চীনা Vs ভাৰতীয় আলোকসজ্জা; কোন জিলিকিব এইবাৰ দেৱালীত

Story by  atv | Posted by  Munni Begum • 1 Years ago
চীনা Vs ভাৰতীয় আলোকসজ্জা; কোন জিলিকিব এইবাৰ দেৱালীত
চীনা Vs ভাৰতীয় আলোকসজ্জা; কোন জিলিকিব এইবাৰ দেৱালীত
মুন্নী বেগম / গুৱাহাটী
 
পোহৰৰ উৎসৱ দিৱালীৰ সময়ত সাধাৰণতে চীনা সামগ্ৰীৰে ভাৰতৰ বজাৰ ভৰি পৰা দেখা যায়। আলংকাৰিক লাইট, চাকি, দেৱ-দেৱীৰ মূৰ্তি, গৃহ সজ্জা তথা উপহাৰৰ সামগ্ৰী, কৃত্ৰিম ফুল আদিয়ে দিৱালীৰ বজাৰত বছৰ বছৰ ধৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু এইবেলি দিৱালীৰ বজাৰত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। এইবাৰ দিৱালীৰ বজাৰত হ্ৰাস পাইছে চীনা সামগ্ৰীৰ পয়োভৰ। থলুৱা কাৰিকৰে প্ৰস্তুত কৰা সামগ্ৰীৰে উভৈনদী হৈ পৰিছে দিৱালীৰ বজাৰ। 
 
দেৱালীৰ বজাৰ সন্দৰ্ভত সদৌ অসম ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক প্রাণতোষ ৰয়ে কয়, "প্ৰতিবছৰে দিৱালীৰ বজাৰত চীনে সস্তীয়া দিৱালীৰ সামগ্ৰী যোগান ধৰি আহি আছিল। কিন্তু এইবাৰ দিৱালীৰ বজাৰত চীনে যোগান ধৰা সস্তীয়া দেৱালী সামগ্ৰীৰ আমদানি প্ৰায় ৬০ শতাংশ হ্রাস পাইছে। লক্ষণীয়ভাৱে নেপাল, কলকাতা, দিল্লী হৈ চীনৰ পৰা আমদানিকৃত সস্তীয়া সামগ্ৰীবোৰ গুৱাহাটীৰ বজাৰলৈ আহি আছে। কিন্তু এইবেলি চীনৰ সামগ্ৰীৰ চাহিদা পূৰ্বৰ তুলনা যথেষ্ট হ্রাস পাইছে। কিয়নো বজাৰত পৰিলক্ষিত হৈছে দেশত প্ৰস্তুত হোৱা আলোকসজ্জাৰ সামগ্ৰীৰ লগতে ফটকা তথা আতচবাজী।"  
সাধাৰণতে চীনত নিৰ্মিত আতচবাজী, আলংকাৰীক এলইডি লাইট, চাকি আৰু লেণ্টেনৰ দৰে সস্তীয়া চীনা সামগ্ৰীয়ে সৰ্বসাধাৰণ ৰাইজক আকৰ্ষিত কৰি আহিছে। দেৱালীৰ প্ৰক্‌মুহূৰ্তত ব্যৱসায়ীসকলে গ্ৰাহকৰ দৃষ্টি আকৰ্ষন কৰিবলৈ বজাৰত ভৰাই পেলাই চীনা সামগ্ৰীবোৰ। কিন্তু এইবাৰ গ্ৰাহকৰসকলে ঘৰত বনোৱা সামগ্ৰীৰ প্ৰতি আকৰ্ষণ প্ৰদৰ্শন কৰিছে।   
এগৰাকী গ্ৰাহক তপন ডেকাই কয়, "পূৰ্বে আমি দেৱালীত চীনা লাইট ক্ৰয় কৰিছিলো। কিন্তু এইবেলি বজাৰত ৰঙ বিৰঙি চীনা সামগ্ৰীৰ তুলনাত থলুৱা কাৰিকৰে প্ৰস্তুত কৰা সুলভ মূল্যৰ সামগ্ৰী যথেষ্ট দেখা গৈছে। সেয়েহে আমিও এইবাৰ দেৱালীত দেশৰ কাৰিকৰে প্ৰস্তুত কৰা সামগ্ৰীৰে উদযাপন কৰাৰ কথা ভাবিছো। মই এইবেলি চীনা লাইটৰ পৰিবৰ্তে কলিকতা, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ শিল্পীয়ে নিৰ্মান কৰা বিভিন্ন ডিজাইনৰ ডেকোৰেটিভ মাটিৰ চাকি ক্ৰয় কৰিছো আৰু থলুৱা কাৰিকৰে প্ৰস্তুত কৰা ফটকা ক্ৰয় কৰিম বুলি ভাবিছো।"
 
উত্তৰ পূবৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচীঅ বজাৰত থলুৱা শিল্পীয়ে নিৰ্মাণ কৰা মাটিৰ চাকিৰ এখন বিপণি
 
পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ দুটা দি বাকী। ক'ভিডৰ বাবে সম্পূৰ্ণ দুটা বছৰৰ অন্তত ৰাজ্যৰ বজাৰসমূহ উভৈনদী হৈ পৰিছে বিভিন্ন আলোকসজ্জা তথা আতচবাজীৰে। গ্ৰাহকৰ দৃষ্টি আকৰ্ষন কৰিবলৈ ব্যৱসায়ীসকলে লৈ আহিছে ভিন্ন ৰঙী পোহৰৰ সামগ্ৰী, ফটকা-আতচবাজী। বিদেশী সামগ্ৰীক প্ৰত্যাহ্বান জনাই গ্ৰহকৰ দৃষ্টি আকৰ্ষন কৰিছে দেশীয় সামগ্ৰীয়ে। 
এই সন্দৰ্ভত ফাঁচী বজাৰৰ এগৰাকী ব্যৱসায়ীয়ে কয়, "এইবাৰ বজাৰত চীনৰ পৰা আমদানিকৃত ভিন্ন প্ৰকাৰৰ লাইট, ফটকা, আতচবাজী, খেলনা সামগ্ৰীকক প্রত্যাহান জনাইছে দেশত নিৰ্মিত সামগ্ৰীসমূহে। গুৱাহটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ বজাৰসমূহ দখল কৰিছে দেশত নিৰ্মিত ফটকা-আতচবাজীয়ে। অসমৰ বৰপেটা, নলবাৰী জিলাৰ লগতে দক্ষিণৰ শিৱকাশী, গুজৰাট-মহাৰাষ্ট্ৰ হাৰিয়ানা-উত্তৰ প্ৰদেশ, অন্ধ্রপ্রদেশ, তামিলনাড়ু, তেলেংগানা, পশ্চিমবংগ  আদি ৰাজ্যৰ থলুৱা কাৰিকৰসকলে নিৰ্মান কৰা বিভিন্ন প্ৰকাৰ ডেকোৰেটিভ চাকি, আলোকসজ্জাৰ সামগ্ৰী, আতচবাজী আদি বজাৰ ভৰি পৰিছে। ৰাজধানী দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰা হৈছে দেশীয় ফটকা, আতচবাজী আৰু লাইটৰ বজাৰ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দীপাৱলীৰ বজাৰ নিয়ন্ত্ৰণ কৰা হৈছে ফাঁচীবজাৰৰ পৰা।" 
ফটকা সন্দৰ্ভত এগৰাকী ব্যৱসায়ী  বিশ্বজিৎ মল্ল বুজৰবৰুৱাই কয়, “মই যোৱা ২০-২৫ বছৰ ধৰি মহানগৰীৰ আমবাৰীত বৰপেটাৰ থলুৱা পৰম্পৰাগত ফটকাৰ ব্যবসায় কৰি  আহিছো। প্ৰতিবছৰে দিপাৱলীৰ এক সপ্তাহ পূৰ্বৰ পৰা মই ফটকাৰ বিপণীখন গ্ৰাহকৰ বাবে লৈ আহো। ফটকা ক্ৰয় কৰিবলৈ মহানগৰী গ্ৰাহকৰ লগতে  ৰাজ্যৰ বিভিন্ন স্থান ক্ৰমে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আদিৰ  লোকসকলে ফটকা ক্ৰয় কৰিবলৈ বিপণীলৈ আহে। প্ৰতি বছৰে ফটকা বিক্ৰী কৰি মই কমেও ১৫ লাখ টকালৈ লাভ কৰি আহিছো।" 
 
গুৱাহাটীৰ আমবাৰীত বৰপেটাৰ থলুৱা কাৰিকৰে প্ৰস্তুত  কৰা ফটকাৰ এখন বিপণি
 
ফাঁচী বজাৰৰ আন এগৰাকী ব্যৱসায়ীয়ে দুখ প্ৰকাশ কৰি কয়, "এইবেলি বজাৰত চীনা সামগ্ৰীৰ পয়োভৰ যথেষ্ট হ্ৰাস পাইছে যদিও একাংশ অসাধু ব্যবসায়ীয়ে চীনৰ পৰা আমদানিকৃত নিম্নমানৰ আৰু কম দামী সামগ্রীকে দেশত নির্মিত সামগ্ৰী বুলি গ্ৰাহকৰ ওচৰত অধিক দামত বিক্ৰী কৰি আহিছে। এইবাৰ দেৱালীৰ বজাৰত জি এছ টি, পৰিবহণ ব্যয়, প্রস্তুত ব্যয় বৃদ্ধিৰ বাবে এইবাৰ ফটকা-আতচবাজী, পোহৰৰ সামগ্ৰী, ভিন্ন প্ৰকাৰৰ চাকি, খেলনা আদি প্ৰতিবিধ সামগ্ৰীৰ মূল্য ৩০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। বিগত বৰ্ষত ৭০ টকীয়া ফটকৰ দাম এইবাৰ বিক্ৰী হৈছে ১০০ টকাত। 
 
গনেশগুৰিৰ এখন বিপণিত বিভিন্ন প্ৰকাৰৰ ৰং বিৰঙি পোহৰৰ সামগ্ৰী
 
আনহাতে, আলোকসজ্জা, প্লাষ্টিকৰ মালা আদিৰ মূল্যও ৩০ শতাংশলৈ বৃদ্ধি পাইছে বুলি ব্যৱসায়ীগৰাকীয়ে মন্তব্য কৰিছে। তেওঁ কয় যে, বৰ্তমান এল ই ডি লাইট, শিশুৰ খেলৰ সামগ্ৰী আদিৰ মূল্যও ৩০-৪০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। বৰ্তমান বজাৰত উপলব্ধ বিভিন্ন ডিজাইনৰ চাকিৰ দাম ক্ৰমে সৰু আকৃতিৰ চাকি ১০ টকা, ডাঙৰ আকৃতিৰ ৪০ টকা পৰ্যন্ত। ইয়াৰোপৰি শঙ্খ আকৃতিবোৰ ১৬০ টকা, গণেশ ১৫০ টকা, ময়ূৰ ২০০ টকা, গছৰ পাত ১৭০ টকা, থাল ১২০- ৩৮০ টকা, ফল্ডিং ষ্টেণ্ড চাকি ৫৫০ টকা পৰ্যন্ত।"