নামাজে মাৰাত্মক ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে

Story by  atv | Posted by  Munni Begum • 1 Years ago
নামাজে মাৰাত্মক ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে
নামাজে মাৰাত্মক ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে
অৱাজ দ্য ভইচ / গুৱাহাটী ব্যুৰো 
 
ছালাহ অৰ্থাৎ নামাজ হৈছে মুছলমান লোকসকলে কৰা এক আধ্যাত্মিক কাৰ্যকলাপ। যি প্ৰতিগৰাকী মুছলমান ধৰ্মালম্বী লোকেই এদিনত কমেও পাঁচবাৰকৈ কৰিব লাগে। ছালাহ অৰ্থাৎ নামাজৰ আধ্যাত্মিক তাৎপৰ্য্যক লৈ প্ৰায়ে চৰ্চা কৰি অহা হৈছে যদিও ইয়াৰ শাৰীৰিক তাৎপৰ্য্যক প্ৰায়ে অৱজ্ঞা কৰা হয়। 
 
নামাজক এক প্ৰকাৰৰ ষ্ট্ৰেচিং আৰু আইছ’মেট্ৰিক কনট্ৰেকচন ব্যায়াম হিচাপে ধৰিব পাৰি। কিয়নো নামাজৰ গতিবিধিৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সমগ্ৰ শৰীৰৰ ওপৰত পৰে। নামাজে ভংগীমা উন্নত কৰে, অক্সিজেনৰ গ্ৰহণৰ মাত্ৰা বৃদ্ধি কৰে আৰু শ্বাস-প্ৰশ্বাস, তেজৰ সোঁত, অন্তঃস্ৰাৱী আৰু নিষ্কাশন তন্ত্ৰৰ কাৰ্য্য ক্ষমতা বৃদ্ধি কৰে।  
মুছলমান লোকসকলে দৈনিক পাঁচবাৰকৈ নামাজ পঢ়ে। এই পাঁচবাৰৰ পঢ়া নামাজৰ ভিতৰত আটাইতকৈ কঠিন নামাজ বুলি ফজৰ বা ৰৰাতিপুৱাৰ নামাজক কোৱা হয়। কিয়নো এই নামজৰ সময়ত বেছিভাগ মানুহে গভীৰ নিদ্ৰাত থাকে। ফজৰৰ নামাজ পঢ়াৰ বাবে যেতিয়া আজান দিয়া হয় তেতিয়া কোৱা হয় যে, আল-ছালাতু খাইৰুণ মিন আল–নাৱম যাৰ অৰ্থ হৈছে “নিদ্ৰাতকৈ নামাজ উত্তম”। 
মুছলমান লোকসকলে কেৱল এই নামাজ সম্পন্ন কৰিবলৈ পুৱতি নিশা শোৱাপাটী এৰে। অজানিতে তেওঁলোকে কেৱল ইছলামৰ এক স্তম্ভ পূৰণ কৰাতকৈও অধিক কাম কৰি আছে। কিয়নো তেওঁলোকে এই ফজৰৰ নামাজ পঢ়ি ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিছে আৰু নিজকে সুস্থ কৰি ৰখাৰ দিশে আগবাঢ়িছে। 
 
বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে এক সজাগতা অভিযান
 
আভ্যন্তৰীণ চিকিৎসাৰ এজন সু-খ্যাত চিকিৎসক শ্বেখ খালেদ এল গুইণ্ডি আৰু ডাঃ হোছাম মোৱাফীয়ে নিয়মীয়াকৈ ফজৰ নামাজ পঢ়ি কেনেদৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পৰা ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিছিল। আলোচনাত এগৰাকী জাৰ্মানৰ চিকিৎসকৰ এক উপলব্ধিয়ে মিচৰৰ চিকিৎসকসকলৰ বিশ্বাসক জোকাৰি গৈছিল আৰু তেওঁলোকক ফজৰ নামাজৰ বিষয়ে এনে কিছুমান কথা উপলব্ধি কৰোৱাইছিল যি বহু মুছলমান লোকে জনা নাছিল।    
উপলব্ধিবোৰ এনেধৰনৰ আছিল যে, ৮০% ষ্ট্ৰোক পুৱা ৮ বজাৰ ওচৰে পাজৰে হোৱাৰ প্ৰৱণতা দেখা যায়। পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে ৰাতিপুৱাৰ সময়ত ৰক্তচাপ সৰ্বাধিক হোৱাৰ প্ৰৱণতা থাকে। আমি যেতিয়া টোপনি যাওঁ তেতিয়া আমাৰ তেজৰ চলাচল দুৰ্বল হৈ যায়। যাৰ ফলত শৰীৰত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
সেয়েহে শৰীৰে নিজকে ৰক্ষা কৰাৰ বাবে শৰীৰৰ শিৰাবোৰ টান কৰি লোৱাৰ প্ৰয়োজন হয়। যাতে তেজৰ চলাচল ভাল আৰু দ্ৰুত গতিত হয়। আমি যেতিয়া টোপনি যাওঁ তেতিয়া আমাৰ শৰীৰে এক নিৰ্দিষ্ট পদাৰ্থ নিসৰণ কৰে। যিয়ে সিৰাবোৰ টান কৰি ৰখাত আৰু তেজৰ চলাচল দ্ৰুত গতিত কৰাৰ সহায় কৰে। সেয়েহে ৰাতিপুৱা ৮ বজালৈ আমাৰ শিৰাবোৰ আটাইতকৈ টান হৈ থাকে আৰু যাৰ বাবে সেই সময়ত আমাৰ ষ্ট্ৰোক হোৱাৰ প্ৰৱণতা অধিক হয়। 
 
মছজিদৰ ভিতৰত নামজ পঢ়াৰ এক দৃশ্য
 
জাৰ্মানৰ চিকিৎসক গৰাকীয়ে লক্ষ্য কৰিছিল যে মাজনিশা সাৰ পাই পুনৰ শুই থকা সকলৰ বাহিৰে সকলোৰে ক্ষেত্ৰত এনেকুৱা হয়। মাজনিশা সাৰ পোৱা লোকৰ শৰীৰত এই পদাৰ্থৰ নিসৰণ হোৱা বন্ধ হৈ যায়। সেয়ে যেতিয়া ৰাতিপুৱা ৮ বজাৰ পিছতো তেওঁলোক অতি নিৰাপদ আৰু সুস্থ  অৱস্থাত থাকে। 
মুছলমান লোকসকলৰ মাজত ফজৰৰ নামাজ পঢ়াটো অতি কঠিন বুলি এক ধাৰণা আছে। কিয়নো এই নামাজ পঢ়াৰ বাবে সকলোৱে  পুৱতি নিশা সাৰ পাই শোৱাপাটী এৰিব লাগে। কিন্তু  অধিকাংশ লোকে এইটো উপলব্ধি নকৰে যে মাজনিশা উঠিলে মাৰাত্মক ষ্ট্ৰোক হোৱাৰ পৰাও ৰক্ষা পাব পাৰি। সেয়েহে শুই থকাতকৈ ফজৰৰ নামাজ পঢ়াই উত্তম বুলি কোৱা হৈছে।  
যদি কোনো অন্য ধৰ্মৰ লোকে ষ্ট্ৰোক হোৱাৰ আশংকাত ভুগি আছে, তেন্তে তেওঁলোকে ৰাতিপুৱা ৩ বা ৪ বজাৰ ওচৰে পাজৰে সাৰ পাই ঘৰতে কিছু সময় খোজ কঢ়াটো অতি প্ৰয়োজনীয়। এনে কৰিলে তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।
 
(আজি বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে এই প্ৰবন্ধটি প্ৰকাশ কৰা হৈছে)