গুৱাহাটী
বিগত দুই বছৰৰ বিৰতিৰ অন্তত বুধবাৰৰ পৰা কামাখ্যা ধামত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ইতিমধ্যে দেশ-বিদেশৰ অগণন ভক্ত-সাধু-সন্ন্যাসীৰে ভৰি পৰিছে দেৱালয় চৌহদ। অম্বুবাচী মেলা উপলক্ষে উদুলি-মুদুলি পৰিবেশো বিৰাজ কৰিছে নীলাচল পাহাৰত। বুধবাৰৰ নিশা ৮.১৮ বজাত প্ৰবৃত্তিৰ লগে লগে বন্ধ হ'ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ নিবৃত্তিৰ দিনা পুৱা ৫ বজাত মন্দিৰৰ দুৱাৰ পুনৰ ভক্তৰ বাবে মুকলি হ'ব বুলি দেৱালয় কর্তৃপক্ষই জনাইছে।
অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসন কর্তৃপক্ষই সকলো ধৰণৰ প্ৰস্তুতি চলাইছে। মেলাক লৈ সাজু হৈ উঠিছে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ। অম্বুবাচী উপলক্ষে মহানগৰীৰ পুৰণি কাৰাগাৰ চৌহদ, কামাখ্যা ৰে'লৱে ষ্টেচন আৰু পাণ্ডু প'ৰ্টত পর্যটন বিভাগ আৰু জিলা প্ৰশাসনৰদ্বাৰ প্ৰায় ২০ হেজাৰ ভক্ত থকাৰ শিবিৰৰ ব্যৱস্থা কৰা হৈছে।
বুধবাৰে দিনৰভাগত বিভাগীয় মন্ত্রী জয়ন্ত মল্ল বৰুৱাই শিবিৰ কেইটা পৰিদৰ্শন কৰাৰ লগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ মন্দিৰ কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত নিৰাপত্তা, পৰিবহণ, স্বচ্ছতা আদিকে ধৰি অন্যান্য ব্যৱস্থাপনাৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্রী বৰুৱাই জনোৱা মতে, "অম্বুবাচী মেলা উপলক্ষে অহা তীর্থযাত্রীসকলৰ সা-সুবিধাৰ প্রতি বিশেষ লক্ষ্য ৰাখিব। অইনবাৰৰ দৰে এইবাৰ সাংস্কৃতিক অনুষ্ঠান, উদ্বোধনী অনুষ্ঠান আয়োজিত কৰা নহ'ব। তদুপৰি স্বচ্ছতাৰ দিশত বিশেষ গুৰুত্ব দিয়া হ'ব, যাতে সকলো কাম পৰিষ্কাৰভাৱে হৈ যায়।"
তেওঁ লগতে জনায় যে, "এইবাৰ অম্বুবাচী মেলাত "ভি আই পি কালচাৰ' নাথাকে। সকলোৱে মন্দিৰলৈ খোজকাঢ়ি অহা-যোৱা কৰিব লাগিব। ভি আই পি বা অন্য কোনো লোকৰ বাবে নাথাকিব বিশেষ পাছ"। কেৱল কামাখ্যাৰ স্থানীয় লোকৰ বাবেহে থাকিব বাহনৰ পাছ। দিব্যাংগ, জ্যেষ্ঠ লোকৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষ বাহনৰ ব্যৱস্থা কৰা হ'ব। বাহিৰৰ পৰা অহা ভি আই পি অতিথিসকলৰ বাবে মন্দিৰ দৰ্শনৰ বিশেষ সময় থাকিব যাতে সাধাৰণ ভক্তৰ কোনো অসুবিধা নহয়। নামনি কামাখ্যাৰ পৰা দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাহিৰে মন্দিৰলৈ সকলোৱে তলৰ পৰা খোজকাঢ়ি অহা-যোৱা কৰিব লাগিব। দিব্যাংগ আৰু বয়োজ্যেষ্ঠ ভক্তৰ বাবে প্ৰশাসনে ফেৰী গাড়ীৰ ব্যৱস্থা কৰিছে। ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদ, কামাখ্যা ৰেল ষ্টেচন চৌহদ আৰু পাণ্ডু নদী বন্দৰ চৌহদত থকা শিবিৰৰ পৰা নামনি কামাখ্যালৈ ২২ জুনৰ পৰা ২৬ জুনলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিনামূলীয়া বাছ সেৱা চলাচল কৰিব।"
ক'ভিডৰ বাবে অতি কম ভক্তৰ আগমন আশা কৰা হৈছে। যাৰ বাবে এইবাৰ অম্বুবাচী মেলাক লৈ প্ৰচাৰৰ ব্যৱস্থাও কৰা হোৱা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে, ক'ভিডকেন্দ্রিক জটিল পৰিস্থিতিৰ কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এইবাৰ অনুষ্টুপীয়াকৈ অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ অনুমতি দিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেৱল ধৰ্মীয় ৰীতি-নীতিবেহে অম্বুবাচী মেলা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। প্ৰথমবাৰৰ বাবে এইবাৰ কামাখ্যা মন্দিৰৰ চৌহদত ভক্তৰ থকা-খোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা ৰখা হোৱা নাই।"
মংগলবাৰে কামাখ্যা ৰেল ষ্টেচন চৌহদত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই বিশেষ বিনামূলীয়া বাছ সেৱা উদ্বোধন কৰে মন্ত্রী বৰুৱাই। এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপযুক্ত পল্লবগোপাল ঝা, মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙকে অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা, পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ-মহাপ্রবন্ধক বিজু ডেকাকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
উল্লেখযোগ্য যে এইবেলি তিনিওটা শিবিৰৰ পৰা নামনি কামাখ্যালৈ ভক্তক বিনামূলীয়াকৈ অনা নিয়া কৰাৰ বাবে পৰিবহণ নিগমৰ মুঠ ৮০ খন বাছ চলাচল কৰিব। তেনেদৰে ফেৰী গাড়ী হিচাপে মন্দিৰৰ ওপৰলৈ চলাচল কৰিব নিগমৰ ৮ খন ইলেক্ট্রিক বাছ। ইফালে অম্বুবাচী মেলা উপলক্ষে ভক্তৰ সুবিধার্থে জিলা প্রশাসনে সোণাৰাম খেলপথাৰৰ লগতে বৰিপাৰা আৰু আদাবাৰীত গাড়ী পাকিঙৰ ব্যৱস্থা কৰিছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood