পূজাৰ সামগ্ৰীৰ ব্যৱসায়েৰে জীৱন সংগ্ৰামত ব্যস্ত আৰিফ আহমেদ

Story by  atv | Posted by  Munni Begum • 1 Years ago
আৰিফ আহমেদ তেওঁৰ মাটিৰ চাকিৰ বিপণিত
আৰিফ আহমেদ তেওঁৰ মাটিৰ চাকিৰ বিপণিত
মুন্নী বেগম / গুৱাহাটী 
 
পোহৰৰ উৎসৱ দেৱালী অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয় বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসক বাস্তৱায়িত কৰিছে এগৰাকী ফলমূলৰ ব্যৱসায়ীয়ে। ব্যৱসায়ী গৰাকীয়ে সমাজৰ পৰা ধৰ্মীয় ভেদাভেদ নাশ কৰি ভাতৃত্ববোধৰ ভাৱধাৰা বিয়পাইছে। ব্যৱসায়ীগৰাকী হৈছে শিৱসাগৰৰ নিবাসী আৰিফ আহমেদ। দেৱালীৰ সময়ত তেওঁ গ্ৰাহকৰ বাবে লৈ আহে ৰং-বিৰঙী মাটিৰ চাকিৰ লগতে অত্যাৱশ্যকীয় পূজাৰ সমগ্ৰী।    
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্যৱসায়ী আৰিফ আহমেদে কয়, "মই বিগত ২০ বছৰ ধৰি গুৱাহাটীৰ গণেশগুৰিত ফল মূলৰ ব্যৱসায়ী কৰি পৰিয়ালৰ পোহপাল দি আহিছোঁ। কিন্তু ফল মূলৰ ব্যৱসায়ৰ লগতে দেৱালীৰ সময়ত প্ৰতিবছৰে মই মাটিৰ চাকি তথা অন্যান্য পূজাৰ সামগ্ৰীৰো ব্যৱসায় কৰো। মই দেৱালীৰ সময়ত যোৱা ৮ বছৰ ধৰি গ্ৰাহকৰ বাবে বিভিন্ন প্ৰকাৰৰ মাটিৰ চাকি লৈ আহোঁ। মহানগৰীৰ মালিগাঁৱৰ মৃৎশিল্পীয়ে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰ চাকি ক্ৰমে প্লেন চাকি, মধ্যমীয়া আৰু ডাঙৰ আকৃতিৰ চাকি, ডেকোৰেটিভ মাটিৰ চাকি আদিৰ লগতে ভগৱানৰ ষ্টিকাৰ ফুলৰ মালা, আবিৰ, শলিতা, সেন্দুৰ ইত্যাদি পুজাৰ সামগ্ৰী মোৰ বিপণিত উপলব্ধ আছে।"   
শান্তি আৰু সম্প্ৰীতিয়ে বিৰাজ কৰা সমন্বয়ৰ প্ৰতীকস্বৰূপ অসমত যে  জাতি ধৰ্ম বৰ্ণৰ কোনো ভেদা ভেদ নাই। সেই কথা বাস্তৱত প্ৰতিপন্ন কৰিছে ব্যৱসায়ী আৰিফ আহমেদে। তেওঁৰ মতে ধৰ্মই কেতিয়াও কোনো ব্যক্তিক ঘৃণা কৰিবলৈ উপদেশ নিদিয়ে ধৰ্মই আমাক এখন সমাজত কেনেদৰে জীয়াই থাকিব লাগে সেই বিষয়েহে জ্ঞান দিয়ে।    
ব্যৱসায়ী আহমেদে কয়, "মই ভাবোঁ প্ৰথমে আমি মানুহ তাৰপিছত আমাৰ ধৰ্ম। আমি অসমত বাস কৰোঁ আৰু অসমখন এনেকুৱা এখন ৰাজ্যত য'ত ধৰ্মীয় ভেদা ভেদৰ কোনো স্থান নাই। মই এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোক যদিও প্ৰতিবছৰে হিন্দু ধৰ্মালম্বী ভাতৃ ভগ্নীৰ বাবে পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লৈ আহোঁ। মোৰ ৯০% গ্ৰাহকে হৈছে হিন্দু ধৰ্মাৱলম্বীৰলোক। তেওঁলোকে কেতিয়াও মোক মুছলমান বুলি ঘৃণাৰ চকুৰে চোৱা নাই। তেওঁলোকে সুন্দৰকৈ মোৰ দোকানলৈ আহে আৰু তেওঁ লোকৰ প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰি নিয়ে। এনেকুৱা বহু গ্ৰাহক আছে যিসকলৰ সৈতে মোৰ বন্ধুত্বসুলভ সম্পৰ্কও গঢ়ি উঠিছে। তেওঁলোকে কেতিয়াও অন্য দোকানলৈ নাযায়। তেওঁলোকে সদায় মোৰ ওচৰলৈ আহে আৰু মোৰ পৰায়ে দেৱালীৰ চাকি তথা অন্য পূজাৰ সামগ্ৰী ক্ৰয় কৰি আহিছে।"   
 
