আজিৰ পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

Story by  atv | Posted by  Munni Begum • 1 Years ago
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
গুৱাহাটী
 
ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নৈ-উপনৈ সমূহৰ জল স্তৰ বৃদ্ধি হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বিপদসীমা অতিক্ৰম কৰাৰ বাবে দেওবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ কৰাৰ নিৰ্দেশ জাৰি জিলা প্ৰসাশনে।
 
এক সুত্ৰই প্ৰকাশ কৰা মতে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বিপদসীমাৰ অতিক্ৰম কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহন বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। 
সুত্ৰটোৱে লগতে কয় যে, ফেৰী সেৱা বন্ধ নকৰিলে প্ৰাণৰ সংশয় আহি পৰে ফেৰী যাত্ৰী সকলৰ বাবে। কিয়নো বৰ্তমানে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ বাবে সকলোফালে বানৰ সংহাৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নৈ-উপনৈ সমূহো পানীৰে উপচি পৰিছে। প্ৰতিদিনেই বাঢ়নি পানীত পৰি কেইবা গাৰকী লোকৰ মৃত্যুৰ হৈছে। যাৰ বাবেই প্ৰসাশনে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি ফেৰী সেৱা বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে।
এতিয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰা কৰিবলৈ একমাত্ৰ সংযোগ স্থল হৈছে শৰাইঘাটৰ দুয়োখন দল। কেৱল স্থল পথেৰেই এতিয়া উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ হব গুৱাহাটী মহানগৰীৰ।