পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Story by  atv | Posted by  Munni Begum • 1 Years ago
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
গুৱাহাটী 
 
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বুধবাৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ২০২১-২২ পৰ্যটন বৰ্ষ সমাপ্ত ঘোষণা কৰিছে। 
 
২০২১-২২ পৰ্যটন বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে মুঠ ২৫৫৬৭৬ গৰাকী পৰ্যটকে। ইয়াৰে ভিতৰত ১৬৮৭ গৰাকী বিদেশী পৰ্যটকে  কাজিৰঙাৰ মনোমোহা দৃশ্য দৰ্শন কৰিছে। 
 
পূৰ্বৰ সকলো অভিলেভ ভংগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ২০২১-২২ পৰ্যটন বৰ্ষত সৰ্বমুঠ ৬,২৪,০৮,৬৫৪ টকা ৰাজহ সংগ্ৰহ কৰিছে ।