কানৱাৰ তীৰ্থযাত্ৰীৰ সেৱাৰ বাবে সাজু আগ্ৰাৰ মুছলমান

Story by  atv | Posted by  Munni Begum • 1 Years ago
হিন্দু তীৰ্থযাত্ৰীসকলক সেৱা আগবঢ়াবলৈ সাজু মুছলমানলোকসকল (ফাইল ফটো)
হিন্দু তীৰ্থযাত্ৰীসকলক সেৱা আগবঢ়াবলৈ সাজু মুছলমানলোকসকল (ফাইল ফটো)
আগ্ৰা
 
আগ্ৰাৰ মুছলমান ধৰ্মালম্বী লোকসকলে কানৱাৰ তীৰ্থযাত্ৰাৰ অংশ হিচাপে গংগা নদীলৈ খোজ কাঢ়ি যোৱা হিন্দু ভক্তসকলক আদৰণি জনাবলৈ সাজু হৈছে। হিন্দু ধৰ্মালম্বী লোকসকলৰ আস্থাৰ কেন্দ্ৰ হিচাপে পৰিচিত তাজমহলৰ চহৰত থকা পাঁচটা শিৱ মন্দিৰৰ ভগৱান শিৱৰ শ্নানৰ বাবে পানী আনিবলৈ গংগা নদীলৈ ভক্তসকলে খোজ কাঢ়ি যাত্ৰা আৰম্ভ কৰিছে। হাজাৰ হাজাৰ শিৱ ভক্ত কেইদিনমানৰ ভিতৰতে চহৰখনত অৱস্থিত শিৱ মন্দিৰৰ সমীপেৰে পাৰ হ'ব বুলি আশা কৰা হৈছে।     
 
যিসময়ত প্ৰশাসনে এই মন্দিৰসমূহ পৰিদৰ্শন কৰা ভক্তসকলৰ বাবে সঠিক নিৰাপত্তা ব্যৱস্থা কৰিছে, একে সময়তে  মুছলমান সম্প্ৰদায়ৰ লোকসকলেও হৰিদ্বাৰ, উত্তৰাখণ্ডৰ পৰা খোজ কাঢ়ি অহা হিন্দু ভক্তসকলৰ কষ্টকৰ যাত্ৰাত কিছু সুবিধা কৰি দিয়াৰ বাবে ব্যস্ত হৈ পৰিছে। মাটি স্পৰ্শ নকৰাকৈ কঢ়িয়াই নিয়া গংগা জল হাতত লৈ এক ৰীতি-নীতিমূলক পৰিক্ৰমা কৰাৰ পিছত চহৰখনৰ পাঁচটা মুখ্য শিৱ মন্দিৰলৈ এই গংগা জল আগবঢ়োৱা হয়। 
জিয়াউদ্দিন নামৰ এজন স্থানীয় মুছলমান লোকে কয়, "এই মাহটোত অস্বাভাৱিকভাৱে গৰম পৰিছে। তেনে ক্ষেত্ৰত  চহৰখনত খালী ভৰিৰে খোজ কাঢ়ি শিৱ ভক্তসকলক ইমান দীঘলীয়া যাত্ৰা কৰে।"  
মুছলমান লোকসকলে ভ্ৰমণকাৰীসকলৰ বাবে ঠাণ্ডা পানী আৰু ঔষধ আদিৰ বিপণিৰ ব্যৱস্থা কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। শুক্ৰবাৰৰ পৰা এই তীৰ্থযাত্ৰা আৰম্ভ হৈছে আৰু তীৰ্থযাত্ৰীসকলে কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ উভতনি যাত্ৰাও আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। স্থানীয় মুছলমান লোকসকলে তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে পথৰ সমীপতে একো একোটা বিপণি স্থাপন কৰিবলৈ প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছে। 
 
কানৱাৰ তীৰ্থযাত্ৰাৰ এক দৃশ্য
 
জিয়াউদ্দিনে কয় যে আগ্ৰাত মোগৰ শাসনকালৰ পৰাই সম্প্ৰীতিৰ চহৰ হিচাপে পৰিচিত হৈ আহিছে আৰু ইয়াৰ বাসিন্দাসকলে বহু শতাব্দী ধৰি সাৰ্বজনীনভাৱে ভাতৃত্ববোধৰ মনোভাৱক জীয়াই ৰাখিছে। দেশৰ সামাজিক পৰিৱেশৰ অৱনতি হোৱা স্বত্বেও আগ্ৰাৰ জনসাধাৰণৰ মাজত একতাৰ এনাজৰীডাল চিঙি যোৱা নাই বৰং অটুট আৰু শক্তিশালীহে হৈ আহিছে। 
ইফালে, হিন্দু সমিতিৰ উপাধ্যক্ষ বিশাল শৰ্মাই কয় যে শাওণৰ গোটেই মাহটো বছৰটোৰ ভিতৰত এক পবিত্ৰ সময় বুলি ধাৰনা কৰা হয়। চহৰখনৰ 'পঞ্চ মহাদেৱ' মন্দিৰ ৰাজেশ্বৰ, বালকেশ্বৰ, কৈলাশৰ বাৰ্ষিক পৰিক্ৰমা বাবে এই মাহটো বাবে অতি গুৰুত্বপূৰ্ণ। পুৰণি চহৰখনৰ মাজভাগত অৱস্থিত পৃথ্বীনাথ আৰু মনকামেশ্বৰ জামা মছজিদৰ পৰা নাতিদূৰত অৱস্থিত। 
এই বছৰ, পৰিক্ৰমা ২৪ জুলাইৰ নিশা অনুষ্ঠিত হ'ব আৰু যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰাৰ বাবে প্ৰশাসন আৰু আৰক্ষীক সহায় কৰিবলৈ চহৰখনৰ সাম্প্ৰদায়িকভাৱে সংবেদনশীল এলেকাসমূহত ভাৰতীয় সম্প্ৰদায়ৰ স্বেচ্ছাসেৱক সকলক নিয়োজিত কৰা হ'ব।
 
বাতেশ্বৰ মন্দিৰ
 
তেওঁ কয়, "যোৱা বছৰবোৰত পৰিক্ৰমালৈ যোৱা পথত উচ্ছৃংখল উপাদানৰ দ্বাৰা ৰাজহুৱা সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছিল। সেয়েহে প্ৰশাসনে ভক্তসকলে খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰা লাঠি কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে। যিটো এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপে আইন-শৃংখলা ৰক্ষা কৰাত যথেষ্ট সহায় কৰিব। 
 
কানৱাৰ তীৰ্থযাত্ৰীসকলক সেৱা অগবঢ়োৱাৰ বাবে সাজু মুছলমান সম্প্ৰদায়ৰ লোকসকল
 
পৰিক্ৰমাৰ সময়ত, মহানগৰৰ সমাজকৰ্মী বিজয় উপাধ্যায়ে কয় যে যোৱা দুটা বছৰ লকডাউনৰ বাবে তীৰ্থযাত্ৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই বছৰ তীৰ্থযাত্ৰীসকলক আদৰণি জনোৱাৰ বিষয়টোৱে ভক্তসকলক উৎসাহিত কৰিছে। তেওঁ ভক্তসকলক মন্দিৰসমূহত ভিৰ নকৰিবলৈ আৰু মন্দিৰত প্ৰবেশ কৰিবলৈ নিৰ্দিষ্ট শাৰী পাতিবলৈ আহ্বান জনায়। কিয়নো ক'ভিডৰ আতংক এতিয়াও মাৰ যোৱা নাই।