অসম চৰকাৰে জাৰি কৰিলে বিধানসভাৰ কৰ্মচাৰীৰ বাবে নতুন সাজ-পোছাকৰ নিৰ্দেশনা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
অসম বিধানসভা
অসম বিধানসভা
গুৱাহাটী
 
অসম চৰকাৰে বিধানসভাৰ কৰ্মচাৰীসকলে আনুষ্ঠানিক আৰু পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ নতুন নিৰ্দেশনা উলিয়াইছে।
 
এই নিৰ্দেশ অনুসৰি পুৰুষ কৰ্মচাৰীক আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে মহিলা কৰ্মচাৰীসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি আহিব লাগিব। এই নিৰ্দেশত কৰ্মচাৰীসকলক কোৱা হৈছে যে বিধানসভা চৌহদত কৰ্তব্যৰত অৱস্থাত  জিন্স, লেগিংছ, টি-চাৰ্ট পিন্ধাৰ পৰা বিৰত থাকিব লাগিব।
 
ইয়াৰ উপৰিও যিসকল সাংবাদিকে বিধানসভালৈ বাতৰি পৰিৱেশনৰ বাবে যায় তেওঁলোককো আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিবলৈ কোৱা হৈছে৷
লক্ষণীয়ভাৱে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নির্দেশত গৃহীত এই আদেশ লিংগ নিৰ্বিশেষে অস্থায়ী মাহেকীয়া মাননিৰ বাবদ কাম কৰা কৰ্মচাৰীৰ উপৰিও দৈনিক মজুৰি আৰু নিৰ্দিষ্ট দৰমহাত কাম কৰা কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
"সকলো কৰ্মচাৰীয়ে সকলো কৰ্মদিনতে কেৱল আনুষ্ঠানিক সাজ-পোছাক (ছালৱাৰ চুট/শাৰী/মেখেলা চাদৰ, আনুষ্ঠানিক চাৰ্ট-পেণ্ট) পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব (আৰু টি-চাৰ্ট, জিন্স, লেগিংছ আদিৰ দৰে সাজ-পোছাক পৰিধান কৰিব নোৱাৰিব)," আদেশত উল্লেখ কৰিছে।
 
ইয়াত আৰু কোৱা হৈছে যে, "অসমৰ যিকোনো সম্প্ৰদায়ৰ পৰম্পৰাগত সাজ-পোছাক প্ৰতি বুধবাৰে কৰ্মচাৰীজনৰ ইচ্ছা অনুসৰি পৰিধান কৰিব পাৰিব।"
ইয়াৰ উপৰিও চৰকাৰী পদবী নিৰ্বিশেষে সকলো কৰ্মচাৰীকে বিধানসভাৰ অধিবেশনৰ সময়ত সচিবালয়ে প্ৰদান কৰা চৰকাৰী ইউনিফৰ্ম পিন্ধিবলৈ কোৱা হৈছে। আনুষ্ঠানিক অনুষ্ঠান আৰু কাৰ্যসূচীতো কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰি একেখিনি পিন্ধিব লাগিব বুলি আদেশত উল্লেখ কৰা হৈছে।
এই আদেশত সাজ-পোছাক কোড বলবৎ কৰাৰ উপৰিও কৰ্মচাৰীসকলক পুৱা ৯.৩০ বজাৰ ভিতৰত কাৰ্যালয়ত উপস্থিত হৈ বায়’মেট্ৰিক ব্যৱস্থাত উপস্থিতি চিহ্নিত কৰিবলৈও কোৱা হৈছে। কৰ্মচাৰীসকলে কেৱল কাৰ্যালয়ৰ সময়ৰ পিছত বা তেওঁলোকক আৱণ্টন কৰা চৰকাৰী কামৰ প্ৰয়োজনীয়তা আৰু অপ্ৰত্যাশিততা অনুসৰি ছাইন আউট কৰিব লাগিব।
 
ইয়াত কঠোৰভাৱে উল্লেখ কৰা হৈছে যে আদেশত উল্লেখ কৰা নিৰ্দেশনা মানি নচলা যিকোনো বিধানসভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ উপৰিও কৰ্তব্যৰ প্ৰয়োজনীয় সময়ত পূৰ্ণকালীন সেৱা আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকৰ মাহেকীয়া দৰমহাৰ পৰা যথেষ্ট অংশ কৰ্তন কৰা হ’ব।