লক্ষ্মী পূজাৰ সপ্তাহজোৰা অনুষ্ঠানত মুছলমান লোকৰ অংশগ্ৰহণ

Story by  atv | Posted by  Munni Begum • 1 Years ago
 লক্ষ্মী পূজাৰ সপ্তাহজোৰা অনুষ্ঠানত মুছলমান লোকৰ অংশগ্ৰহণ
লক্ষ্মী পূজাৰ সপ্তাহজোৰা অনুষ্ঠানত মুছলমান লোকৰ অংশগ্ৰহণ
মনোজ কুমাৰ ওজা / তিনিচুকীয়া
 
বস্তুগত আৰু আধ্যাত্মিক উভয় ধৰণৰ সম্পদ আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীক আৰধানা কৰাৰ উদ্দেশ্য সমগ্ৰ ৰাজ্যতে উদযাপন কৰা লক্ষ্মী পূজাৰ সময়ত ধৰ্মীয় অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান তথা অস্থায়ী বিপণি ব্যৱসায়ত ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 
 
যোৱা দেওবাৰে নিশা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, পশ্চিমবংগ, উৰিষ্যা আৰু চুবুৰীয়া দেশ বাংলাদেশকে ধৰি উজনি আৰু নামনি অসমৰ প্ৰায় সকলো জিলাতে সপ্তাহজোৰা কাৰ্যসূচীৰে লক্ষ্মী পূজা উদযাপন আৰম্ভ কৰা হৈছে। 
তিনিচুকীয়াৰ বিছাকোপি লক্ষ্মী পূজা উদ্যাপান সমিতিৰ আয়োজক সমিতিৰ সদস্য (সাংস্কৃতিক) নবীন তন্তীয়ে পূজা সন্দৰ্ভত আৱাজ-দ্য ভইচ'ক কয়, "ৰাজ্যৰ বিশেষকৈ চাহ-বাগিচাত কেতিয়াও ধৰ্মীয় বৈষম্যই গা কৰি উঠা নাই। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে ইয়াত বহুদিনৰ পৰা ঐক্যবদ্ধভৱে বসবাস কৰি আহিছে।" 
নবীন তন্তীয়ে লগতে কয়, "আমাৰ ইয়াত হিন্দু মুছলমান উভয়ে সম্প্ৰদায়ৰ লোকে ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। সকলোৱে একত্ৰিত হৈ ব্যৱসায় কৰি আহিছে। কেতিয়াও কোনো ধৰনৰ ভেদা-ভেদে আমাৰ মাজত স্থান লব পৰা নাই। কেৱল  ইমানে নহয় খ্ৰীষ্টান, শিখ, বুদ্ধ আৰু জৈন সম্প্ৰদায়ৰ লোকসকলেও সকলো ধৰ্মীয় অনুষ্ঠানত একত্ৰিত হৈ অংশগ্ৰহণ কৰি আহিছে। কিয়নো আমি ভাৰতীয় আৰু আমি ঐক্য। আমাৰ আনন্দ আৰু দুখও একেই।" 
 
তিনিচুকীয়াৰ বিছাকোপি লক্ষ্মী পূজাত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ ভিৰ
 
ইয়াত লগতে উল্লেখ কৰিব পাৰি যে অসমত চাহ বাগিচাৰ গ্ৰাম্য বেল্টত সহজ সৰল মনৰ লোকসকলকে ধৰি বহু সংখ্যক থলুৱা মুছলমান সম্প্ৰদায়ৰ লোকো বসবাস কৰি আহিছে। হয় তেওঁলোকে চাহ বাগিচাত, চাহ কাৰখানাত তথা বাহিৰত দৈনিক মজুৰিৰ শ্ৰমিক হিচাপে কাম কৰি প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে, যদিও তেওঁলোকৰ অধিকাংশই অশিক্ষিত। কাৰণ তেওঁলোকে কেতিয়াও বিদ্যালয়লৈ যোৱাৰ সুযোগ লাভ কৰা নাই বা প্ৰাথমিক পৰ্যায়তে বিদ্যালয় এৰিছিল।  
বিশ্বনাথ জিলাৰ লক্ষ্মী পূজা মণ্ডপত দৰ্শনাৰ্থী শ্বাবানাই কয়, "কৰোনা মহামাৰীৰ বাবে ইয়াত যোৱা দুবছৰ ধৰি এক নিস্তব্ধ আৰু অসুস্থ পৰিৱেশৰ সৃষ্টি হৈছিল। আল্লাহৰ কৃপাত বৰ্তমান সকলো পূৰ্বৰ দৰে স্বাভাৱিক হৈছে। আমি ইজনে সিজনক ভালপোৱা উচিত আৰু... ইজনে সিজনক সহায় কৰিব লাগে।"  
বিহালী চাহ বাগিচাতো চাৰিদিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজা উদযাপন কৰা হৈছে। গুৱাহাটী, যোৰহাট, শিৱসাগৰ, শিলচৰৰ দৰে অসমৰ বৃহৎ চহৰবোৰতো উলহ-মালহেৰে লক্ষ্মী পূজা উদযাপন কৰা হৈছে।