আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী আৰু গ্লেমাৰ গুৱাহাটীৰ বাণিজ্য মেলাত

Story by  atv | Posted by  Munni Begum • 1 Years ago
আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী আৰু গ্লেমাৰ  গুৱাহাটীৰ বাণিজ্য মেলাত
আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী আৰু গ্লেমাৰ গুৱাহাটীৰ বাণিজ্য মেলাত
আৰিফুল ইছলাম / গুৱাহাটী
 
দেশ-বিদেশৰ ৰং-বিৰঙী সা-সামগ্ৰী আৰু সুস্বাদু খাদ্য সামগ্ৰীৰ মেটমোৰা সম্ভাৰ লৈ পুনৰ আহিছে আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ৩০ ছেপ্তেম্বৰৰ পৰা চলি থকা ২৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত এইবাৰ মুখ্য আকৰ্ষণ হৈ পৰিছে সুদূৰ ইৰাণ, আফগানিস্তান আৰু ইউৰোপৰ পৰা অহা বিপনী।
 
ইউৰোপৰ গহনা, আফগানিস্তানৰ ড্ৰাই ফ্ৰুইটছ, ইৰাণৰ মৌ, গহনা, খেজুৰে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইউৰোপ, আফগানিস্তানৰ বিপনীৰ ব্যৱসায় ভাল হৈছে যদিও ইৰাণৰ বিপনীত গ্ৰাহকৰ ভিৰ উৎসাহজনক নহয়। ইৰাণৰ প্ৰাকৃতিক মৌৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলেও অধিক দামৰ ফলত গুৱাহাটীৰ গ্ৰাহকে ইয়াক ক্ৰয় কৰা নাই বুলি ধাৰণা কৰা হৈছে।
 
 
ইফালে, ইউৰোপৰ গহনা লৈ গুৱাহাটীৰ বাণিজ্য মেলালৈ অহা ব্যৱসায়ী চাহিলে কয়; "মই প্ৰথমবাৰ গুৱাহাটীত ইউৰোপৰ গহনা লৈ আহিছোঁ। মানুহে ভাল পাইছে। আমাৰ গহনাৰ মূল বৈশিষ্ট্য হৈছে, ইয়াৰ ৰং সলনি নহয় বা উঠি নাযায়। আঙুঠি, কাণফুলি, ব্ৰেছলেট, খাৰু, নেকলেছ আদি ইয়াত উপলব্ধ। গ্ৰাহকে এইবোৰ ভাল পায়। ইয়াৰ আগতে দিল্লী, গুড়গাঁও, নয়দা আদি ঠাইতো গ্ৰাহকৰ ভাল সঁহাৰি লাভ কৰিছোঁ। আমাৰ গহনাৰ বিশেষত্ব হৈছে, ভাৰতবৰ্ষত ই সম্পূৰ্ণৰূপে নতুন। মানুহে নতুন বস্তু সদায় ভাল পাই। আমাৰ ইয়াত বিভিন্ন ধৰণৰ ষ্ট'ন আছে যেনে গাৰনেট, এমৰোড, ৰুবি আদি। গ্ৰাহকে ভাল পোৱাৰ আন এটা কাৰণ হ'ল, আমাৰ গহনা কম মূল্যত পোৱা যায়। আমাৰ গহনাৰ নূন্যতম মূল্য ২৫০ টকা আৰু সৰ্বাধিক ৯০০০ টকা। গুৱাহাটীত আহি বহুত ভাল লাগিছে। ইয়াৰ পৰিবেশ যথেষ্ট ভাল আৰু মানুহবোৰ বহুত মৰমিয়াল।"
ইৰাণৰ পৰা অহা ব্যৱসায়ী চফাৰ নুৰে কয়; "দ্বিতীয়বাৰৰ বাবে আমি গুৱাহাটীলৈ আহিছোঁ। আমি ইয়াত ইৰাণী গহনা, ৰূপ, মৌ, কেছৰ, খেজুৰ আৰু বেগ আদি বিক্ৰী কৰি আছোঁ। এইবোৰ ইৰাণত যথেষ্ট জনপ্ৰিয়। কিন্তু ইয়াত আমি ভবাৰ দৰে গ্ৰাহক পোৱা নাই। আমাৰ সামগ্ৰীবোৰ যিহেতু সম্পূৰ্ণ প্ৰাকৃতিক গতিকে গ্ৰাহকে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ বিচাৰে। খেজুৰ, কেছৰ, মৌ, গহনা আদি গ্ৰাহকে বিচাৰে। আমাৰ খেজুৰ আৰু মৌ সম্পূৰ্ণ প্ৰাকৃতিক আৰু চুগাৰ ফ্ৰী। তিনি প্ৰকাৰৰ মৌ আমাৰ ইয়াত উপলব্ধ যেনে, বিশুদ্ধ মৌ, কেছৰ মৌ আৰু নাটছ। মৌৰ নূন্যতম মূল্য ৪০০ টকাৰ পৰা সৰ্বোচ্চ মূল্য ১৫০০ টকালৈ আছে। গহনাৰ ভিতৰত আমাৰ টাইটানিয়াম, ৰূপ, গল্ড প্লেটনাম আৰু অন্যান্য। গহনাৰ নূন্যতম মূল্য ৫০০ টকাৰ পৰা ১০০০০ টকা পৰ্যন্ত। গ্ৰাহকে ষ্ট'ন আৰু ৰূপৰ গহনা বেছি ভাল পায়।"
আফগানিস্তানৰ ড্ৰাই ফ্ৰুইটছ ব্যৱসায়ী হাচিম আলাই কয়; "আমাৰ সকলোবোৰ সামগ্ৰী আফগানিস্তানৰ হয়। সকলোবোৰ প্ৰাকৃতিক ড্ৰাই ফ্ৰুইটছ। আমাৰ সামগ্ৰীৰ চাহিদা সমগ্ৰ পৃথিৱীতে আছে। বিগত ৯-১০ বছৰৰ পৰাই আমি ভাৰত তথা মধ্যপ্ৰাচ্যৰ দেশসমূহত ড্ৰাই ফ্ৰুইটছ যোগান ধৰি আহিছোঁ। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত আমি বিগত ৮ বছৰ ধৰি আহি আছোঁ। বিগত দুটা বছৰ ক'ভিডৰ বাবে বাণিজ্য মেলা অনুষ্ঠিত হোৱা নাছিল। সেয়ে, এইবাৰ গ্ৰাহকৰ সমাগত বৃদ্ধি পাব বুলি আশা কৰিছো। আমাৰ ইয়াত আফগানিস্তানত পোৱা সকলোবোৰ ড্ৰাই ফ্ৰুইটছ উপলব্ধ। নূন্যতম ১২০০ টকাৰ পৰা সৰ্বোচ্চ ৮০০০ টকালৈ আমাৰ ড্ৰাই ফ্ৰুইটছ আছে।"
 
