গুৱাহাটীত আকাশচুম্বী অট্টালিকা সজা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 1 Years ago
গুৱাহাটী মহানগৰীৰ ৰাজপথত কাম বিচাৰি অপেক্ষা কৰি থকা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গোট
গুৱাহাটী মহানগৰীৰ ৰাজপথত কাম বিচাৰি অপেক্ষা কৰি থকা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গোট
আৰিফুল ইছলাম / গুৱাহাটী
 
সূৰ্য উঠাৰ লগে লগেই আৰম্ভ হয় তেওঁলোকৰ কষ্টভৰা জীৱন যাত্ৰা। জীৱন-জীৱিকাৰ কোনো নিশ্চয়তা নাই। তথাপি, কাহিলী পুৱাতে কামৰ সন্ধানত ওলাই আহে তেওঁলোক। দিনটো হাড় ভগা শ্ৰম কৰি তেওঁলোকে পেটৰ ভাত মোকলাই, পৰিয়ালৰ ভৰণ-পোষণ কৰে আৰু সন্তানৰ সু-শিক্ষাৰ সপোন দেখে। 
 
গুৱাহাটীৰ বিভিন্ন স্থানত পুৱাৰ ভাগত গোট খাই থকা এই লোকসকল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কামৰ সন্ধানত মহানগৰীলৈ অহা প্ৰব্ৰজনকাৰী শ্ৰমিক। আপুনি-মই বাস কৰা সু-উচ্চ অট্টালিকাটো গঢ় দিয়াত বা অন্য কোনো জটিল ঘৰুৱা কাম সম্পন্ন কৰাত তেওঁলোকৰ থাকে মুখ্য ভূমিকা। 
 
 
নিজৰ ঘৰ এৰি বহু দূৰত কাম কৰাৰ উদ্দেশ্য ওলাই আহে এই শ্ৰমিকসকল। গুৱাহাটী বা অন্য ডাঙৰ চহৰত যিকোনো কষ্টকৰ কামৰ বাবে এওঁলোকক বিচৰা হয়। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাংশই ৰাজমিস্ত্ৰী আৰু মিস্ত্ৰীৰ সহায়ক। ইয়াৰে কিছু সংখ্যকে কাম কৰে ঠিকাদাৰ বা বিল্ডাৰৰ অধীনত আৰু আনকিছু সংখ্যকে  গুৱাহাটীত ভাড়াঘৰত থাকি ব্যক্তিগত ভাবে কাম কৰে।
প্ৰতিদিনেই এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হয়। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ভিতৰত একাংশই বিল্ডাৰ বা কোনো ঠিকাদাৰৰ অধীনত কাম কৰে যদিও অধিকাংশই কিন্তু দৈনিক কাম কৰিব নাপায়। এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাংশই গুৱাহাটীৰ যিকোনো অঞ্চলত ভাড়াঘৰ লৈ থাকে আৰু ৰাতিপুৱা কোৰ, বেলছা আৰু অন্য সা-সঁজুলি লৈ গুৱাহাটীৰ ভূতনাথ, হাটীগাঁও চাৰিআলি, জুৰোড তিনিআলি, ছয়মাইল আদি ঠাইত একগোট হৈ ৰৈ থাকে। পুৱা কোনো ঠিকাদাৰে ঘৰ বন্ধা কাম বা অন্য লোকে ঘৰুৱা কামৰ বাবে শ্ৰমিক বিচাৰি আহে আৰু প্ৰয়োজন অনুসৰি তেওঁলোকৰ মাজৰ পৰা ২-৩জন শ্ৰমিকক লৈ যায়। তেওঁলোকৰ মাজৰ অধিকাংশই পুৱাৰ পৰা কামৰ বাবে অপেক্ষা কৰি অৱশেষত কাম নাপাই হতাশ মনে ভাড়াঘৰলৈ ঘূৰি যায়।
আৱাজ দ্য ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুৱাহাটীত ঠিকাদাৰ অধীনত কাম কৰি থকা শ্ৰমিক মহিবুল হকে কয়; মই ১০ বছৰ ধৰি ঠিকাদাৰ অধীনত ৰাজমিস্ত্ৰীৰ কাম কৰি আছোঁ। মোৰ ঘৰ ধুবুৰীত। আমাৰ কোনো নিৰ্দিষ্ট স্থান নাই, য'তেই ঠিকাদাৰৰ কাম চলিব আমি যাব লাগিব। অসমৰ বিভিন্ন ঠাইত আমি ডাঙৰ ডাঙৰ বিল্ডিং বা এপাৰ্টমেণ্ট নিৰ্মাণৰ কাম কৰোঁ। ৰাতিপুৱা ৮ বজাৰ পৰা আমি কাম আৰম্ভ কৰি সন্ধিয়া ৫ টা বজাত সামৰণি কৰোঁ। বৰ্তমান আমি ইয়াত ১০ গৰাকী শ্ৰমিক আছোঁ আৰু আমাৰ লগত মহিলাও আছে তেওঁলোকে আমাৰ সহায়ক হিচাপত কাম কৰে।"
 
এগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে অট্টালিকা নিৰ্মান কৰি থকা দৃশ্য
 
প্ৰব্ৰজনকাৰী শ্ৰমিকৰ অধিকাংশই ৰাজমিস্ত্ৰী আৰু মিস্ত্ৰীৰ সহায়ক হিচাপত কাম কৰে। ডাঙৰ ডাঙৰ অট্টালিকা সঁজাত প্ৰধান ভূমিকা তেওঁলোকৰ বুলিয়ে ক'ব পাৰি। নিজৰ ঘৰৰ পৰা বহু দূৰ আহি বহু কষ্টৰ কাম কৰে এই শ্ৰমিকসকলে। ঠিকাদাৰৰ অধীনত হাজিৰা কৰাৰ বাবত এজন ৰাজমিস্ত্ৰীয়ে লাভ কৰে ৫০০ টকা আৰু সহায়কজনে অৰ্জন কৰে ৩৫০ টকা। আনহাতে ব্যক্তিগত ভাবে কাম কৰাৰ বাবদ এজন মিস্ত্ৰীয়ে ৭০০ আৰু মিস্ত্ৰীৰ সহায়কে ৫০০ টকা লাভ কৰে। ঠিকাদাৰৰ অধীনত কাম কৰি বহু শ্ৰমিকক কষ্টৰ ধন সময়মতে নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে প্ৰব্ৰজনকাৰী শ্ৰমিকজকলে।
"মই বহু বছৰ ধৰি এনেকৈ কাম কৰি আছো। গুৱাহাটীত কাম কৰা মোৰ প্ৰায় ২ মাহ হ'ল। কষ্ট হয় কামত, কিন্তু কষ্ট হলেওটো উপায় নাই। কামটো কৰিবই লাগিব। এই উপাৰ্জনেৰে মই মোৰ পৰিয়াল পোহপাল দি আছোঁ। মোৰ লৰা-ছোৱালীও আছে আৰু সিহঁত বৰ্তমান পঢ়ি আছে। আমি সাধাৰণতে বিল্ডিংৰ সকলো কামেই কৰোঁ। পাইলিংৰ পৰা প্লাষ্টাৰলৈকে কৰোঁ। গতিকে ঠিকাদাৰেও কামৰ সময়ত আমাকে বিচাৰে", গুৱাহাটীৰ এটা এপাৰ্টমেণ্ট নিৰ্মাণ কৰি থকা শ্ৰমিক বদিৰুল হকে কয়।
টকাৰ অভাৱত কিছুসংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকে নিজৰ সোণালী শৈশৱ জ্বলাঞ্জলি দিবলগীয়া হয়। শৈশৱত খেলা-ধূলা কৰা বয়সত পৰিয়াল পোহপালৰ গুৰু দায়িত্ব ল'বলগীয়া হৈছে এই শ্ৰমিকসকলৰ কিছুসংখ্যক যুৱকে। যাৰ ফলত মাক-দেউতাকৰ চকুৰ আগৰ পৰা বহুদূৰ গুচি আহি কাম কৰিবলৈ লয় এইসকল যুৱকে। যিটো সময়ত অন্য যুৱক-যুৱতীয়ে উচ্চতৰ মাধ্যমিক বা মহাবিদ্যালয় পৰ্য্যায়ত পঢ়ি নিজকে ডাঙৰ মানুহ কৰি তোলাৰ প্ৰতিযোগিতা অব্যাহত ৰাখে সেই সময়তে প্ৰব্ৰজনকাৰী বহু যুৱ-শ্ৰমিকে পেটৰ ভাতমুঠিৰ চিন্তা কৰি কাম কৰিবলৈ ওলাই আহে।  
 
এগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকে খাদ্য প্ৰস্তুত কৰি থকা এক দৃশ্য
 
২২ বছৰীয়া যুৱ শ্ৰমিক আশ্রাফুল হকে আৱাজ দ্য ভইচৰ আগত কয়; "মই প্ৰায় ৬ বছৰ আগৰ পৰা শ্ৰমিকৰ কাম আৰম্ভ কৰিছোঁ। পঢ়া-শুনা কৰিবৰ মন আছিল কিন্তু ঘৰত থকা বেমাৰী মা-দেউতা আৰু ভাইটি-ভন্টিক পোহপাল দিবৰ বাবে কাম কৰিবলগীয়া হ'ল। বিল্ডিঙৰ কামত যথেষ্ট কষ্ট হয়, কিন্তু কি কৰিব উপায় নাই। বিল্ডিঙৰ তলৰ কামত আটাইতকৈ বেছি কষ্ট হয়। পাইলিং কৰোঁতে যথেষ্ট কষ্ট হয়।"
শ্ৰমিকসকলক চোৱাচিতা কৰা মহৰী য়াকুব আলীয়ে কয়; "এই শ্রমিকসকলে প্ৰায় সৰুৰে পৰা কষ্ট কৰি আহিছে। এপাৰ্টমেণ্ট বা ডাঙৰ ডাঙৰ বিল্ডিঙৰ কাম বহু কষ্টকৰ। সকলো মানুহে এই কামটো কৰিব নিবিচাৰে বা কৰিব নোৱাৰে। বিশেষকৈ মিঞা জনগোষ্ঠীৰ লোকেই এই কামৰ সৈতে জড়িত হৈ থাকে। কাৰণ এই নিৰ্দিষ্ট মানুহখিনিয়ে যথেষ্ট কষ্ট কৰিব পাৰে। এওঁলোকে যথেষ্ট ৰিস্ক লৈ পাইলিং বা বিল্ডিংৰ কাম কৰে। সেইবাবেই হয়তো ঠিকাদাৰ বা বিল্ডাৰসকলে এই শ্ৰমিকসকলকে বিচাৰে। কিছু শ্ৰমিকৰ আমাৰ লগত যোগাযোগ থাকে আৰু কিছু সংখ্যকে কাম বিচাৰি আহে। আমি সেই হিচাপত তেওঁলোকক কামত নিযুক্ত কৰোঁ।"
পুৱাৰ ভাগত হাতীগাঁও চাৰিআলিত কামৰ বাবে অপেক্ষা কৰি থকা শ্ৰমিক চেহনাজ পাৰবীনে কয়; "সদায় পুৱা ৭ বজাৰ পৰা আমি ইয়াত কামৰ বাবে ৰৈ থাকো। কিন্তু, সদায় কাম নাপাওঁ। কাম নাপালে ৯ বজাত ভাড়াঘৰলৈ উভতি যাওঁ। প্ৰায় ৮০০ ৰ পৰা ১০০০ মানুহে ইয়াত কামৰ বাবে অপেক্ষা কৰে। অধিকাংশ মানুহে কাম নাপাই ঘূৰি যাবলগীয়া হয়। শ্ৰমিক বিচাৰি ইয়ালৈ মানুহ আহে আৰু যাক যিমানজন প্ৰয়োজন হয় সেইমতে তেওঁলোকে কামৰ বাবে লৈ যায়। কাম নাপালে আমাৰ বহুত অসুবিধা হয়, অত্যাৱশ্যকীয় সামগ্ৰী দিনে দিনে দাম বৃদ্ধি হৈ গৈছে আৰু ভাড়াঘৰৰ ভাড়াও দিব লাগে।"
 
প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ নিম্নমানৰ থকা ব্যৱস্থা
 
জীৱন আৰু জীৱিকাৰ কোনো নিশ্চয়তা নাথাকিলেও এইদৰে কঠোৰ পৰিশ্ৰম কৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে গুৱাহাটীত নিৰ্মাণ হৈ থকা অধিকাংশ ঘৰ-অট্টালিকা আৰু আন্তঃগাথনিৰ কাম সম্পূৰ্ণ হৈ উঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে।