ভাড়া বৃদ্ধি হল চিটি বাছৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ভাড়া বৃদ্ধি হল চিটি বাছৰ
ভাড়া বৃদ্ধি হল চিটি বাছৰ
গুৱাহাটী
 
এতিয়াৰে পৰা চিটি বাছত উঠিলেই যাত্রীয়ে বাধ্যতামূলকভাবে ১০ টকা ভাড়া আদায় দিব লাগিব। মহানগৰীত চলাচল কৰা চিটি বাছসমূহৰ যাত্ৰীভাড়া সৰ্বাধিক ৩০ টকালৈ বৃদ্ধি কৰা হৈছে। 
 
জিলা পৰিবহণ কার্যালয়ে চিটি বাছৰ মালিক কৰ্মচাৰীক বৰ্ধিত হাৰত ভাড়া আদায় লোৱাৰ অনুমতি প্ৰদান কৰিছে। পৰিবহণ কর্তৃপক্ষই যোৱা ১৪ ছেপ্টেম্বৰত আৰ টি এ/কে/এফ এ আৰ ই/০২/২৭-পি-১১/১৯৭৮ নম্বৰৰ এক অধিসূচনাৰ জৰিয়তে ভাড়া বৃদ্ধিৰ বাবে চিটি বাছ সংস্থা তথা মালিক, চালক আৰু হেণ্ডিমেনক অনুমতি প্ৰদান কৰিছে। 
অধিসূচনা অনুসৰি চিটি বাছত উঠিলেই যাত্রীয়ে ০-৫ কিলোমিটাৰত ১০ টকা ভৰিব লাগিব। তদুপৰি প্ৰতি ৪ কিলোমিটাৰৰ ব্যৱধানত যাত্ৰীয়ে ৪-৫ টকাকৈ অতিৰিক্ত ভাড়া আদায় দিব লাগিব। ২১-২৫ কিলোমিটাৰ যাত্ৰা কৰা লোকে ভৰিব লাগিব ৩০ টকা। ইফালে ২৫ কিলোমিটাৰৰ পিচৰে পৰা প্রতি কিলোমিটাৰত এটকাকৈ ভাড়া বৃদ্ধি হ'ব। 
উল্লেখযোগ্য যে কৰোনা কেন্দ্রিক জটিল পৰিস্থিতিয়ে সৃষ্টি কৰা লকডাউনৰ পিচৰে পৰা মহানগৰীৰ প্ৰতিখন চিটিবাছে যাত্রীৰ পৰা অত্যধিক হাৰত ভাড়া আদায় লৈ আহিছে। চিটি বাছৰ চালক-হেণ্ডিমেনে নিজ মর্জিত ভাড়া বৃদ্ধি কৰাক কেন্দ্ৰ কৰি প্ৰায়ে যাত্ৰীসকলে অসন্তুষ্টি ব্যক্ত কৰি আহিছে। আনকি অতিৰিক্ত হাৰত ভাড়া বৃদ্ধিক লৈ বহু সময়ত চিটি বাছৰ কণ্ডাক্টৰৰ সৈতে যাত্রীয়ে তর্কাতর্কিত লিপ্ত হোৱা দেখা গৈছিল। কিন্তু চিটি বাছ কর্তৃপক্ষই ভাড়া বৃদ্ধি কৰা কাৰ্যত এতিয়া হাত উজান দিলে খোদ পৰিবহণ বিভাগে। চিটি বাছ সংস্থাসমূহে নিজ মর্জিত বৃদ্ধি কৰা ভাড়াকে জিলা পৰিবহণ কার্যালয়ে বৈধতা প্রদান কৰিছে।