জীৱন্ত ৰাস প্ৰদৰ্শন হব নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত

Story by  atv | Posted by  Munni Begum • 1 Years ago
জীৱন্ত ৰাস প্ৰদৰ্শন হব নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত
জীৱন্ত ৰাস প্ৰদৰ্শন হব নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত
গুৱাহাটী 
 
মৃন্ময় মূর্তিপ্রধান নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত এইবেলি জীৱন্ত ৰাসো প্ৰদৰ্শন কৰা হ'ব। ১১ ৰ পৰা ১৮ নৱেম্বৰলৈ গুজৰাট, মথুৰা, মণিপুৰ আৰু অসমৰ শিল্পীয়ে প্রত্যেকে দুদিনকৈ আঠ দিন জীৱন্ত ৰাস প্ৰদৰ্শন কৰিব বুলি হৰি মন্দিৰ সমিতিয়ে জানিবলৈ দিছে। এইবেলি বলিউডৰ এগৰাকী প্রখ্যাত অভিনেত্ৰীয়েও ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি  জানিব পৰা গৈছে।
 
উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰি মন্দিৰত ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদ্‌যাপিত হৈ আহিছে ৰাস মহোৎসৱ। এইবেলি ৮৯ সংখ্যক ৰাস মহোৎসৱ অহা ৭ নৱেম্বৰৰ পৰা ১৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছে। ইপিনে হৰি মন্দিৰৰ মূল চৌহদত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ সৌজন্যত গ্রন্থমেলা।  
ৰাস মহোৎসৱ সমিতিৰ সহকাৰী সম্পাদক তথা গ্রন্থমেলাৰ তত্ত্বাবধায়ক পংকজ বৰ্মনে জানিবলৈ দিয়ামতে ৮ ৰ পৰা ১৯ নৱেম্বৰলৈ চলিবলগীয়া গ্রন্থমেলাত প্রায় ৪০ খন ষ্টল থাকিব। ইতিমধ্যে ৰাজ্যখনৰ ২৫-৩০ টা আগশাৰীৰ গ্ৰন্থ প্রকাশন প্রতিষ্ঠানে অংশগ্রহণ কৰিব। যদি কোনো লেখকে গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন কৰিব বিচাৰে তেনেহলে তত্ত্বাবধায়ক পংকজ বৰ্মনৰ ম'বাইল নম্বৰ (৯৪৩৫৪-০৭৩৮৫)ত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। 
স্থানীয় বিধায়ক, কেবিনেট মন্ত্ৰী তথা ৰাস মহোৎসৱ সমিতিৰ সভাপতি জয়ন্তমল্ল বৰুৱাই বিভিন্ন নতুন নতুন উপাদান সংযোজন ঘটাই এখন জাকত জিলিকা ৰাস উদযাপনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। বিধায়কগৰাকীয়ে নিশাৰ ভাগলৈ কেইবাখনো প্রস্তুতি সভাত ভাগ লৈ ৰাস মহোৎসৱৰ অগ্ৰগতিৰ বুজ লয়। 
ৰাস মহোৎসৱ সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়ামতে এইবেলি প্রায় ৩৫ খন ষ্টলত মৃন্ময় মূৰ্তি সংস্থাপিত কৰা হ'ব। ইয়াৰে ভিতৰত ৯ খন ষ্টলত বিদ্যুৎ চালিত মূৰ্তি, বৃহদাকাৰ নৌকা বিহাৰ, ৯ টা বৃহৎ আকাৰৰ মূৰ্তি, প্রায় ২০ ফুট ওখ কালীয় দমনৰ মূর্তি থাকিব। লগতে গণেশ মন্দিৰ চ'কৰ পৰা হৰি মন্দিৰৰ চ'কলৈ পথৰ মাজে মাজে বিভিন্ন মৃন্ময় মূর্তি থাকিব। 
এইবেলি ৰাসত বৰদৈচিলা, ইতিহাস, ৰাজতিলক, ৰাজমুকুট, হেঙুল, বৃন্দাবন, সূর্য থিয়েটাৰে নাট প্রদর্শন কৰিব। ৰাস উপলক্ষে নলবাৰী চহৰত ১৫ খন বৃহদাকাৰৰ বিদ্যুৎচালিত তোৰণৰ ব্যৱস্থা কৰা হৈছে।