২২ জুনৰ নিশা ৮.১৮ বজাত অম্বুবাচী মহোৎসৱৰ প্রবৃত্তি

Story by  atv | Posted by  Munni Begum • 1 Years ago
অম্বুবাচী মহোৎসৱৰ প্ৰতিনিধিত্বমুলক ফটো
অম্বুবাচী মহোৎসৱৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনত অম্বুবাচী মহোৎসৱৰ প্ৰবৃত্তি হ'ব। সেইদিনা নিশা ৮.১৮ বজাত প্রবৃত্তি হ'ব অম্বুবাচী মহাযোগৰ। ইয়াৰ বাবে সেইদিনা বিয়লি ৪ বজাত কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ কৰা হ'ব৷ শনিবাৰে এই কথা প্রকাশ কৰিছে কামাখ্যা দেৱালয় পৰিচালনা কমিটীৰ বৰদলৈ কবীন্দ্ৰ শৰ্মাই। 
 
কামাখ্যা ধামত অম্বুবাচী মহোৎসৱ সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি তেওঁ কয়, "২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা দেৱী স্নান, নিত্য পূজাৰ পিচত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰা হ'ব। ২৬ আৰু ২৭ জুনত বিশেষ দর্শনৰ (৫০১ টকাৰ) ব্যৱস্থা বন্ধ থাকিব।" 
তদুপৰি আগত অম্বুবাচী মহোৎসৱৰ ব্যৱস্থাৱলী সন্দৰ্ভত তেওঁ কয়, "এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীর্থযাত্ৰীৰ বাবে থকা-খোৱাৰ ব্যৱস্থা নাথাকিব। কামাখ্যাৰ নামনিৰ পৰা শক্তিপীঠলৈ অহা পথ, পদপথৰ মাজে মাজে খোৱাপানী, জিৰণি চ'ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব। এইবেলি অম্বুবাচীৰ সময়ত ভক্তসকলে মন্দিৰ পৰিক্ৰমাৰ পাচত পশ্চিম দুৱাৰ হৈ ওলাই যোৱাৰ ব্যৱস্থা থাকিব। আইন-শৃংখলা আৰু ভক্তৰ সুৰক্ষাৰ বাবে দেৱালয়ৰ ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছাসেবক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব।"
তদুপৰি দেৱালয়ৰ চৌপাশে ৩০০ চি চি কেমেৰা স্থাপন কৰা হ'ব। দেৱালয়ৰ ২০০ চাফাই কৰ্মীৰ উপৰি ১০০ জন অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰা হ'ব। ২৬ জুনত দেৱীৰ দৰ্শনৰ বাবে সমবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধার্থে বংশীবাগানত অস্থায়ী জিৰণি চ'ৰা, চিকিৎ‍সা সেৱা, প্রস্রাৱাগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্যসকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা খাদ্যৰ ব্যৱস্থা কৰা হ'ব। 
 
অম্বুবাচী মহাযোগৰ সময়ত যাতে শক্তিপীঠত স্বচ্ছতা অক্ষুণ্ণ থাকে সেই উদ্দেশ্য আগত ৰাখি কামাখ্যা অঞ্চল ধপাতমুক্ত কৰা হৈছে। লগতে ক'ভিডৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ব্যৱস্থাৱলী গ্রহণ কৰা হ'ব। এইক্ষেত্ৰত ভক্তৰ সহযোগিতা কামনা কৰা হৈছে। অম্বুবাচী মহাযোগৰ সময়ত সকলো ভক্ত-তীর্থযাত্ৰীৰ তৰফৰ পৰা সহায়-সহযোগিতা কামনা কৰা হ'ল। অম্বুবাচী মহাযোগৰ সময়ত তীর্থযাত্রীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুৎ, স্বাস্থ্য সেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পর্যাপ্ত পৰিমাণৰ ৰাখিবৰ বাবে প্ৰশাসনক জনোৱা হৈছে।