মাটিৰ চাকি
 
ফল মূলৰ ব্যৱসায়ী কৰা অহা আৰিফে বৰ্তমান পূজাৰ সামগ্ৰী বিক্ৰী কৰি ৰাইজৰ মাজত ধৰ্মীয় ভেদা ভেদৰ ভাৱধাৰাক নুই কৰি শান্তি সম্প্ৰীতিৰ বাৰ্তা বিলাইছে। যি বৰ্তমান সময়ৰ বাবে সকলোৰে বাবে এক আদৰ্শৰ হৈ পৰিছে।   
ইফালে, এগৰাকী গ্ৰাহক সংগীতা বৰাই কয়, "পৰম্পৰা অনুসৰি দেৱালীত  মাটিৰ চাকি জ্বলোৱা হয়। মই প্ৰতিবছৰে পৰম্পৰা অনুসৰিয়ে মাটিৰ চাকি জ্বলাই দেৱালী উদযাপন কৰি আহিছো। যিবোৰ চাকি মই আৰিফ ডাঙৰীয়াৰ দোকানৰ পৰা ক্ৰয় কৰি আহিছো। মই বিগত চাৰি বছৰ ধৰি আৰিফ ডাঙৰীয়াৰ দোকানৰ পৰায়ে চাকি ক্ৰয় কৰি আহিছো। কিয়নো তেওঁৰ ওচৰত চাকিৰ লগতে পূজাৰ বাবে প্ৰয়োজনীয় সকলো সমগ্ৰীয়ে পোৱা যায়। সেয়েহে তেওঁৰ দোকানৰ পৰাইয়ে মই সকলো সামগ্ৰী ক্ৰয় কৰো। মই ভাবো যে আমি সকলোৱে একত্ৰিত হৈ সমাজত জীয়াই থাকিব লাগে। হিন্দু মুছলিম বুলি আমি ইজনে আনজক ঘৃণা কৰাৰ পৰিৱৰ্তে আমি সমিল মিলেৰে থাকিব লাগে।"   
বিগত বছৰৰ তুলনাত এইবেলি বজাৰত দেৱালীৰ সামগ্ৰীয়ে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে যোৱা বছৰ মাটিৰ চাকিৰ বিক্ৰী যথেষ্ট কমি গৈছিল। কিন্তু এইবেলি বজাৰত গ্ৰাহকৰ কিছু উৎসাহজনক সঁহাৰি দেখা গৈছে।   
 
বিভিন্ন প্ৰকাৰৰ ডেকোৰেটিভ মাটিৰ চাকি
 
ব্যৱসায় সন্দৰ্ভত  আহমেদে কয়, "বিগত বৰ্ষৰ তুলনাত এইবছৰ চাকিৰ লগতে পূজাৰ সামগ্ৰীৰ যথেষ্ট মূল্যবৃদ্ধি হৈছে। পূৰ্বে ১০০ টা চাকি ২৮০০ টকাত ক্ৰয় কৰা হৈছিল যদিও এইবেলি ৪০০০ টকাকৈ ক্ৰয় কৰিবলগীয়া হৈছে। বৰ্তমান মোৰ ওচৰত উপলব্ধ প্লেন মাটিৰ চাকি ১২ টাৰ মূল্য ২৫ টকা, ফুল অংকন কৰা চাকি ১২ টাৰ মূল্য ৩০ টকা, মধ্যমীয়া আকৃতিৰ চাকি ১২ টা ৭০ টকা, ডেকোৰেটিভ সৰু চাকি ১ টা  ২০ টকা, ডেকোৰেটিভ ডাঙৰ আকৃতিৰ ১টা ৭০-৮০ টকা, প্ৰদীপ্তবোৰ ৬০-৮০ টকা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে। আনহাতে পূজাৰ বাবে ব্যৱহাৰ হোৱা ভগৱানৰ ষ্টিকাৰবোৰ পূৰ্বে ১০ টকা আছিল বৰ্তমান ২০ টকা হৈছে আৰু ৰংগোলীৰ বাবে ব্যৱহাৰ হোৱা আবিৰৰ মূল্য প্ৰতি পেকেট ২০ টকাকৈ বিক্ৰী কৰিবলগীয়া হৈছে।