
 
আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰ্লিন বেগমে কয়, "মই নৃত্য আৰু গীত পৰিবেশন কৰি খুবেই ভাল পাওঁ। মই আঢ়ৈ বছৰ বয়সৰ পৰা মঞ্চত নৃত্য পৰিবেশন কৰিছো। মই নাৰ্চাৰীত পঢ়ি থাকোঁতে চামেলি মেমচাহাব চলচ্চিত্ৰখনৰ "অসম দেশৰ বাগিছাৰে ছোৱালী" শীৰ্ষক গীতটিত প্ৰথমবাৰৰ বাবে মঞ্চত নৃত্য পৰিবেশন কৰিছিলোঁ। যি নৃত্য মোক মোৰ 'মা'য়ে শিকাইছিল। পিছত মই আমগুৰিৰ লগতে যোৰহাট, শিৱসাগৰ আদি বিভিন্ন ঠাইত অনুষ্ঠিত নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই গীতটিত  ৬/৭ টাতকৈও অধিক বঁটা লাভ কৰিছো।"
 
বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত আৰ্লিনে বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তৰ দৃশ্য 
 
মাতৃক প্ৰথম গুৰু হিচাপে জ্ঞান কৰা আৰ্লিনে সংগীত, নৃত্যৰ ক্ষেত্ৰখনৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা কেইবাটাও খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে। 
আৰ্লিনে কয়, "মোক প্ৰথমে মোৰ 'মা'য়ে নৃত্য আৰু গীতৰ প্ৰশিক্ষণ দিছিল। সেয়ে তেওঁ মোৰ প্ৰথম গুৰু। পিছত মই নেহা দে' আৰু অজয় চুমৰ পৰা  হিন্দী তথা অসমীয়া আদি গীতত নৃত্যৰ প্ৰশিক্ষণ লৈছিলো। মই ৰেঙণিৰ উদ্যোগত অনুষ্ঠিত অসমৰ ডান্স ইণ্ডিয়া অনুষ্ঠানৰ বাবে গ্ৰীণ কাৰ্ড লাভ কৰিছিলো। ইয়াৰ পিছত যোৰহাটত বেষ্ট ডান্সৰ খিতাপৰ লগতে ২০১৫ চনত অমিত বৰুৱাৰ সোঁৱৰণত অনুষ্ঠিত এক নৃত্য প্ৰতিযোগিতাত মই "মহাৰথী" বঁটা লাভ কৰিছিলোঁ। 
গীত নৃত্যৰ লগতে আৰ্লিনে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতৰ্যোগিতাত কেইবাটাও খিতাপ লাভ কৰিছে। আৰ্লিনে ১৩ বছৰ বয়সতে "মিছ টিন ইণ্ডিয়া ২০১৯" আৰু "মিছ টিন ৱৰ্ল্ড ডাইভাৰ্চিটি ২০১৯"ৰ খিতাপ লাভ কৰিছে।  
 
 
"মিছ টিন ৱৰ্ল্ড ডাইভাৰ্চিটি ২০১৯"ৰ খিতাপ লাভ কৰিছে আৰ্লিনে
 
আৰ্লিনে কয়, "নৃত্য আৰু গীতৰ লগতে মই ফেশ্বনৰ প্ৰতিও খুব আগ্ৰহী। মই নাৰ্চাৰীত থাকোতে আমগুৰিৰ ডন বস্কো স্কুলত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিছিলো। পিছত মই সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰশিক্ষণ দিয়াৰ বাবে আমগুৰিলৈ অহ উদয় শংকৰ ছাৰৰ সান্নিধ্যলৈ আহিলো আৰু তেওঁৰ প্ৰশিক্ষণতে মই ২০১৬ চনত সুদর্শনা সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ আপ হবলৈ সক্ষম হৈছিলো। তাৰ পিছত লাহে লাহে মই বেলেগ বেলেগ ঠাইত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলো। মই  যোৰহাটৰ ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ পাইছিলো। শিৱসাগৰত এলিগেন্ট আচাম আৰু নাজিৰাত মিছ কিড খিতাপ লাভ কৰিছোঁ। ২০১৯ত নতুন দিল্লীত "মিছ টিন ইণ্ডিয়া ২০১৯"ৰ খিতাপৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা ইষ্ট আফ্ৰিকা "মিছ টিন ৱৰ্ল্ড ডাইভাৰ্চিটি ২০১৯"ৰ খিতাপ আৰু "বেষ্ট টেলেণ্ট"ৰ খিতাপ লাভ কৰিছিলো।" 
 
জে বি'জ গ্লোৱেল এক্ট মডেল হাণ্ট ২০১৮ সৌন্দৰ্য প্ৰতিযোগিতাত অন্য মডেল আৰু আয়োজক সকলৰ সৈতে আৰ্লিন বেগম
 
আৰ্লিনে ২০১৭ চনত আপাৰ আছাম, ২০১৯ চনত কিড ব'হ'না অৱ আছাম, ২০১৮ চনত লিটিল কিড টাইটেনিক অৱ নৰ্থ ইষ্ট, কাৰেং, মিছ কিডছ মৰিয়নি, গ্লোৰী অসম জুনিয়ৰ, মিছ ইউনাইটেড অসম, মিছ কিড কামাখ্যা, ২০১৭ চনত অলংকাৰ, নৰ্থ ইষ্ট জুনিয়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট স্মাইল',  মিছ কিড ৰংপুৰ আৰু প্ৰাইড গ্লোৱেল আছাম সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট ফিগাৰ', আপাৰ আছাম এটিটিউডত সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট ৱাক', পেৰাডাইজ আছাম সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট কনফিডেন্স', সোণালী অসম সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট ৱাক', কিড উজনি অসম সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট পাৰ্চনেলিটি', জে বি'জ গ্লোৱেল এক্ট মডেল হাণ্ট সৌন্দৰ্য প্ৰতিযোগিতাত 'বেষ্ট কোষ্টটিউম' আদি খিতাপ লাভ কৰিছে। 
 
সৌন্দৰ্শ প্ৰতিযোগিতাৰ মঞ্চত আৰ্লিন
 
আৰ্লিনৰ মাতৃয়ে কয়, "মই নিজেও সাংস্কৃতি জগতখনৰ লগত জড়িত হৈ আছিলোঁ। কিন্তু কাম আৰু পৰিয়াল দ্বায়িত্বৰ বাবে মই সকলো এৰিবলগীয়া হৈছিল। কিন্তু এতিয়া মই খুবেই সুখী। কিয়নো মই এৰিবলগীয়া সকলোবোৰ বৰ্তমান আৰ্লিনে ভালদৰে গ্ৰহণ কৰিছে। মই গৌৰৱবোধ কৰো আৰ্লিনে সকলোতে প্ৰথম খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে।" 
 
মিছ টিন ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত অন্য প্ৰতিযোগী সকলৰ সৈতে আৰ্লিন বেগম
 
সংস্কৃতিৰ ক্ষেত্ৰখনত পাকৈত আৰ্লিনৰ আৰ্তজনৰ বাবে আছে এখন বিশাল অন্তৰ। কিয়নো আৰ্লিনে ২০১৫ চনত মঞ্চত বিহু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰা পুৰষ্কাৰৰ নগদ ১৫ হাজাৰ টকা এগৰাকী বৃক্ক ৰোগত আক্রান্ত ছোৱালীৰ চিকিৎসাৰ বাবে আগবঢ়াইছিল। আৰ্লিনে সংগীত, ভাৰত নাট্যম, সত্ৰীয়া নৃত্য আদিৰ লগতে, খুব সুন্দৰকৈ চিত্ৰাঙ্কণ কৰে। ক্ৰাফত অইল পেইণ্ট, গ্লাছ পেইণ্ট আদি বিভিন্ন ধৰণৰ আৰ্ট কৰি  পুৰষ্কাৰো লাভ কৰিছে আৰ্লিনাই।