আফগানিস্তানৰ ড্ৰাই ফ্ৰুইটছ আৰু ইৰাণৰ মৌ
 
উল্লেখযোগ্য যে বিগত দুটা বছৰ ধৰি ক'ভিডৰ প্ৰাদুৰ্ভাৱৰ বাবে বাণিজ্য মেলাখন অনুষ্ঠিত হোৱা নাছিল। দুটা বছৰৰ অন্তত এইবাৰ ব্যাপক উৎসাহেৰে মেলাখন আয়োজন কৰা হৈছে আৰু ইয়াক ক'ভিড যোদ্ধাসকলৰ নামত উচৰ্গা কৰা হৈছে। আনহাতে, ২৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত উত্তৰ-পূৱৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভ্ল'গাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সম্ভৱত ই দেশৰ ভিতৰতে সৰ্বপ্ৰথম হ'ব। নিজস্ব ইউটুব ভ্ল'গাৰসকলে এই প্রতিযোগিতাত অংশ ল'ব পাৰিব আৰু তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাক লৈ একোটাকৈ ভিডিঅ' বনাই নিজস্ব ইউটিউব চেনেলত আপলোড কৰিব লাগিব।
 
ইউৰোপৰ অলংকাৰ
 
ইতিমধ্যে, বহু ভ্ল'গাৰে নিজৰ নিজৰ ভিডিঅ' প্ৰেৰণ কৰিছে বুলি বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। এটা বিচাৰকৰ দলে এই প্রতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ বিজয়ীক বাছনি কৰিব। প্ৰথম আৰু দ্বিতীয় বিজয়ীক উদ্যোক্তাসকলে ক্রমে ২০,০০০ টকা আৰু ১০,০০০ হাজাৰ টকাৰ নগদ ধনৰাশি আগবঢ়াব।